ভাগৱত লৈ বিশাল শোভাযাত্ৰা ;খানামুখ ৰাজহুৱা নামঘৰৰ বাৰ্ষিক হোমাহুতি সম্পন্ন

0

জালুকবাৰী , ২ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ পশ্চিম জালুকবাৰীৰ ঐতিহাসিক খানামুখ ৰাজহুৱা নামঘৰত বিগত বছৰৰ দৰে এইবেলিও পবিত্র মাঘী পূর্ণিমা তিথিৰ লগত সংগতি ৰাখি পহিলা ফেব্ৰুৱাৰীত শ্ৰীশ্ৰীবিষ্ণুদেৱৰ বাৰ্ষিক হোমাহুতি উৎসৱ অনুষ্ঠিত হয়। পুৱা ৯ বজাত যাবতীয় ৰীতি-নীতি আৰু পৰম্পৰাগত প্ৰথাৰে জল আহৰণ আৰু ঘট স্থাপনৰে হোমাহুতি উৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। তাৰ পাছত ১০ বজাৰ পৰা বিয়লি ১ বজালৈ ভাগৱত বাহক নীলকমল দাসৰ নেতৃত্বত ভাগৱত লৈ অঞ্চলটোত এক বিশাল সাংস্কৃতিক আৰু ধর্মীয় শোভাযাত্রা উলিওৱা হয়। শোভাযাত্ৰাত অঞ্চলটোৰ মহিলা – যুৱতী সকলে নাম- প্ৰসংগ পৰিবেশন কৰে । শোভাযাত্ৰাৰ সময়ত অঞ্চলটোৰ প্ৰতিঘৰ লোকে ঘৰৰ বা পদুলিৰ সন্মূখত কলগছৰ পুলিত গামোচা পাৰি সাষ্টাংগে প্ৰণিপাত জনায় আশীৰ্বাদ গ্ৰহণ কৰে। বিয়লি ১ বজাত হোমাহুতি আৰু পুষ্পাঞ্জলী অর্পণ, ২ বজাত প্রসাদ আৰু ভোগ বিতৰণ কৰা হয়। হোমাহুতি উৎসৱৰ কাৰ্যসূচীত শিশু – মহিলা নিৰ্বিশেষে পাঁচ শতাধিকৰো অধিক লোকে অংশগ্ৰহণ কৰে । সন্ধিয়া ৬ বজাত বন্তি প্রজ্বলনৰে এইবেলিৰ বাৰ্ষিক হোেমাহুতি উৎসৱৰ সামৰণি মৰা হয়।

Leave A Reply

Your email address will not be published.