ভাৰতীয় পেনোৰামাৰ মূল শাখালৈ অসমীয়া চিনেমা

0

৫১ সংখ্যক ভাৰতীয় পেনোৰামাৰ মূল প্ৰতিযোগিতা শাখালৈ অসমীয়া চিনেমা ‘ব্ৰীজ’। কৃপাল কলিতা পৰিচালিত চিনেমা ‘ব্ৰীজ’ৰ পূৰ্বে এই সন্মান লাভ কৰিছিল ‘ভিলেইজ ৰকষ্টাৰ্ছ’ আৰু ‘অদাহ্য’ই। শেহতীয়াকৈ গোল্ডেন জুৰী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱতো সামাজিক বিষয়ৰ শ্ৰেষ্ঠ চিনেমা ৰ সন্মান লাভ কৰিছিল অসমীয়া চিনেমাখনে । বিশ্বৰ ১৬ খনকৈ অধিক চলচিত্ৰ সমাৰোহলৈ আমন্ত্ৰিত হোৱা ব্ৰীজ চিনেমাখনৰ শেহতীয়াকৈ প্ৰিমিয়াৰ হৈছিল অকলেণ্ড চলচিত্ৰ সমাৰোহত ।

Leave A Reply

Your email address will not be published.