৭৭সংখ্যক গণৰাজ্য দিৱসত সম্পূৰ্ণ সেৱা মাহৰ কাৰ্যসূচী কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
গুৱাহাটী, ১৯ জানুৱাৰীঃ দেশৰ আগন্তুক ৭৭সংখ্যক গণৰাজ্য দিৱস উপলক্ষে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ তত্বাৱধানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ২৬জানুৱাৰীৰ পৰা সম্পূৰ্ণ জনসেৱা মাহৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ ফেব্ৰুৱাৰীৰ শেষলৈকে অনুষ্ঠিত হ’বলগীয়া সম্পূৰ্ণ জনসেৱা মাহৰ সময়চোৱাত সাংবাদিক, অধিবক্তা, চিকিৎসক, সামৰিক- অৰ্ধসামৰিক,গৃহৰক্ষী বাহিনীৰ জোৱান, মুক্তিযুঁজাৰু পৰিয়ালৰ সদস্য, সাধাৰণ প্ৰশাসনিক বিষয়া-কৰ্মীকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ তাৎক্ষণিকভাবে সমাধান কৰি সুৰক্ষিত যাতাযাত অব্যাহত ৰখাৰ ক্ষেত্ৰত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা হ’ব। বিশেষকৈ শিকাৰু অনুজ্ঞাপত্ৰৰ আবেদন আৰু নৱীকৰণ, চালকৰ অনুজ্ঞাপত্ৰৰ আবেদন আৰু নৱীকৰণ, বাহনৰ কৰ-কাটল পৰিশোধ, বাহনৰ পঞ্জীয়ন-পত্ৰ নৱীকৰণৰ আবেদনকে ধৰি যাৱতীয় নথিপত্ৰ বিষয়ক সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত বিভাগৰ সহায়কাৰী বিষয়া-কৰ্মীৰ দলে বিশেষভাৱে সেৱা আগবঢ়াব ৷ একেদৰে ইচ্ছুকসকলক হোণ্ডা ছেফটি ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰৰ সহযোগত যানবাহন চালনাৰ বিনামূলীয়া শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদানৰ কাৰ্যসূচীয়ো সম্পূৰ্ণ জনসেৱা মাহত গ্ৰহণ কৰা হৈছে। বাহন চালনাৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব খোজাসকলক জনসেৱা মাহত কাৰ্যালয় খোলা থকা দিনত হোণ্ডা ড্ৰাইভিং ট্ৰেইনিং এডুকেছন চেন্টাৰত উপস্থিত হৈ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। উল্লেখ্য যে দেশৰ ৭৭সংখ্যক গণৰাজ্য দিৱসৰ লগত সঙ্গতি ৰাখি অনুষ্ঠিত হ’বলগীয়া সম্পূৰ্ণ জনসেৱা মাহৰ কাৰ্যসূচীৰ দ্বাৰা সমাজৰ এইসকল আগৰণুৱা ব্যক্তিক তেওঁলোকৰ অসামান্য সেৱা আৰু অৱদানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটোও এই বিশেষ কাৰ্যসূচীৰ অন্যতম লক্ষ্য বুলি কয় পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে। ন শিকাৰুক যানবাহন চালনাৰ নীতি-নিৰ্দেশনাৰ শিক্ষা আৰু প্ৰশিক্ষণ প্ৰদান কৰি এইসকল ব্যক্তি, পৰিয়ালৰ সদস্যক বাহনৰ সুদক্ষ চালক হিচাপে গঢ়ি তুলি আগন্তুক দিনত ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত অব্যাহত ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ প্ৰয়াস সম্পূৰ্ণ জনসেৱা মাহৰ অন্যতম লক্ষ্য ৷ নথিপত্ৰ সঠিক কৰি নৰখাকৈ অবৈধভাৱে বাহন চলাই কোনোৱে যাতে সুৰক্ষিত যাতায়াতৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব নোৱাৰে তাৰপ্ৰতি লক্ষ্য ৰাখি এই সময়চোৱাত বাহনৰ নথিপত্ৰ বিষয়ক সকলো বিসঙ্গতি তথা আসোঁৱাহ দূৰ কৰি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাত পাৰ্যমানে মনোনিৱেশ কৰিবলৈ তেওঁ সকলো শ্ৰেণীৰ বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনায় ৷ উল্লেখ্য যে, ২৬ জানুৱাৰীত আৰম্ভ হৈ ফেব্ৰুৱাৰীৰ শেষলৈকে অব্যাহত থাকিবলগীয়া সম্পূৰ্ণ জনসেৱা মাহত মহিলা, জ্যেষ্ঠ নাগৰিক, মুক্তিযুজাৰু পৰিয়ালৰ সদস্যক প্ৰয়োজন সাপেক্ষে পদূলিমুখতে উপস্থিত হৈ যানবাহনৰ নথিপত্ৰ বিষয়ক সমস্যাৰ ততালিকে সমাধানৰ ব্যৱস্থা কৰা হ’ব বুলিও জ্যেষ্ঠ পৰিবহণ বিষয়াগৰাকীয়ে উল্লেখ কৰে।