বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত ফটাশিল আমবাৰীত চাৰি শতাধিক লোকৰ অগপ দলত যোগদান

0

গুৱাহাটী ,৮ ছেপ্টেম্বৰ : বিজেপি নেতৃত্বাধীন অসমৰ শাসকীয় মিত্ৰজোটৰ অন্যতম অংশীদাৰ অগপ দলেও আগন্তুক ২০২৬ চনৰ এপ্ৰিল বা মে’ মাহত অনুষ্ঠিত হবলগীয়া বিধানসভাৰ সাধাৰণ নিৰ্বাচনত সৰ্বশক্তিৰে অৱত্তীৰ্ণ হোৱাৰ বাবে দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ বাবে ব্যাপক তাৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আনহাতে ৰাজ্যৰ আন বহু সমষ্টিৰ দৰে গুৱাহাটী মহানগৰীতো কামৰূপ মহানগৰ জিলাত অগপৰ একমাত্ৰ বিধায়ক তথা ছয়বাৰকৈ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা অসম বিধানসভাত প্ৰতিনিধিত্ব কৰা ৰমেন্দ্ৰ নাৰায়ণ কলিতাই গুৱাহাটী মহানগৰীত দলৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ হকে সভা – সমিতি অনুষ্ঠিত কৰি অহা পৰিলক্ষিত হৈছে। আনকি কোনো কাৰণতে দিছপুৰত যাতে কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ অধিষ্ঠিত হব নোৱাৰে তাৰ বাবেও বিজেপিৰ সৈতে আসন ভাগ বাটোৱাৰাৰ বাবেও অনানুষ্ঠানিক কথা বাৰ্তা আৰম্ভ হৈছে। ইয়াৰ মাজতে ৭ ছেপ্টেম্বৰৰ দিনা সন্ধিয়া পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত গুৱাহাটীৰ মাজমজিয়াৰ ফটাশিল আমবাৰী মহেন্দ্ৰ নগৰ ইউনাইটেড ক্লাবৰ প্ৰাংগনত অগপ দলৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত এক বৃহৎ যোগদান সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন দল সংগঠনৰ উপৰিও যুৱক – যুৱতী, পুৰুষ – মহিলা নিৰ্বিশেষে সমাজ সচেতন ব্যক্তিসহ চাৰি শতাধিক লোকে অগপ দলৰ নীতি – আদৰ্শত আস্থা ৰখাৰ লগতে বিধায়ক কলিতাৰ কাম কাজত সন্তুষ্ট হৈ অসম গণ পৰিষদ দলত যোগদান কৰে। দলত যোগদান কৰা সকলক একোখন দলীয় প্ৰতীকযুক্ত বস্ৰ পৰিধান কৰোৱাই আদৰণি জনায় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। যোগদান সভাত অগপৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ সভাপতি হেমেন ডেকা, সম্পাদক ভূপেন ঠাকুৰীয়া, মহানগৰ সমিতিৰ সভাপতি গোলাপ ডেকা, ইন্দ্ৰজিৎ বৰ্মন,১২ নং ৱাৰ্ডৰ পাৰিষদ দীপাংকৰ বৈশ্য,অসম যুৱ পৰিষদৰ সাধাৰণ সম্পাদক তথা মধ্য গুৱাহাটী যুৱ পৰিষদৰ সভাপতি সুশান্ত দেৱ চৌধুৰী,অগপৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য পিজু ডেকা,মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতাৰাণী কলিতা,অগপ কৰ্মী হৰিপ্ৰসাদ চাহু,মধ্য গুৱাহাটী যুৱ পৰিষদৰ সম্পাদক ইন্দ্ৰজিৎ গোস্বামী,অগপ কৰ্মী বাবু প্ৰসাদ শৰ্মা,মুকুট কলিতাৰ লগতে যুৱ পৰিষদ আৰু মহিলা পৰিষদৰ বিষয়ববীয়া সকল উপস্থিত থাকে । আনহাতে ভাষণ প্ৰসংগত বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাই অগপ দলক বাদ দি দি দিছপুৰত কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে বুলি ব্যক্ত কৰি অসমত অগপ দল অবিহনে আঞ্চলিকতাবাদৰ কথা ভাবিবই নোৱাৰি বুলি সদৰি কৰে।

Leave A Reply

Your email address will not be published.