ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়াৰ টেবুল টেনিছ আৰু বেডমিন্টন প্ৰতিযোগিতাত অসমৰ সাতটা পদকৰে প্ৰশংসনীয় প্ৰদৰ্শন ; অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মাৰ দ্বৈত শাখাত ৰূপৰ পদক লাভ

0

গুৱাহাটী , ২৬ মাৰ্চ : উত্তৰ প্ৰদেশৰ আগ্ৰাৰ একলব্য ক্ৰীড়া ষ্টেডিয়ামত ২২ মাৰ্চৰ পৰা ২৪ মাৰ্চলৈ অনুষ্ঠিত “ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া মহোৎসৱ – ২০২৬” ত অসমৰ প্ৰতিযোগীসকলে সুসংহত কৌশল, শৃঙ্খলাবদ্ধ প্ৰয়াস আৰু উন্নত প্ৰদৰ্শনেৰে ৰাষ্ট্ৰীয় ক্ৰীড়া মঞ্চত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে । উল্লেখ্য যে টেবুল টেনিছ আৰু বেডমিন্টন শাখাত অংশগ্ৰহণ কৰি দলটোৱে মুঠ সাতটা পদক অৰ্জন কৰে। তাৰ ভিতৰত গুৱাহাটীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয় হাস্পাতালৰ অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মাই দুটা ৰূপৰ পদক লাভেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে । তেওঁ টেবুল টেনিছৰ ছিংগলছত ৰাণাৰ্ছ আপৰ লগতে বেডমিন্টনৰ ডাবলছত সাকেত কেদিয়াৰ সৈতে যুগলভাৱে অংশগ্ৰহণ কৰি আন এটা ৰূপৰ পদক লাভ কৰিছে । তেনেদৰে টেবুল টেনিছৰ পুৰুষৰ ছিংগলছ শাখাত মঞ্জিল গন্ধিয়াই শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি চেম্পিয়ন উপাধি অৰ্জন কৰে আৰু অসমৰ পদক তালিকাত এক গুৰুত্বপূৰ্ণ সংযোজন ঘটায়। আনহাতে, কনিষ্ঠ শাখাৰ খেলুৱৈসকলেও উল্লেখযোগ্য কৃতিত্ব প্ৰদৰ্শন কৰে । তাৰ ভিতৰত দক্ষতা ফুকন হাজৰিকাই ছোৱালীৰ ১৪ বছৰ অনুৰ্ধ্ব শাখাত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে হিমানিশ শৰ্মাই ল’ৰা‌ৰ ১৯ বছৰ অনুৰ্ধ্ব শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে । বেডমিন্টনৰ ল’ৰা‌ৰ ১৯ বছৰ অনুৰ্ধ্ব শাখাত সক্ষাম কেয়ালে ৰূপৰ পদক আৰু অভিনৱ কেদিয়াই ব্ৰঞ্জৰ পদক লাভ কৰে । উল্লেখ্য যে প্ৰতিযোগিতাখন যুথ স্পৰ্টছ এডুকেশ্বন ফেডাৰেচন অফ ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত হৈছিল । যাক ভাৰত চৰকাৰৰ এম এছ এম ই মন্ত্ৰালয়, ফিট ইণ্ডিয়া মুভমেণ্ট আৰু নীতি আয়োগেও স্বীকৃতি প্ৰদান কৰিছিল ।

Leave A Reply

Your email address will not be published.