মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্যৰে জালুকবাৰীত পাঁচখন গাওঁ পঞ্চায়তত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত অগপ – বিজেপি দলৰ যৌথ নিৰ্বাচনী প্ৰচাৰ

0

আজাৰা , ৩১ মাৰ্চ : সমষ্টি পুনৰ গঠনৰ পাছত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত আঠখন গাওঁ পঞ্চায়তৰ ভিতৰত পাঁচখন নতুন জালুকবাৰী সমষ্টিত আৰু তিনিখন পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হৈছে। তেনেদৰে গুৱাহাটী পৌৰ নিগমৰ ১৬ টা ৱাৰ্ডৰ ভিতৰত ৫ টা জালুকবাৰীত আৰু ১১ টা নৱগঠিত মধ্য গুৱাহাটী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে । এসময়ত অগপ দলৰ অভেদ্য দুৰ্গস্বৰূপ পশ্চিম গুৱাহাটী সমষ্টিত এইবেলি এন ডি এৰ অংশীদাৰী দল হোৱা হেতুকে অগপ দলৰ ফালৰ পৰা বিজেপি দলৰ মনোনীত প্ৰাৰ্থীসকলৰ হকে নিৰ্বাচন প্ৰচাৰ অভিযান চলাব বুলি ঘোষণা কৰা হৈছিল । সেই অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিধিত্ব কৰা জালুকবাৰী বিধানসভা সমষ্টিত অগপ দলেও মুখ্যমন্ত্ৰীৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে । এই প্ৰচাৰ অভিযানৰ নেতৃত্ব লৈছে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। উল্লেখ্য যে নৱগঠিত জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা পূৰ্বৰ পাঁচখন গাওঁ পঞ্চায়ত ক্ৰমে – মাজিৰগাওঁ, গড়ল, ধাৰাপুৰ, আজাৰা আৰু কাঁহিকুছিত মিত্ৰতাৰ নীতি অনুসৰি একোটাকৈ যৌথ মুখ্য নিৰ্বাচনী কাৰ্যালয় আৰু বুথ ভিত্তিত নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰা হৈছে। কালি বিয়লিৰ পৰা নিশালৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপ আৰু বিজেপি দুয়োটা দলৰ ভালে কেইজন নেতাক লগত লৈ মুখ্য নিৰ্বাচনী কাৰ্যালয় আৰু বুথ পৰ্যায়ৰ নিৰ্বাচনী কাৰ্যালয় সমূহ পৰিদৰ্শন কৰি দুয়োটা দলৰে নেতা – কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। পৰিদৰ্শনকালত বিধায়ক কলিতাক সংগ দিয়ে দীপৰ বিল জিলা পৰিষদৰ সদস্যা গিৰিজা মেধি, ৰামচাৰাণী জিলা পৰিষদৰ সদস্য কুশল দাস, বিজেপিৰ বিমানকোঠ মণ্ডল কমিটীৰ সভাপতি তীৰ্থ মেধি, প্ৰাক্তন সভাপতি হৰকান্ত নাথ, সাধাৰণ সম্পাদক গৌতম দাসকে ধৰি কেবাজনো বিজেপি নেতা, অগপ দলৰ কেন্দ্ৰীয় কমিটীৰ সম্পাদক সুভাষ শৰ্মা, কামৰূপ মহানগৰ জিলা কমিটীৰ সম্পাদক পৰেশ বৰুৱা, অসম যুৱ পৰিষদৰ সম্পাদক প্ৰণৱ দাস, কাঁহিকুছি গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি জগন্নাথ ঠাকুৰীয়া , ধাৰাপুৰ আঞ্চলিক কমিটীৰ সভাপতি ৰুবুল বৈশ্যকে ধৰি অগপৰ কেবাজনো নেতাই। আনহাতে বিধায়ক কলিতাই প্ৰতিটো কাৰ্যালয়তে দুয়োটা দলৰে উপস্থিত নেতা – কৰ্মীসকলক আগন্তুক নিৰ্বাচন সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱাৰ লগতে কিদৰে অধিক হাৰত ৰাইজক ভোটদান পৰ্বত জড়িত কৰি মিত্ৰজোটৰ নেতা হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাব