ডুগডুগীৰ নতুন শাখা মুকলি
ডিব্ৰুগড়ৰ খলিহামাৰী, আৰক্ষী চকীৰ ওচৰত আতকধুনীয়াকৈ সাজসজ্জাৰে মুকলি কৰা হয় ডুগডুগীৰ এটা নতুন শাখা । নতুন শাখাটিৰ মুকলি কৰে আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ফেশ্বন ডিজাইনাৰ তথা ডুগডুগী ব্ৰেণ্ড এম্বেছাদৰ গৰিমা শইকীয়া গাৰ্গে । কেইবাটাও ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পুৰস্কাৰেৰে অসমলৈ সুনাম কঢ়িয়াই অনা ডুগডুগীৰ স্বত্ত্বাধিকাৰী উৎপল বনিয়াই জনোৱামতে ইয়াৰ লগত সংগতি ৰাখি ডুগডুগীয়ে প্ৰতিটো অলংকাৰৰ ক্ষেত্ৰত 20 শতাংশ ৰেহাই দিয়াৰ লগতে একোটাকৈ গিফ্ট কুপনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও উপহাৰ কুপনৰ জৰিয়তে প্ৰতিগৰাকী বিজেতাক বিশেষভাৱে সন্মান দিয়া ব্যৱস্থা কৰা হৈছে। এই অফাৰ 20 জানুৱাৰীলৈকে থাকিব । উৎপল বনিয়া জনোৱামতে 7 দিনত পোৱা লাভৰ পাঁচ শতাংশই বৃক্ষৰূপন কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ডুগডুগীয়ে অনাথ শিশু সকলৰ বাবে সহায় আগবঢ়াব ।