পৰ্যটন অৰ্থনীতিৰ ব্যাপক পৰিকল্পনাৰে সাজু মিজোৰামঃ ৩৯৫ কোটি টকাৰ আন্তঃগাঁথনি, ১৪৫ শতাংশ বিকাশ আৰু ক্ৰীড়া পৰ্যটনৰ জৰিয়তে ৰাজ্যিক জি ডি পি বৃদ্ধিত গুৰুত্ব
পৰ্যটকক দীঘলীয়া সময়ৰ বাবে আকৰ্ষণৰ লক্ষ্যৰে ‘মিজোৰাম টুৰিজিম ইভেন্ট কেলেণ্ডাৰ ২০২৬’ মুকলি মিজোৰামৰ
আইজল আন্তৰ্জাতিক হাফ মাৰাথনে ভাৰতৰ ক্ৰীড়া পৰ্যটনৰ মানচিত্ৰত শক্তিশালী ৰূপত উপস্থাপন কৰিব মিজোৰামক, অংশগ্ৰহণ কৰিব ৫০০০ দৌৰবিদে

গুৱাহাটী, ২১ জানুৱাৰী : উন্নত যাতায়ত ব্যৱস্থা, আন্তঃগাঁথনিৰ নিৰন্তৰ বিনিয়োগ আৰু আকৰ্ষণীয় অনুষ্ঠানসমূহক মূলধন হিচাপে লৈ মিজোৰামে বৰ্তমান ইয়াৰ পৰ্যটনভিত্তিক বিকাশৰ আৰ্হিটো অধিক শক্তিশালী কৰি তুলিছে। পৰ্যটন খণ্ডই ৰাজ্যখনৰ অৰ্থনীতিৰ এক অন্যতম মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰাৰ পৰিপ্ৰেক্ষিতত, মিজোৰাম চৰকাৰে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ, সাংস্কৃতিক ঐতিহ্য আৰু জনসাধাৰণৰ অংশগ্ৰহণক নিয়োজিত কৰিছে এক শক্তিশালী পৰ্যটন অৰ্থনীতি গঢ়ি তোলাৰ কামত।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত বৈৰৱী–চাইৰাং ৰেলপথ মুকলি হোৱাৰ পিছতে মিজোৰামৰ যাতায়ত ব্যৱস্থালৈ আমূল পৰিৱৰ্তন অহা পৰিলক্ষিত হয় আৰু ৰাজ্যখনলৈ পৰ্যটকৰ আগমন ব্যাপক হাৰত বৃদ্ধি পায়। ২০২৩ আৰু ২০২৪ চনৰ ভিতৰত মিজোৰামে পৰ্যটকৰ সংখ্যাৰ ক্ষেত্ৰত ১৪৫.৫৪ শতাংশৰ এক বিস্ময়কৰ অভিলেখ গঢ়ি পৰ্যটন বজাৰৰ এক শক্তিশালী সম্ভাৱনা স্পষ্ট কৰি তুলিছে। চলিত বৰ্ষৰ চূড়ান্ত পৰিসংখ্যা এতিয়াও সম্পূৰ্ণ হোৱা নাই যদিও, ইতিমধ্যে ৰাজ্যখনত পূৰ্বতকৈ বহুগুণে অধিক পৰ্যটকৰ সোঁত বোৱা পৰিলক্ষিত হৈছে। বৰ্তমান ৰেল যোগাযোগ ব্যৱস্থা কাৰ্যকৰী হোৱাৰ পৰিপ্ৰেক্ষিতত এই উৰ্ধমুখী ধাৰা ভৱিষ্যতে অধিক খৰতকীয়া হোৱাৰ সম্ভাৱনা আছে।
মিজোৰামৰ ক্ৰীড়া আৰু পৰ্যটন মন্ত্ৰী লালঘিংলোভা মাৰে কয়, “এয়া কেৱল পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ কথা নহয়, এয়া হ’ল পৰ্যটনৰ জৰিয়তে মিজোৰামৰ অৰ্থনৈতিক ভৱিষ্যতক এক নতুন মাত্ৰা প্ৰদান কৰা।”
তেওঁ লগতে কয়, “আমাৰ লক্ষ্য হৈছে মিজোৰামক এক উন্নত মানৰ অভিজ্ঞতাভিত্তিক গন্তব্যস্থান হিচাপে গঢ়ি তোলা, য’ত প্ৰকৃতি, সংস্কৃতি আৰু জনসম্প্ৰদায়ৰ এক অপূৰ্ব মিলন ঘটে। পৰ্যটন খণ্ড হ’ব গ্ৰাম্য জীৱিকাৰ মানদণ্ড বৃদ্ধি, যুৱক-যুৱতীৰ কৰ্মসংস্থাপন আৰু বিশ্বজনীন পৰিচিতিৰ মূল চালিকাশক্তি। উন্নত যাতায়ত ব্যৱস্থাই আমাৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে, এতিয়া আমি এক সুনিশ্চিত লক্ষ্যৰে সেই পথেৰে আগবাঢ়িছোঁ।”
