ৰোৱনী-দাৱনীৰে ভৰি পৰিছে বৃহত্তৰ ৰাণী অঞ্চলৰ খেতিপথাৰ ; আন্ধেৰীজুলিত ভূঁই ৰোৱা উৎসৱ পালন

ৰাণী ,২৩ জুলাই : প্ৰকৃতিৰ চিৰাচৰিত নিয়মৰে শাওনৰ মাহ আৰম্ভ হোৱাৰ পিছত ৰাজ্যৰ খেতিপথাৰত বছৰটোৰ বাবে লখিমীক নিজ ঘৰলৈ যাতে নিব পাৰে সেই লক্ষ্যৰে কৃষক, ৰোৱনী সকল কৃষি কৰ্মত নামি পৰিছে । অৱশ্যে এইবেলি ৰাজ্যৰ বহু জিলাত বৰষুণৰ পৰিমাণ স্বাভাৱিকতকৈ প্ৰায় ৪০ শতাংশ ঘাটী হৈ থকাত ৰাজ্যৰ বেছিভাগ ঠাইতে খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। আনকি পূৰ্বতে খৰাং জনিত আৰু বানৰ পৰা তুলনামূলকভাৱে মুক্ত অঞ্চল হিচাপে সুনাম থকা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ কৃষি প্ৰধান অঞ্চল পৰিগণিত হৈ অহা বিশেষকৈ শালি ধানৰ খেতিৰ বাবে পৰিচিত বৃহত্তৰ ৰাণী অঞ্চলটো খৰাংজনিত পৰিস্থিতিয়ে কৃষক ৰাইজক কিছু অসুবিধাত পেলাইছে। ইয়াৰ মাজতে বিগত চাৰি – পাঁচদিন ধৰি অলপ অচৰপ বৰষুণ হোৱাত তাৰ সুযোগ লৈ কৃষকসকল শালিধানৰ খেতি কৰাৰ বাবে সাজু হোৱা পৰিলক্ষিত হৈছে । অৱশ্যে বৃহত্তৰ ৰাণী অঞ্চলত তুলনামূলক ভাৱে দ’ ঠাই সমূহত শাওন মাহৰ প্ৰথম দিনটোৰ পৰাই কৃষক সকল হালৰ গৰু, পাৱাৰ টিলাৰ, টেক্টৰ লৈ নামি পৰা পৰিলক্ষিত হৈছে। ইয়াৰ বিপৰীতে বাম ঠাই সমূহত বৰষুণৰ বাবে অপেক্ষা কৰিব লগা হৈছে কৃষক ৰাইজে । নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ৰাণীকে ধৰি পশ্চিম গুৱাহাটীৰ খেতিপথাৰ সমূহ ৰোৱনী-দাৱনীৰে ভৰি পৰা পৰিলক্ষিত হৈছে। এই সন্দৰ্ভত পশ্চিম গুৱাহাটীৰ কৃষি কৰ্মৰ লগত জড়িত উদ্যমী ব্যক্তি দেউছতালৰ বলেশ্বৰ ৰংপীকে ধৰি কৃষিকৰ্মত ব্যস্ত একাংশ কৃষকে জানিবলৈ দিয়া মতে পূৰ্বৰ গৰুৰ সলনি বেছিভাগতে পাৱাৰ টিলাৰ, ট্ৰেক্টৰকে ধৰি কৃষি ক্ষেত্ৰত যান্ত্ৰিক পদ্ধতিৰ বহুল ব্যৱহাৰৰ বাবে উঠি অহা নতুন প্ৰজন্মৰ বহু শিক্ষিত যুৱক কৃষি খণ্ডত নামি পৰিছে। যিটো অতি শুভ লক্ষণ। সমান্তৰালভাৱে খৰাং পৰিস্থিতিৰ মাজতো যি অলপ অচৰপ বৰষুণ হৈ আছে তাৰ সুযোগ লৈ বাম ঠাই সমূহত চলিত শাওন মাহৰ ভিতৰত শালিধানৰ খেতিৰ কামখিনি বা কঠীয়া তথা ভুই ৰুৱ পাৰিলেহে আঘোণ মাহত পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব। আনহাতে ২১ জুলাইত ৰাণীৰ কাষৰীয়া আন্ধেৰীজুলিৰ খেতি পথাৰত বলেশ্বৰ ৰংপীৰ উদ্যোগত ভূঁই ৰোৱা উৎসৱ পালন কৰা হয়। প্ৰথমতে লক্ষ্মী দেৱীক আৰাধনা কৰি এগছি ভূঁই ৰুই কেবাজনী ৰোৱনীৰ সৈতে খেতি পথাৰত ভূঁই ৰোৱা উৎসৱৰ শুভাৰম্ভ কৰা হয় । ভূঁই ৰোৱাৰ পূৰ্বে পথাৰত পাৱাৰ টিলাৰ চলাই সকলোকে আপ্লুত কৰে উদীয়মান কৃষক বলেশ্বৰ ৰংপীয়ে। ইফালে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত আৰু শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত এতিয়া পুৱাৰে পৰা সন্ধিয়ালৈ কৃষক ৰাইজৰ সীমাহীন ব্যস্ততা পৰিলক্ষিত হৈছে। সকলোৰে লক্ষ্য বৰুণ দেৱতাৰ কৃপাত যি অলপ অচৰপ বৰষুণ হৈ আছে তাৰ সুযোগ লৈ শাওন মাহ শেষ হোৱাৰ পূৰ্বে ভূঁই ৰোৱা কামখিনী শেষ কৰা। তেতিয়াহে আঘোণ মাহত পথাৰৰ লখিমীক ঘৰলৈ নিব পাৰিব।