প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত পলাশবাৰী – শুৱালকুচিৰ দলং নিৰ্মাণথলীত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মীক চি পি আৰ প্ৰশিক্ষণ
আজাৰা , ১৮ অক্টোবৰ : গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুচিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত এটা বছৰ ধৰি চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম । দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত দলং, সুৰংগ আদিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম থকা লাৰ্চেন এণ্ড টাৰ্বো নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইফালে দুয়োটা মূৰৰ পৰা চলি থকা দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে দুয়োফালে ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰায় ১,২০০ জন শ্ৰমিক দলঙৰ নিৰ্মাণ কাৰ্যৰ সৈতে দিনে – নিশাই ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। ইয়াৰে ৬০ জন শ্ৰমিক ব্ৰহ্মপুত্ৰৰ জলভাগত খুঁটা পোতা কাৰ্যকে ধৰি নিৰ্মিয়মান অৱস্থাত থকা দলঙৰ জলভাগত নিৰ্মাণ কাৰ্যত জড়িত হৈ আছে। নিৰ্মাণ কাৰ্যত জড়িত এই ৬০ জন শ্ৰমিক কাম কৰি থকা সময়ত পানীত পৰি গলে বা ভূমিকম্প, ভূমিস্খলন, বা আকস্মিক কিবা অনাকাংক্ষীত ঘটনা সংঘটিত হলে কিদৰে তৎকালে উদ্ধাৰ আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰি জীৱন ৰক্ষা কৰিব পাৰে তাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে অসমসহ উত্তৰ পূবৰ কেবাখনো ৰাজ্যৰ দুৰ্যোগত আক্ৰান্ত লোকক উদ্ধাৰ আৰু সাহায্য অভিযানৰ দায়িত্বত থকা আজাৰা পাটগাওঁস্থিত প্ৰথম ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফ বাহিনীৰ সহযোগত কেতবোৰ বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশ হিচাপে হিচাপে প্ৰথম এন ডি আৰ এফ বাহিনীৰ উদ্যোগত ১৬ আৰু ১৭ অক্টোবৰত দুদিনীয়াকৈ দিনৰ ভাগত দলং নিৰ্মাণথলীৰ জলভাগত ৬০ জন শ্ৰমিকক চি পি আৰ প্ৰশিক্ষণৰ আয়োজন কৰা হয়। প্ৰথম এন ডি আৰ এফৰ পৰিদৰ্শক ইন্দ্ৰ মোহন সিঙৰ নেতৃত্বত সুদক্ষ ডুবাৰুসহ বাহিনীটোৰ এটা দলে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ৬০ জন শ্ৰমিকক চি পি আৰৰ প্ৰশিক্ষণ প্ৰদান কৰে । প্রশিক্ষণৰ সময়চোৱাত আকস্মিকভাবে হৃদৰোগত আক্ৰান্ত হোৱা, সাপে কামোৰাৰ উপৰিও পানীত ডুবি যোৱা, ভূমিকম্প , ভূমিস্খলন আহিলে তাৎক্ষণিকভাবে কি পদ্ধতিৰে উদ্ধাৰ কৰিব লাগিব, প্ৰাথমিক চিকিৎসা প্ৰদান , পানীত কাম কৰি থকা সময়ত লবলগীয়া সুৰক্ষা ব্যবস্থা আদি সন্দৰ্ভত আখৰা আৰু প্ৰশিক্ষণ প্ৰদান কৰে । আনহাতে দলঙৰ সুৰক্ষা বিভাগৰ মূৰব্বী পংকজ কুমাৰে কয় – আমি নদীৰ মাজত খুটা পোতাকে ধৰি অন্যান্য যাৱতীয় নিৰ্মাণ কাৰ্য দিনে নিশাই চলি থকা হেতুকে কাৰো যাতে জীৱন আৰু সম্পত্তি হেৰুৱাব লগীয়া নহয় তাৰ বাবে এন ডি আৰ এফৰ সহযোগত সময়ে সময়ে এনে ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ পলাশবাৰীৰ সমীপৰ মাজিৰগাওঁ আৰু উত্তৰ পাৰৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত বৰ্ষৰ শেষৰ পৰাই চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম। দুয়োপাৰ সংযোগ কৰি দলংখনৰ নিৰ্মাণকাৰ্য সম্পুৰ্ণ হৈ উঠিলে বৰ্তমানৰ জালুকবাৰী বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱা মাজিৰগাঁও গাঁও পঞ্চায়ত এলেকাকে ধৰি কাষৰীয়া বৃহত্তৰ পলাশবাৰী অঞ্চলতো ইয়াৰ ইতিবাচক প্ৰভাৱ পৰিব । আনকি ব্যবসায় – বাণিজ্যৰ ক্ষেত্ৰখনৰ উন্নয়ন সাধন হোৱাৰ লগতে যাতায়ত ব্যৱস্থাও সুচল হৈ পৰিব। অসম চৰকাৰৰ লোকনিৰ্মাণ পথ বিভাগৰ বহিঃ সাহায্যপ্ৰাপ্ত প্ৰকল্প চমুকৈ ই এ পি আঁচনিৰ অধীনত নিৰ্মাণ হৈ থকা দলংসহ চাৰিলেনযুক্ত পথটোৰ মুঠ দৈৰ্ঘ্য হব ১২.২১ কিলোমিটাৰ আৰু বহল হব ২৮ মিটাৰ । দলঙৰ পানীৰ ওপৰত থকা অংশখিনীৰ দৈৰ্ঘ্য হব ৩.৬ কিলোমিটাৰ । নিউ ডেভলপমেণ্ট বেংকৰ প্ৰায় ৩,২০০ কৌটি টকাৰ ঋণৰে অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ই এ পি আঁচনিৰ অধীনত দলংখনৰ নিৰ্মাণ কাৰ্য চলি আছে । আনহাতে ২০২৮ চনৰ ভিতৰত দলঙৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হব বুলি ইতিপূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল । বৰ্ত্তমান দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় ৩২ শতাংশ সম্পন্ন হোৱা বুলি নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সূত্ৰই সদৰি কৰিছে।