লংকেশ্বৰ ধামত শ্ৰী শ্ৰী গনেশ পূজাৰ আয়োজন

0

জালুকবাৰী , ১৯ জানুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নামনিত থকা গনেশ মন্দিৰত অহা ২২ জানুৱাৰীত বৰদা চতুৰ্থীৰ লগত সংগতি ৰাখি শ্ৰী শ্ৰী গণেশ পূজাৰ আয়োজন কৰা হৈছে । শ্ৰী শ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটিৰ সভাপতি কামিনী কান্ত কলিতা আৰু সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাই এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা পূৱা ১০ বজাত ঘট স্থাপনৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত দুপৰীয়া বাৰ বজাত নাম – কীৰ্ত্তন, দুই বজাত প্ৰসাদ আৰু ভোগ বিতৰণ, সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু আৰতি, নিশা ৭ বজাৰ পৰা নাম – কীৰ্ত্তন অনুষ্ঠিত হব। আনহাতে ধাম পৰিচালনা কমিটিয়ে সিদিনাৰ গণেশ পূজাৰ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Leave A Reply

Your email address will not be published.