ৰেডিছন ব্লু গুৱাহাটীৰ নেষ্ট এছিয়াত সাংস্কৃতিক আভিজাত্য আৰু ভোজনৰ সোৱাদৰে চীনা নৱবৰ্ষৰ বিশেষ আয়োজন

0

গুৱাহাটী, ২৩ ফেব্ৰুৱাৰীঃ নতুনত্ব, সমৃদ্ধি আৰু একতাৰ বাৰ্তা কঢ়িয়াই অনা ঋতুৰ সৈতে সংগতি ৰাখি ‘নেষ্ট এছিয়া’ত শেহতীয়াকৈ আৰম্ভ হৈছে এক বিশেষ ভোজন উৎসৱ। ১৭ ফেব্ৰুৱাৰীৰ পৰা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচীত ৰেডিছন ব্লু গুৱাহাটীয়ে গ্ৰাহকসকলক চীনা নৱবৰ্ষৰ এক অনন্য সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা এই ৰেষ্টুৰেণ্টখনে এক প্ৰাণৱন্ত উৎসৱমুখৰ ৰূপ ল’ব, য’ত প্ৰকৃত সোৱাদ, সাংস্কৃতিক উপাদান আৰু পৰিশীলিত আতিথ্যৰ এক বিৰল সমন্বয় ঘটিব।

নেষ্ট এছিয়াৰ এই চীনা নৱবৰ্ষৰ বিশেষ প্ৰদৰ্শনীত অন্তৰ্ভূক্ত কৰা হৈছে এক স্বকীয়ভাৱে প্ৰস্তুত কৰা সামগ্ৰিক এছিয়ান মেন্যু, য’ত পৰম্পৰাগত প্ৰিয় ব্যঞ্জনৰ সৈতে আধুনিক খাদ্যৰ সুন্দৰ সংমিশ্ৰণ ঘটোৱা হৈছে। গ্ৰাহকসকলে তেওঁলোকৰ পছন্দ অনুসৰি বিভিন্ন সুস্বাদু আহাৰ আৰু পানীয়ৰ সোৱাদ ল’ব পাৰিব, যিয়ে এক ব্যক্তিগত আৰু আৰামদায়ক নৈশভোজৰ অভিজ্ঞতা প্ৰদান কৰিব।

লক্ষ্যণীয় যে, উৎসৱৰ আমেজ বৃদ্ধি কৰিবলৈ ৰেষ্টুৰেণ্টখনক চীনৰ পৰম্পৰাগত উদযাপনৰ শৈলীৰে অনুপ্ৰাণিত হৈ বিশেষভাৱে সজাই তোলা হৈছে। ইয়াত ব্যৱহাৰ কৰা আকৰ্ষণীয় ৰঙা আৰু সোণালী ৰঙৰ অলংকাৰ, উজ্জ্বল লেম আৰু বিভিন্ন সাংস্কৃতিক চিহ্নই সমৃদ্ধি তথা সৌভাগ্যৰ বাৰ্তা বহন কৰিছে। এই সমগ্ৰ পৰিৱেশটো কেৱল এসাজ আহাৰৰ বাবেই নহয়, বৰঞ্চ গ্ৰাহকক উৎসৱটোৰ মূল সাৰমৰ্ম উপলব্ধি কৰাই এক সাংস্কৃতিকভাৱে চহকী আৰু চিৰস্মৰণীয় সন্ধিয়া উপহাৰ দিবলৈ গঢ়ি তোলা হৈছে।

ৰেডিছন ব্লু গুৱাহাটীৰ জেনেৰেল মেনেজাৰ অংকুৰ মেহৰোট্ৰাই কয়, “ৰেডিছন ব্লু গুৱাহাটীত আমি সদায় খাদ্যৰ সোৱাদৰ উৰ্ধলৈ গৈ গ্ৰাহকৰ বাবে এক মধুৰ স্মৃতি সৃষ্টি কৰিবলৈ নিৰন্তৰ প্ৰয়াস কৰোঁ। নেষ্ট এছিয়াত আমাৰ এই চীনা নৱবৰ্ষৰ উদযাপনে প্ৰকৃত সোৱাদ, উৎসৱৰ নান্দনিকতা আৰু যত্নশীল সেৱাক একত্ৰিত কৰিছে, যিয়ে গ্ৰাহকক সমৃদ্ধিৰ এই ঋতুক আদৰিবলৈ এক ব্যতিক্ৰমী সুযোগ প্ৰদান কৰিব।”

প্ৰণিধানযোগ্য যে, আভিজাত্যপূৰ্ণ অভ্যন্তৰীণ সজ্জা, স্বকীয় আতিথ্য আৰু সুপৰিকল্পিত উদযাপনৰ জৰিয়তে ৰেডিছন ব্লু গুৱাহাটীয়ে চহৰখনৰ অন্যতম শ্ৰেষ্ঠ জীৱনশৈলী আৰু বিলাসী ভোজনস্থলী হিচাপে নিজৰ স্থিতি অধিক শক্তিশালী কৰিছে।

চীনা নৱবৰ্ষৰ এই বিশেষ অভিজ্ঞতা সম্পৰ্কে কোনো তথ্য জানিবলৈ হ’লে গ্ৰাহকসকলে ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.