শ্বিলঙত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ; ন্যায়ৰ বাবে স্বাক্ষৰ অভিযান

0

গুৱাহাটী , ১৮ অক্টোবৰ : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত কেৱল অসমতে নহয়, দেশ – বিদেশতো শিল্পী গৰাকীৰ অনুগামী – অনুৰাগী সকলৰ মাজতো গভীৰ শোকৰ ছাঁ পৰিছে। যাৰ বাবে বিগত দিনকেইটাত অসমকে ধৰি দেশ বিদেশত থকা অসমীয়া লোক সকলেও বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে প্ৰাণৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আনহাতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত বাস কৰা অসমীয়া লোক সকলক প্ৰতিনিধিত্ব কৰা শ্বিলং কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন কমিটী আৰু শঙ্কৰদেৱ সাংস্কৃতিক কেন্দ্ৰৰ যৌথ উদ্যোগত ১৯ অক্টোবৰত শিল্পী গৰাকীৰ এমহীয়া মৃত্যুদিনটোৰ লগত সংগতি ৰাখি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সিদিনা দিনৰ ১১ বজাৰ পৰা শ্বিলঙৰ বিষ্ণুপুৰস্থিত দেৱ কুমাৰ দাস মেম’ৰিয়েল হলত অনুষ্ঠিত হবলগীয়া অনুষ্ঠানত শ্বিলঙৰ শঙ্কৰদেৱ নামঘৰৰ আতৈসকলে নাম – কীৰ্ত্তন পৰিবেশন কৰাৰ উপৰিও জুবিন গাৰ্গৰ ন্যায়ৰ বাবে চিগনেচাৰ কেম্পেইন তথা স্বাক্ষৰ অভিযান , জুবিন গাৰ্গৰ সংগীত , বৰগীত পৰিবেশন , ৫২ গছি বন্তি প্ৰজ্বলন কৰা হব। আনহাতে উদ্যোক্তা সকলৰ হৈ ডাঃ দিগন্ত দাসে সমুহ শ্বিলংবাসী অসমীয়া ৰাইজৰ লগতে মহান শিল্পী গৰাকীৰ অনুৰাগী সকলক উপস্থিত থাকি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবলৈ অনুৰোধ জনাইছে।

Leave A Reply

Your email address will not be published.