টিহুৰ পামৈপাৰাত ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা সম্পন্ন

0

টিহু মহকুমাৰ পামৈপাৰাত ২০২০ চনৰ শেষ দিনটোত প্ৰবীন হোমিওপ্যাথিক চিকিৎসক, সমাজকৰ্মী ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ সোঁৱৰণত এক স্বাস্থ্য সজাগতা সভা আৰু বিনামূলীয়া হোমিও চিকিৎসা সম্পন্ন হয় ৷ সুখ, দুখ, হাঁহি কান্দোনৰ মাজেৰে দেশবাসীয়ে এটা বছৰক বিদায় দিবলৈ ওলাইছে ৷ বছৰটোক বিদায় দিয়াৰ মুহুৰ্তত আজি উত্তৰবালি মধ্য ৰতনপুৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ ১৩ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা স্বাস্থ্য সজাগতা সভাখন উদ্বোধন কৰি বাকসা জিলাৰ অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বোথ্ৰাই কয় যে মানুহে জীৱনত বহু টকা অৰ্জন কৰে কিন্তু স্বাস্থ্যৰ প্ৰতি সজাগ নহয় , ফলত অৰ্জন কৰা ধনখিনি চিকিৎসাৰ নামত খৰছ কৰে ৷ টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছোচিয়েচনৰ সভাপতি অজিত কুমাৰ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত সজাগতা সভাখনত জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্যই নিজৰ বক্তব্যত কয় যে, ধলপুৱাতে খোজ কঢ়াটো মানৱ জীৱনৰ বাবে মহৌষধ স্বৰূপ ৷ প্ৰতি পৰিয়ালে শিশুকালৰ পৰাই সতি-সন্ততিক স্বাস্থ্যৰ প্ৰতি সজাগ কৰা দৰকাৰ ৷ ভাষণ প্ৰসংগত চিকিৎসক গৰাকীয়ে চকু ,কাণ,দাঁত আদিৰ লগতে সম্প্ৰতি সৰ্বত্রে বৃদ্ধি পোৱা মধুমেহ ৰোগৰ ক্ষেত্রত লবলগা সাৱধানতা আৰু প্ৰতিকাৰ সম্পৰ্কে বহলাই ব্যাখ্যা কৰে ৷ টিহু মহকুমা ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েচনৰ সম্পাদক কুমুদ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা লগতে সাংবাদিক শৈলেন বৰ্মন, শিক্ষক মাধৱ চন্দ্ৰ দাস আদিয়ে সুচাৰূভাৱে পৰিচালনা কৰা সভা খনত নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ সাধন দাসে হোমিও চিকিৎসাৰ সুফল সম্পৰ্কে বক্তৱ্য দিয়ে ৷ ডাঃ বাণীকান্ত ভট্টাচাৰ্যৰ প্ৰতিচ্ছবিত স্থানীয় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন কলিতাই বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা সভাখনৰ পিচত ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্য আৰু ডাঃ সাধন দাসে অঞ্চলটোৰ শতাধিক পুৰুষ-মহিলা-শিশুৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া হোমিও ঔষধ বিতৰণ কৰে ৷ দুয়োগৰাকী চিকিৎসকৰ এনে প্ৰশংসনীয় কাৰ্যক ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে অঞ্চলবাসী ৰাইজে ৷

Leave A Reply

Your email address will not be published.