আজাৰাত অৰ্দ্ধ শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকৰ বিজেপিত যোগদান
বহুতে ভবাৰ দৰে কংগ্ৰেছ দলে সংখ্যালঘুৰ বাবে কোনো উন্নয়নমূলক কাম কৰা নাই। কংগ্ৰেছ দলে সংখ্যালঘুক কেৱল ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে । তাৰ বিপৰীতে বিজেপি দলে “সব কা সাথ সব কা বিকাশ” নীতিৰে ভোটবেংকৰ ৰাজনীতিৰ উৰ্দ্ধত গৈ সকলোৰে বাবে উন্নয়নৰ কাম কৰি আহিছে । যাৰবাবে বিজেপি দলৰ এই নীতিৰ বাবে আমি দলটোত আন্তৰিকতাৰে যোগদান কৰিছো । এই মন্তব্য ৰাজ্যিক কাবাদী খেলুৱৈ আৰু গুৱাহাটী জিলা কাবাদী সন্থাৰ সাধাৰণ সম্পাদক মজিবুৰ ৰহমানৰ । পশ্চিম গুৱাহাটীৰ আজাৰা বৰুৱাপাৰাত ৭৯ আৰু ৮০ নং বুথ কমিটিৰ উদ্যোগত আয়োজিত এখন ৰাজহুৱা সভাত দলটোত যোগদান কৰি এইদৰে মন্তব্য কৰে মজিবুৰ ৰহমানে । তেওঁ কয় কংগ্ৰেছ দলৰ ভুৱা প্ৰতাৰণাৰ বিৰুদ্ধে সংখ্যালঘু লোক সকলে বুজি উঠিছে আৰু অহা তিনি- চাৰি মাহৰ পাছত হবলগীয়া বিধানসভাৰ নিৰ্বাচনত পুনৰ দিছপুৰত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হব। আনহাতে বিজেপিৰ গুৱাহাটী জিলা কমিটিৰ সদস্য তীৰ্থ মেধীয়ে আঁতধৰা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটীৰ সাংসদ কুইন ওজাই দলত যোগদান কৰা সকলোকে আদৰণি জনাই আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো সম্প্ৰদায়ৰ মহিলাৰ উন্নয়ন, সৱলীকৰণৰ বাবে কিমান আঁচনি গ্ৰহণ কৰিছে তাৰ এক চমু আভাস দাঙি ধৰে আৰু আগন্তক নিৰ্বাচনত আন আন সম্প্ৰদায়ৰ দৰে সংখ্যালঘু লোকসকলেও বিজেপি ভোটদান কৰি কংগ্ৰেছৰ ৭০ বছৰীয়াৰ প্ৰতাৰণাৰ যোগ্য প্ৰত্যুত্তৰ বুলি ব্যক্ত কৰে। সভাত বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মহন্ত, গুৱাহাটী জিলা কমিটিৰ সম্পাদক বলেশ্বৰ ৰংপী, আজাৰা গাঁও পঞ্চায়তৰ সভানেত্রী কবিতা বড়ো ৰংপী, ৭৯ নং বুথ কমিটিৰ সভাপতি মহেশ দাস, ৮০ নং বুথ কমিটিৰ সভানেত্রী দশমী মেধীকে ধৰি কেবাজনো নেতা আৰু তিনি শতাধিক কর্মী- সমৰ্থক উপস্থিত থাকে।