পাৰি তাৰ বাবে হাতে কামে নামি পৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে যোৱা ২৫ মাৰ্চৰ দিনা নিশা দিছপুৰস্থিত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত জালুকবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা পাঁচখন গাওঁ পঞ্চায়তৰ অগপ দলৰ পাঁচ শতাধিক কৰ্মীৰ সৈতে এখন সভা অনুষ্ঠিত হৈছিল । সভাত সভাত ৰমেন্দ্ৰ নাৰায়ণ কলিতাকে ধৰি উপস্থিত অগপ নেতা – কৰ্মীসকলে আগন্তুক নিৰ্বাচনত অগপ – বিজেপি দলৰ মিত্ৰতাৰ নীতি অনুসৰি জালুকবাৰী বিধানসভা সমষ্টিত বিজেপি দলৰ মনোনীত প্ৰাৰ্থী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব বুলি ঘোষণা কৰিছিল । অগপ নেতাসকলে মুখ্যমন্ত্ৰীক কৈছিল আমি আপোনাৰ হৈ জালুকবাৰীত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাম। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তাৰ উত্তৰত কৈছিল যে প্ৰকৃততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই সদায় অগপ – বিজেপি দুয়োটা দলৰ মিত্ৰতা যাতে অক্ষুণ্ণ থাকে তাৰ বাবে নিৰ্দেশনা দি আহিছে। বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই অনুভৱ কৰি আহিছে যে অগপ দলৰ লগত মিত্ৰতা নাথাকিলে অসমত কোনোদিনেই বিজেপি দলে অকলে চৰকাৰ গঠন কৰিব নোৱাৰে। অগপ – বিজেপি দলৰ ভোটবেংক একে হোৱা হেতুকে দুয়োটা দলৰ ভোট বিভাজন হলে স্বাভাবিকতে কংগ্ৰেছ দল লাভবান হয়। তেনেদৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কৈছিল যে ২০১৬ আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনত মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰাত পশ্চিম গুৱাহাটীৰ বিজেপি দলৰ কৰ্মীসকলে আগভাগ লৈছিল। যিটো মোৰ লগতে অগপ দলে কোনোদিনে নাপাহাৰে । গতিকে এইবেলি জালুকবাৰী সমষ্টিত ডঃ হিমন্ত বিশ্ব শৰ্মাই যাতে অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী হয় তাৰ বাবে অগপ দলে সৰ্বস্ব উজাৰি দিব। উল্লেখ্য যে পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ১৬ টা ৱাৰ্ডৰ ভিতৰত পাঁচোটা জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে বাকী ১১ টা ৱাৰ্ড নতুনকৈ গঠিত মধ্য গুৱাহাটী সমষ্টিত অন্তৰ্ভুক্ত হৈছিল। আনহাতে মিত্ৰতাৰ নীতি অনুসৰি পলাশবাৰী সমষ্টিত অন্তৰ্ভুক্ত হোৱা অগপ দলৰ ৰাণী, উত্তৰ ভোলাগাওঁ আৰু দক্ষিণ ভোলাগাঁৱৰ আঞ্চলিক কমিটী কেইখনে বিজেপি দলৰ প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। আনকি বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতাৰ সৈতে বিগত সপ্তাহৰ পৰা মিত্ৰতাৰ ধৰ্ম পালন কৰি পলাশবাৰী সমষ্টিৰ বিজেপি দলৰ মনোনীত প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ সৈতে কেবাখনো নিৰ্বাচনী সভা – সমিতিত অংশ গ্ৰহণ কৰিছে। যত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি বিজেপি দলৰ কেবাজনো নেতা উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.