টুৰিজিম কেলেণ্ডাৰ ২০২৬: পৰ্যটকৰ আগমনৰ পৰা অৰ্থপূৰ্ণ স্থিতিৰ লক্ষ্য
পৰ্যটকসকলক মিজোৰামত দীৰ্ঘসময়ৰ বাবে আকৰ্ষণ কৰিবলৈ মিজোৰাম পৰ্যটন বিভাগে ২০২৫ চনৰ ১৫ ডিচেম্বৰত মিজোৰাম টুৰিজিম ইভেণ্ট এণ্ড ফেষ্টিভেল কেলেণ্ডাৰ ২০২৬ মুকলি কৰে। এই কেলেণ্ডাৰত ৰাজ্যখনৰ প্ৰতিটো ঋতুৰ প্ৰধান উৎসৱ, সাংস্কৃতিক কাৰ্যসূচী আৰু ক্ৰীড়া অনুষ্ঠানসমূহৰ এক বিস্তৃত তালিকা প্ৰস্তুত কৰা হৈছে যাতে ভ্ৰমণকাৰীসকলে আগতীয়াকৈ পৰিকল্পনা কৰি কেৱল চুটি ভ্ৰমণৰ পৰিৱৰ্তে ৰাজ্যখনৰ গভীৰলৈ গৈ অভিজ্ঞতা আহৰণ কৰিব পাৰে।
চাপচাৰ কুট আৰু এনথুৰিয়াম ফেষ্টিভেলৰ পৰা মিজোৰাম ট্ৰেভেল ফেষ্ট আৰু শীতকালীন উদযাপনলৈকে, এই কেলেণ্ডাৰে বছৰজুৰি পৰ্যটনৰ গতিশীলতা নিশ্চিত কৰাৰ লগতে স্থানীয় ব্যৱসায় আৰু জনসাধাৰণৰ অংশগ্ৰহণ বৃদ্ধি কৰিব।
মিজোৰাম পৰ্যটন বিভাগৰ সঞ্চালিকা আৰ লালৰোডিঙিয়ে কয়, “আমাৰ এই অনুষ্ঠানসমূহ হৈছে পৰ্যটনক আকৰ্ষণ কৰাৰ এক কৌশলগত কেন্দ্ৰবিন্দু।”
তেওঁ লগতে উল্লেখ কৰে, “টুৰিজিম কেলেণ্ডাৰ ২০২৬ হৈছে এক বজাৰমুখী ব্যৱস্থা। আমি ভ্ৰমণৰ ধাৰাসমূহ অধ্যয়ন কৰি এনে কিছুমান অভিজ্ঞতা সাজু কৰিছোঁ যিয়ে পৰ্যটকক দীৰ্ঘদিন থাকিবলৈ, গভীৰভাৱে অন্বেষণ কৰিবলৈ আৰু থলুৱাভাৱে ব্যয় কৰিবলৈ উৎসাহিত কৰে। আমাৰ লক্ষ্য হৈছে ঋতুভিত্তিক পৰ্যটনৰ পৰা বছৰজোৰা পৰ্যটন অৰ্থনীতিলৈ উত্তৰণ ঘটোৱা।”
৩৯৫ কোটি টকাৰ আন্তঃগাঁথনিৰ বিশাল বিনিয়োগঃ পৰ্যটনৰ মেৰুদণ্ড সবল কৰাৰ লক্ষ্য
পৰ্যটন খণ্ডক লৈ থকা নিজৰ অভিলাষী লক্ষ্যক বাস্তৱায়িত কৰিবলৈ মিজোৰাম চৰকাৰে বৰ্তমান বৃহৎ ৰাজহুৱা বিনিয়োগৰ জৰিয়তে কেন্দ্ৰীয় আৰু বিদেশী সাহায্যপুষ্ট আঁচনিৰ অধীনত ৩৯৫.০৪ কোটি টকাৰ বিভিন্ন প্ৰকল্প ৰূপায়ণ কৰি আছে। স্বদেশ দৰ্শন ২.০, প্ৰসাদ, এন ই এছ আই ডি এছ আৰু এছ এ এছ চি আইৰ দৰে অগ্ৰণী কাৰ্যসূচীৰ অধীনত ইকো-ৰিৰ্জট, ৰোপৱে’, ঐতিহ্য কেন্দ্ৰ, তীৰ্থস্থান, সন্মিলন আন্তঃগাঁথনি আৰু কৃষি-পৰ্যটন সংযোগী পথৰ নিৰ্মাণ কাৰ্য এই বিশাল পুঁজিৰ জৰিয়তে সম্পন্ন কৰা হৈছে।
ইয়াৰ সমান্তৰালভাৱে, ৰাজ্যখনৰ বানা কাই বা সহায়-পৃষ্ঠপোষকতাৰ আঁচনিয়ে হোমষ্টে, পৰিবহন সেৱা, খাদ্য যোগান, ভ্ৰমণ পৰিচালনা আৰু উপহাৰ সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত পৰ্যটন উদ্যোগীসকলক সবলীকৰণ কৰি তুলিছে। এক বিশেষ পেকেজৰ অধীনত অহা দুবছৰত ১০০ টা গ্ৰাম্য হোমষ্টে বিকশিত কৰাৰ লক্ষ্য লোৱা হৈছে, যিয়ে স্থানীয় জনসম্প্ৰদায়ক মিজোৰামৰ পৰ্যটন বিকাশৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিব।
