পুলক গগৈৰ জীৱন আধৰিত তথ্য চিত্ৰ প্ৰদৰ্শন‘জ্যোতি চিত্ৰবন’ত অত্যাধুনিক ‘কলাগুৰু প্ৰেক্ষাগৃহ’ মুকলি

গুৱাহাটী, ৩০ অক্টোবৰ ঃ গুৱাহাটী মহানগৰৰ কাহিলীপাৰাত থকা ‘জ্যোতি চিত্ৰবন’ৰ চৌহদত আজি এটা অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়৷ ‘কলাগুৰু প্ৰেক্ষাগৃহ’ নামৰ ১০৬ আসন বিশিষ্ট এই অত্যাধুনিক প্ৰেক্ষাগৃহটো মুকলি কৰে ‘জ্যোতি চিত্ৰবন’ৰ অধ্যক্ষ বিদ্যাসাগৰে৷ এই অনুষ্ঠানত ‘জ্যোতি চিত্ৰবন’ৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, সচিব নয়না বড়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ প্ৰেক্ষাগৃহটো মুকলি কৰি ‘জ্যোতি চিত্ৰবন’ৰ অধ্যক্ষ বিদ্যাসাগৰে কয় যে মুখ্যমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত এটি পুৰণি পৰিত্যক্ত গৃহক নতুন ৰূপ দি অত্যাধুনিক ‘কলাগুৰু প্ৰেক্ষাগৃহ’ নিৰ্মাণ কৰা হৈছে৷ এই নতুন প্ৰেক্ষাগৃহটোৱে ৰাইজৰ এটা দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব৷ ‘জ্যোতি চিত্ৰবন’ৰ চৌহদত ১০০০ আসন বিশিষ্ট এটা অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম মুখ্যমন্ত্ৰীৰ পৰামৰ্শত চলাই থকা বুলিও তেওঁ উল্লেখ কৰে৷ ‘জ্যোতি চিত্ৰবন’ত দীৰ্ঘদিন ধৰি কাম কৰি থকা অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া কৰা, মুকলি মঞ্চ নিৰ্মাণকে ধৰি আন বহু জনহিতকৰ কাম চলি থকা বুলিও অনুষ্ঠানত অধ্যক্ষ বিদ্যাসাগৰে প্ৰকাশ কৰে৷ আজি মুকলি কৰা নতুন প্ৰেক্ষাগৃহত পুলক গগৈৰ জীৱন আধাৰিত এখন ‘তথ্যচিত্ৰ’ও প্ৰদৰ্শন কৰা হয়৷ আনহাতে, বিশেষকৈ শিল্পী কলাকুশলীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি জ্যোতি চিত্ৰবনত জুবিন গাৰ্গৰ ‘ৰৈ ৰৈ বিনালে’ ছবিখন প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হ’ব বুলি অধ্যক্ষ বিদ্যাসাগৰে জানিবলৈ দিয়ে৷ ইপিনে, আজি চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতি লোৱা বিশিষ্ট কণ্ঠশিল্পী গীতিকাৰ, সুৰকাৰ চৈয়দ ছাদুল্লাৰ বিয়োগত অধ্যক্ষ বিদ্যাসাগৰকে ধৰি ‘জ্যোতি চিত্ৰবন’ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰিছে৷