মুকলি হ’ল ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’; দেশজুৰি পেকেট চাহৰ বজাৰত পদাৰ্পণ মা কামাখ্যা এছ’চিয়েটছৰ

0

গুৱাহাটী, ৮ জানুৱাৰী : চাহ খেতি আৰু উৎপাদনৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ আধাৰত মা কামাখ্যা এছ’চিয়েটছে মুকলি কৰিছে ‘দ্য গাৰ্ডেনাৰ’ আৰু ‘আমচৈ’ নামৰ দুটাকৈ বিশেষ পেকেট চাহৰ ব্ৰেণ্ড। সুস্বাদু চাহৰ এই নতুন সম্ভাৰেৰে প্ৰতিষ্ঠানটোৱে সংগঠিত চাহ খণ্ডত নিজৰ ব্যৱসায়িক উপস্থিতিক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ লক্ষ্য লৈছে। ইফালে, গ্ৰাহকৰ ভিন্ন ৰুচিৰ বৈচিত্ৰ্যলৈ লক্ষ্য ৰাখি প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ চাহৰ তালিকাক তিনিটা বিশেষ ভাগত বিভক্ত কৰিছে। ইয়াৰে ‘দ্য গাৰ্ডেনাৰ’ক অতি-প্ৰিমিয়াম ব্ৰেণ্ড হিচাপে সজাই তোলাৰ বিপৰীতে ‘আমচৈ প্ৰিমিয়াম’ক প্ৰিমিয়াম খণ্ডৰ বাবে আৰু ‘আমচৈ কড়ক’ক সুলভ মূল্যৰ এক মানসম্পন্ন চাহ হিচাপে বজাৰত উপস্থাপন কৰা হৈছে। উল্লেখযোগ্য যে, দেশৰ ভিন্ন প্ৰান্তৰ উপভোক্তাসকলৰ প্ৰতিটো পচন্দক সন্মান জনাই এই বিশেষ শ্ৰেণীসমূহ নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান অসম, মেঘালয়, ত্ৰিপুৰা, পশ্চিমবংগ, বিহাৰ, ৰাজস্থান, তেলেংগানা, মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ আৰু পঞ্জাৱৰ বজাৰত উপলব্ধ হৈছে ‘আমচৈ’ চাহৰ এই বিশেষ সম্ভাৰ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত উৰিষ্যা, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, ছিকিম, ছত্তীশগড় আৰু অন্ধ্ৰপ্ৰদেশলৈ এই ব্ৰেণ্ড সম্প্ৰসাৰণৰ এক অভিলাষী পৰিকল্পনা হাতত লৈছে প্ৰতিষ্ঠানটোৱে। আনহাতে, ডিজিটেল মাধ্যমৰ গ্ৰাহকসকলৰ বাবে কোম্পানীৰ নিজা ৱেবছাইট www.nutratea.in ৰ জৰিয়তেও অনলাইনত উপলব্ধ কৰা হৈছে এই সামগ্ৰীসমূহ।
লক্ষ্যণীয় যে, দুয়োটা ব্ৰেণ্ডৰ বাবেই প্ৰতিষ্ঠানটোৰ নিজা চাহ বাগিচাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ বিশ্বাসযোগ্য অংশীদাৰৰ পৰা অতি যত্নসহকাৰে সংগ্ৰহ কৰা হৈছে শ্ৰেষ্ঠ মানৰ চাহপাত। বৰ্তমান মা কামাখ্যা এছ’চিয়েটছে কাছাৰৰ হাতিখিৰা, শিলকুৰী আৰু বিক্ৰমপুৰৰ লগতে নগাঁৱৰ আমচৈ আৰু কোকৰাঝাৰৰ ঢোলমাৰাত নিজা চাহ বাগিচা পৰিচালনা কৰি আছে। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ, ডিব্ৰুগড়, ওদালগুৰি, গোলাঘাট আৰু কোকৰাঝাৰৰ বিভিন্ন বাগিচাৰ পৰাও উচ্চ মানদণ্ডৰ কেঁচা পাত সংগ্ৰহ কৰি চাহৰ সতেজতা অক্ষুণ্ণ ৰখাৰ প্ৰয়াস কৰা হৈছে।
