শ্বিলঙৰ উত্তৰ পূব কনক্লেভত গুৱাহাটীৰ আজাৰাৰ আভা ক্রিয়েচনক প্ৰশংসা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

আজাৰা , ১৯ জুলাই : কিছুদিন পূৰ্বে চাৰিদিনীয়া ভ্ৰমণসূচীৰে শ্বিলঙলৈ অহা কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আই আই এম, শ্বিলঙত ভাৰত চৰকাৰৰ কৰ্পৰেট মন্ত্ৰালয়ৰ অধীনৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ কৰ্পৰেট এফেযাৰ্ছ চমুকৈ আই আই চি এৰ উদ্যোগত অনুষ্ঠিত “উত্তৰ পূব কনক্লেভ – ২০২৫” উদ্ধোধন কৰিছিল । সেই কনক্লেভত উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ পৰম্পৰাগত হস্ততাত সামগ্ৰী আৰু শিল্পৰ উন্নয়ন , উৎপাদনৰ হকে কাম কৰি অহা গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা মাটিয়াস্থিত “আভা ক্ৰিয়েচন” নামৰ প্ৰতিষ্ঠানটোৱেও ভাগ লৈছিল। আনহাতে কনক্লেভখন উদ্ধোধন কৰি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাত স্থাপন কৰা প্ৰদৰ্শনীসমুহৰ বিপনী তথা
ষ্টলসমুহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত আভা ক্ৰিয়েচনৰ বিপনী পৰিদৰ্শন কৰাৰ সময়ত আভা ক্রিয়েচনৰ প্ৰতিষ্ঠাপক অৰূপ কুমাৰ বৈশ্যই কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় । ইয়াৰ উপৰিও বৈশ্যই তেওঁলোকৰ কাম-কাজ সমুহৰ এক চমু খতিয়ান কেন্দ্ৰীয় বিত্ত মন্ত্ৰীক দাঙি ধৰে। সেই খতিয়ানত উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক স্বীকৃতি (জি আই) আৰু উৎপত্তি স্থানভিত্তিক সামগ্ৰীসমূহৰ প্ৰসাৰৰ জৰিয়তে আয় সৃষ্টি , সামগ্ৰীসমূহৰ বাবে বজাৰ সংযোগ স্থাপন কৰি মহিলা সৱলীকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে আভা ক্রিয়েচনক ভূয়সী প্ৰশংসা কৰে । ইয়াৰ উপৰিও অৰূপ কুমাৰ বৈশ্যই অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ জি আই আৰু উৎপত্তি স্থানভিত্তিক সামগ্ৰীসমূহৰ বিক্ৰীৰ সুবিধাৰ্থে ‘হেৰিটেজ এম্প’ৰিয়াম’ বা ‘ঐতিহ্য বিপণী’ স্থাপনৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক প্ৰস্তাৱ আগবঢ়ায়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী সীতাৰমণে ‘হেৰিটেজ এম্প’ৰিয়াম’ৰ ধাৰণাটোক আদৰণি জনোৱাৰ লগতে উচ্চ প্ৰশংসা কৰে । পৰৱৰ্তী সময়ত নাবাৰ্ডকে ধৰি বিভিন্ন বিত্তীয় সংস্থাক এই সন্দৰ্ভত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ লগতে নিৰ্দেশনা দিব বুলি অৰূপ কুমাৰ বৈশ্যক জানিবলৈ দিয়ে । উল্লেখ্য যে তাতশাল বোৱাত পাকৈত দুখীয়া মহিলা শিপিনীৰ উন্নয়ন আৰু তেওঁলোকক আর্থিক ভাবে স্বাবলম্বি কৰাৰ বাবে কাম কৰি অহা তথা লাভজনক ব্যৱসায় নকৰা কোম্পানী হিচাপে ২০২০ চনত পঞ্জীয়নভুক্ত পশ্চিম গুৱাহাটীৰ আজাৰা মাটিয়াস্থিত “আভা ক্রিয়েচন ছচিয়েল ইম্পেক্ট ফাউণ্ডেশ্যনে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ তিনিখন সংৰক্ষিত বনাঞ্চল ক্রমে – ৰাণী, গড়ভঙা আৰু লোহাৰঘাটৰ ১৮ খন গাঁওৰ প্ৰতিখনতে ২০ গৰাকী দুখীয়া মহিলা শিপিনীক লৈ একোটা উৎপাদক গোট গঠন কৰি দিছে । যাতে তেঁওলোক অৰণ্যৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ হস্ততাতৰ জৰিয়তে স্বাৱলম্বী হব পাৰে।