সুৰজিৎ একাডেমীৰ চাহ জনগোষ্ঠীৰ মাজত সজাগতা বৃদ্ধিৰ পুতলা নাচ পৰিৱেশন

0

গুৱাহাটী, ১৯ জুলাই ঃ গুৱাহাটীৰ সুৰজিৎ একাডেমীয়ে ডিব্ৰুগড়ৰ সেৱা প্ৰতিষ্ঠানৰ সহযোগত চাহ জনগোষ্ঠীৰ মাজত সজাগতা আনিবলৈ যোৱা ১২ জুলাইৰ পৰা উজনি অসমৰ চাহ বাগানসমূহত পুতলা নাট পৰিৱেশন কৰি আহিছে। এই অভিযান প্ৰায় এমাহলৈকে চলিব। নাটৰ কাহিনীত চাহ বাগানৰ কৰ্মৰত মহিলা-পুৰুষৰ শিক্ষা, স্বাস্থ্য, অন্ধবিশ্বাস, পৰিস্কাৰ-পৰিচ্ছন্নতা, মাদকদ্ৰব্যৰ অপব্যৱহাৰ নিবাৰণ আদি সজাগতামূলক দিশসমূহ দাঙি ধৰিছে। পুতলা নাট পৰিচালনা কৰিছে সংগীত নাটক অকাডেমীৰ ওস্তাদ বিসমিল্লাহ খান যুৱ পুৰস্কাৰপ্ৰাপক বিনীতা দেৱীয়ে আৰু পৰিকল্পনা কৰিছে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ ফেল’শ্বিপপ্ৰাপক সীমান্ত শৰ্মাই। পুতলা পৰিৱেশন কৰিছে ধ্ৰুৱজ্যোতি কলিতা, প্ৰণৱজ্যোতি ৰাভা আৰু ৰাকিবুল আহমেদে। এই কাৰ্যক্রমে পুতলা নাচৰ প্ৰসাৰ আৰু প্ৰচাৰত যথেষ্ট অৰিহণা যোগাইছে সুৰজিৎ একাডেমীয়ে। উজনি অসমৰ চাহ বাগানসমূহত এই কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত কলকাতাৰ চাহ বাগানসমূহতো পুতলা নাট পৰিৱেশন কৰা হ’ব।

Leave A Reply

Your email address will not be published.