পলাশবাৰীত গৰাখহনীয়া প্ৰতিৰোধক আঁচনি পৰিদৰ্শন কৰি মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ
পলাশবাৰী সমষ্টিৰ গুইমাৰাত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান ৩২.৮২ কোটি টকীয়া অভিলাষী আঁচনিৰ নিৰ্মাণ পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। উক্ত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত স্থানীয় একাংশ লোকে জিলা উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত উপায়ুক্ত গৰাকীয়ে পলাশবাৰীত উপস্থিত হৈ জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিয়ষা আৰু ফ্লাড এণ্ড ৰিভাৰ ইৰোচন মেনেজমেণ্ট এজেঞ্চি চমুকৈ ফ্ৰেমাৰ সংশ্লিষ্ট বিষয়া সকলৰ সহিতে পলাশবাৰীৰ ঘাটত নাৱত উঠি দখলা, গুইমাৰা, চিমিনা, মকাধুজ হৈ ফটুৰীলৈ গৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধক নিৰ্মীয়মান আঁচনি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে গুইমাৰাত কিছু সময় স্থানীয় ৰাইজৰ সৈতে মতামত গ্ৰহণ কৰি জানিব পাৰে যে বিগত প্ৰায় ৮০ দিনত আঁচনি ৰূপায়ণৰ ক্ষীপ্ৰ হোৱাত সন্তোষ প্ৰকাশ কৰে। গুইমাৰাৰ পৰা মকাধুজলৈ জিঅ’ বেগ আৰু বোল্ডাৰ কেজিং আৰু পিটচিং অনুসৰি বিজ্ঞান সন্মতভাৱে ৰূপায়ণ হ’ব লগা ৩১ কোটি টকীয়া আঁচনিখনৰ বহু শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। অৱশ্যে আজি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আগত মাৰ্চৰ ভিতৰত আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰি সাংবাদিকৰ আগত তেওঁ কয় যে কিছু অভিযোগ উত্থাপিত হৈছিল যদিও পৰিদৰ্শন কালত কামৰ অগ্ৰগতি সন্তোষজনক। আঁচনিৰ কাম ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা সকলৰ লগতে ঠিকা লাভ কৰা ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লিমিটেডক নিৰ্দেশ দিয়া হৈছে। কামৰূপ জিলা উপায়ুক্ত গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত গুণমনি ৰায় চৌধুৰী, ফ্ৰেমাৰ প্ৰযুক্তি বিভাগৰ কাৰ্যবাহী বিষয়া ৰঞ্জিত ৰায় বৰুৱা, পিএমচি কনচালটেন্ট দিঠক শৰ্মা, মান নিৰুপন বিভাগৰ মুখ্য বিষয়া আই ভি বুঢ়াগোহাঁই, ডিজাইন বিভাগৰ সঞ্চালকদীপ পেগু, পলাশবাৰী টাউন প্ৰ’টেকচনৰ অধীক্ষক অভিযন্তা প্ৰণব দাস, পলাশবাৰী- গুমী মথাউৰি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব বৰা, সহকাৰী অভিযন্তা দীপক তালুকদাৰ, এছডিও দ্বিপেন শৰ্মা, কনিষ্ঠ অভিযন্তা পৰমেশ্বৰ দাসকে ধৰি বহু বিষয়া উপস্থিত থাকে।