প্ৰতিষ্ঠানটোৰ সামগ্ৰীৰ তালিকাত চিটিচি টি ব্লেন্ড, চিটিচি + অৰ্থডক্স লিফ ব্লেন্ড, চিটিচি + ইলাইচি ব্লেন্ড আৰু গ্ৰীণ টি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰি আটাইতকৈ প্ৰিমিয়াম সামগ্ৰী হিচাপে দাৰ্জিলিং চাহৰ সৈতে অসমৰ ‘গ’ল্ডেন টিপ্পি অৰ্থডক্স’ চাহৰ এক বিশেষ মিশ্ৰণো গ্ৰাহকৰ বাবে প্ৰস্তুত কৰি উলিওৱা হৈছে। এই চাহসমূহ বৰ্তমান বজাৰত উন্নত মানৰ পলি পাউচ, বেগ আৰু জাৰত উপলব্ধ হ’ব।
এই সন্দৰ্ভত নিউট্ৰাটি ইণ্ডাষ্ট্ৰী গ্ৰুপৰ সঞ্চালক পৰেশ শৰ্মাই কয়, “গুণগত মানদণ্ডৰ সৈতে কোনো ধৰণৰ আপোচ নকৰাকৈ ভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ বাবে এক সুনিৰ্দিষ্ট সামগ্ৰীৰ তালিকা প্ৰস্তুত কৰাই হৈছে আমাৰ মূল লক্ষ্য। আমাৰ এই পেকেট চাহে অসমৰ চহকী চাহ ঐতিহ্যক প্ৰতিনিধিত্ব কৰাৰ লগতে এক নিৰ্ভৰযোগ্য আৰু শক্তিশালী চাহ ব্ৰেণ্ড গঢ়াৰ আমাৰ দীৰ্ঘম্যাদী দৃষ্টিভংগীকো প্ৰতিফলিত কৰিছে।”
উল্লেখ্য যে, মা কামাখ্যা এছ’চিয়েটছ ১০০ কোটি টকাৰো অধিক টাৰ্ণঅভাৰ থকা নিউট্ৰাটি ইণ্ডাষ্ট্ৰী গ্ৰুপৰ অধীনত পৰিচালিত হয়। বৰ্তমান ১১০০ গৰাকীৰো অধিক কৰ্মচাৰী নিয়োজিত হৈ থকা এই বৃহৎ উদ্যোগিক গোষ্ঠীটোৰ আছে ৩৫ বছৰৰো অধিক পুৰণি এক ব্যৱসায়িক ঐতিহ্য। চাহ উৎপাদন আৰু পেকেট চাহৰ উপৰিও ৰিয়েল ইষ্টেট, কয়লা উদ্যোগ তথা অসম চৰকাৰৰ আন্তঃগাঁথনি প্ৰকল্পৰ সৈতেও এই গোষ্ঠীটো জড়িত হৈ আছে।
নিউট্ৰাটি ইণ্ডাষ্ট্ৰী গ্ৰুপৰ সঞ্চালক হৰধন ঘোষে কয়, “ব্ৰেণ্ডেড চাহৰ বজাৰত বৰ্তমান বিকাশৰ যথেষ্ট সম্ভাৱনা আছে। ‘দ্য গাৰ্ডেনাৰ’, ‘আমচৈ প্ৰিমিয়াম’ আৰু ‘আমচৈ কড়ক’ৰ দৰে সুনিৰ্দিষ্ট শ্ৰেণীৰ জৰিয়তে আমি ব্যৱসায়িক পৰিসৰ স্থিৰভাৱে বৃদ্ধি কৰাৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী।”
ইফালে, ব্ৰেণ্ড আৰু বিতৰণ কৌশলৰ সন্দৰ্ভত নিউট্ৰাটি ইণ্ডাষ্ট্ৰীজৰ বিপণন বিভাগৰ উপাধ্যক্ষ সুদীপ পোদ্দাৰে কয়, “আমি আমাৰ ব্ৰেণ্ডসমূহক অতি-প্ৰিমিয়াম, প্ৰিমিয়াম আৰু সাধাৰণ উপভোক্তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সজাগতাৰে সজাই তুলিছোঁ। ইয়ে আমাক প্ৰতিখন বজাৰত গভীৰতা লাভ কৰাত সহায় কৰাৰ লগতে জেনেৰেল ট্ৰেড, মডাৰ্ণ ট্ৰেড আৰু অনলাইন মাধ্যমসমূহত চাহৰ উপলব্ধতা নিশ্চিত কৰিব।”
প্ৰতিষ্ঠানটোৰ নেতৃত্বত থকা দলটোৱে বৰ্তমান পেকেট চাহৰ বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰা, ঘৰুৱা বজাৰত উপস্থিতি বৃদ্ধি, কাৰ্যক্ষমতা বৃদ্ধি আৰু দক্ষতা বিকাশৰ জৰিয়তে এক ভৱিষ্যতমুখী কৰ্মশক্তি গঢ়ি তোলাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে।
পেকেট চাহ বিভাগৰ এই শুভাৰম্ভ আৰু সম্প্ৰসাৰণৰ জৰিয়তে মা কামাখ্যা এছ’চিয়েটছে সমগ্ৰ ভাৰতবৰ্ষতে অসম চাহৰ গুণগত মান যোগান ধৰাৰ লগতে আঞ্চলিক অৰ্থনৈতিক বিকাশ আৰু নিয়োগৰ ক্ষেত্ৰতো নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰিছে।

Leave A Reply

Your email address will not be published.