কামৰূপ জিলাৰ বিদায়ী আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক সম্বৰ্ধনা

0

অসম চৰকাৰৰ গৃহ বিভাগে পহিলা জানুৱাৰীত এক নিৰ্দেশ যোগে কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া পাৰ্থসাৰথি মহন্তক উপ মহাপৰিদৰ্শক (ডি.আই. জি) পদলৈ পদোন্নতি দিয়াৰ পাছত আমিনগাঁওস্থিত জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সভাগৃহত তেওঁক বিদায় সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াই আঁতধৰা অনুষ্ঠানত জিলাখনৰ আৰক্ষী বিষয়াৰ লগতে থানা আৰু চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সকলে বিদায়ী আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক শৰাই , গামোছা, জাপি, ফুলৰ থোপাৰে বিপুল সম্বৰ্ধনা জনায়। আনহাতে সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত পাৰ্থসাৰথি মহন্তই জিলাখনত আৰক্ষী বাহিনীৰ মূৰব্বী হিচাপে কাম কৰাৰ অভিজ্ঞতাৰ আলোকপাত কৰে আৰু বহু আৰক্ষী থানা, চকীত অতি সীমিত সা-সুবিধাৰ মাজতো আৰক্ষীৰ লোকসকলে কাম কৰি অহা বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে ভাষণত তেওঁ ৰঙিয়াৰ মহকুমাধিপতি হিচাপে যোগদান কৰা দিনৰে পৰা ককাই – ভাই সম্পৰ্কৰ দৰে পাৰ্থসাৰথি মহন্তৰ সৈতে বিগত সময়চোৱাত আইন – শৃংখলা আৰু প্ৰশাসনিক কাম কাজ পৰিচালনা কৰা বিষয়টোৰ আলোকপাত কৰে। অনুষ্ঠানত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্তদ্বয় সত্যজিৎ বৰুৱা আৰু প্ৰশান্ত কাঠকটীয়া উপস্থিত থাকে। উল্লেখযোগ্য যে পাৰ্থসাৰথি মহন্তক ডি. আই .জিলৈ পদোন্নতি দি গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত হিচাপে বদলি কৰা হৈছে। তেনেদৰে নৱম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক হিতেশ ৰয়ক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। আনহাতে সম্বৰ্ধনাৰ পূৰ্বে জিলা আৰক্ষী বাহিনীৰ ফালৰ পৰা কাৰ্যালয়ৰ বাকৰিত বিদায়ী আৰক্ষী অধীক্ষক গৰাকীক গাৰ্ড অৱ অনাৰ দিয়া হয় ।

Leave A Reply

Your email address will not be published.