১৪ জুলাইৰ পৰা পৰা আজাৰাত পাঁচদিনীয়াকৈ শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন
আজাৰা , ৮ জুলাই : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিলৰ কাষৰীয়া আজাৰা কেওটপাৰাত ১৯৭৩ চনত প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী মা মনসা মন্দিৰত নাগ পঞ্চমী তিথিৰ লগত সংগতি ৰাখি বিগত বৰ্ষৰ দৰে এইবেলিও অহা ১৪ জুলাইৰ পৰা ১৮ জুলাইলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীমনসা পূজাৰ আয়োজন কৰা হৈছে । ১৪ জুলাইত সন্ধিয়া ৭.৩০ বজাত প্ৰতিমা স্থাপন , দেৱীৰ আমন্ত্ৰণ আৰু অধিবাসৰে মনসা পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব । আনহাতে পূজাৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আটাইকেইদিনতে দেওধা নাচ , নাগাৰা নাম , বলিদান , আৰতি , পুজা , হোম , ভোগ বিতৰণ আৰু সন্ধিয়াৰ পৰা পুৰুষ আৰু মহিলাৰ নাগাৰা নাম , যাত্ৰাভিনয় আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব । আনহাতে পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ সমাজকর্মী প্ৰদীপ কুমাৰ দাসক সভাপতি , পৱিত্ৰ কুমাৰ দাস আৰু গোলক দাস (২) ক উপ সভাপতি , ৰত্নেশ্বৰ দাসক সাধাৰণ সম্পাদক , ধন দাস, শংকৰ ভৰালী আৰু কৱীন্দ্ৰ দাসক সহকাৰী সম্পাদক , শিৱ দাসক কোঘাধ্যক্ষ হিচাপে লৈ ২০২৫ বৰ্ষৰ পূজা পৰিচালনা সমিতিখন গঠন কৰা হৈছে । তেনেদৰে উদ্যোক্তা সকলৰ হৈ শ্ৰী শ্ৰী মা মনসা মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নিৰেন কুমাৰ দাস , উপ সভাপতিদ্বয় দিলীপ কুমাৰ দাস আৰু গোলক দাস (১) আৰু সাধাৰণ সম্পাদক বলেন মেধিয়ে পূজাৰ আটাইকেইদিনৰ কাৰ্যসূচীতে ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে । উল্লেখ্য যে ২০২৩ বৰ্ষত উলহ- মালহৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে মনসা পূজাৰ সোণালী জয়ন্তী উদযাপন কৰা হৈছিল।