সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱসত চৰিখন গ্ৰন্থ উন্মোচন

0

দক্ষিণ কামৰূপৰ ঝাৰোবড়ী দুৰ্গাপূজা মণ্ডপত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী কামৰূপৰ প্ৰতিষ্ঠা দিৱস মঙলবাৰে পালন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, সতীৰ্থ সন্মিলন, মুকলি সভা আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে মুকলি সভাত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। সভাত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠীৰ ‘বোধিদ্ৰুম’ প্ৰবন্ধ সংকলন উন্মোচন কৰে ৰূপেন্দ্ৰ কুমাৰ কলিতাই॥ কবি , উপস্যাসিক, গল্পকাৰ, সাংবাদিক কিশোৰ কুমাৰ কলিতাৰ কাব্য গ্ৰন্থ ‘ক’ত সামৰি থম হেঁপাহৰ ৰ’দ -কাঁচলি উন্মোচন কৰে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যাপক তথা বিশিষ্ট কবি এডৱাৰ্ড ষ্টেডী এন চাংমাই॥ তেওঁ অসম সাহিত্য সভাৰ গিৰিধৰ শৰ্মা বটাঁ প্ৰাপ্ত উপন্যাসিক কলিতাই অসমীয়া কাব্য সাহিত্যতো এক সুকীয়া পৰিচয় দাঙি ধৰা বুলি মন্তব্য কৰে । মালব্য মালীৰ কাব্য সংকলন ‘অনুভৱৰ মালিতা’ উন্মোচন কৰে সভাপতি শৰত ৰাভাই॥ কবি, নাট্যকাৰ ফুলমণি দাসৰ কাব্য সংকলন ‘শ্মশান যাত্ৰাৰ সময়ত কি এৰি যাম তোমালোকলৈ’ উন্মোচন কৰে সাহিত্যিক তৰুণ চন্দ্ৰ কলিতাই॥ উক্ত সভাত কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। লগতে নিশা একেখন মঞ্চতে মঞ্চস্থ হয় জনপ্ৰিয় নাট্যকাৰ গনেশ গগৈ ৰচিত কালজয়ী নাট শকুনিৰ প্ৰতিশোধ ৷ শকুনিৰ চৰিত্ৰত অভিনয় কৰে কবি নাট্যকাৰ ফুলমণিয়ে॥

Leave A Reply

Your email address will not be published.