সঞ্চালিকা আৰ লালৰোডিঙিয়ে এই সন্দৰ্ভত কয়, “আন্তঃগাঁথনিৰ প্ৰকৃত সাৰ্থকতা তেতিয়াহে আহে যেতিয়া ই মানুহৰ জীৱিকাৰ পথ প্ৰশস্ত কৰে। প্ৰতিটো ৰোপৱে, ইকো-ৰিৰ্জট আৰু হোমষ্টে এনেদৰে পৰিকল্পনা কৰা হৈছে যাতে ই থলুৱা নিয়োগৰ সৃষ্টি কৰে আৰু পৰ্যটনৰ পৰা উপাৰ্জিত ৰাজহ গাঁওসমূহৰ মাজতে আৱদ্ধ থাকে।”
এ আই এইচ এম ২০২৬: মিজোৰামৰ ক্ৰীড়া পৰ্যটনৰ অগ্ৰণী ব্ৰেণ্ড
মিজোৰামৰ লক্ষ্যভিত্তিক কৌশলৰ এক অন্যতম মূল স্তম্ভ হৈছে আইজল আন্তৰ্জাতিক হাফ মাৰাথন (এ আই এইচ এম) ২০২৬, যিটো অহা ১৪ ফেব্ৰুৱাৰীত ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ২০২৫ চনত ১,৫০০ গৰাকী দৌৰবিদেৰে সফল আৰম্ভণি কৰাৰ পিছত, দ্বিতীয় সংস্কৰণত প্ৰায় ৫,০০০ গৰাকী ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক অংশগ্ৰহণকাৰীক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীয়ে ভাৰতৰ ক্ৰীড়া পৰ্যটনৰ মানচিত্ৰত আইজলৰ স্থিতি অধিক শক্তিশালী কৰি তুলিব।
ইন’ভেশ্যন ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা এ আই এইচ এম-ৰ কিউৰেটৰ কেপ্তেইন ৰাহুল বালিয়ে কয়, “এ আই এইচ এম কেৱল এখন দৌৰ প্ৰতিযোগিতা নহয়, ইয়াক এক পৰ্যটন গন্তব্যস্থান কেন্দ্ৰিক অনুষ্ঠান হিচাপে পৰিকল্পনা কৰা হৈছে।”
তেওঁ লগতে কয়, “উত্তৰ-পূব ভাৰতত এ আই এইচ এম-ক এক আদৰ্শ ক্ৰীড়া অনুষ্ঠান হিচাপে গঢ়ি তুলিবলৈ আমাৰ দলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰসাৰ কৌশল, পথৰ মানদণ্ড বৃদ্ধি, এথলীটসকলৰ সৈতে সংযোগ আৰু ডিজিটেল অভিযান অব্যাহত ৰাখিছে। এই ক্ৰীড়ানুষ্ঠানৰ প্ৰতিজন দৌৰবিদেই মিজোৰামৰ একোজন ব্ৰেণ্ড এম্বেচেডৰ হৈ পৰিব।”
১৫ লাখ টকাতকৈ অধিক পুৰস্কাৰৰ ৰাশি, এ এফ আই স্বীকৃতি আৰু উন্নত ৰেল যোগাযোগৰ সহায়ত এ আই এইচ এম-য়ে স্থানীয় হোটেল, পৰিবহন ব্যৱসায়ী, ভোজনালয় আৰু শিল্পীসকলক বিশেষভাৱে লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।
আন্তঃগাঁথনি, উদ্যোগী সবলীকৰণ, বিশেষ অনুষ্ঠান আৰু ক্ৰীড়াৰ এক সমন্বিত পৰিকল্পনাৰ জৰিয়তে মিজোৰামে নিজকে এক উচ্চ মানৰ পৰ্যটনস্থলী হিচাপে প্ৰতিষ্ঠা কৰিছে য’ত স্বকীয়তা, স্থায়িত্ব আৰু সামাজিক মালিকীস্বত্বই অগ্ৰাধিকাৰ লাভ কৰিছে।