পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱৰ নতুন সমিতি গঠন

0

জালুকবাৰী , ১৩ মাৰ্চ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত বিগত বছৰ সমুহৰ দৰে এইবেলিও অহা ১৬ এপ্ৰিল ২ বহাগত এদিনীয়া কাৰ্যসূচীৰে পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ উদযাপন কৰা হব। আনহাতে সোঁৱৰী উৎসৱৰ কাৰ্যসূচী সুচাৰুভাবে উদযাপন কৰিবলৈ ১২ মাৰ্চৰ দিনা সন্ধিয়া পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয়ত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। সভাত সৰ্বসন্মতিক্ৰমে – সমাজকৰ্মী কুশল কলিতা (অমূল্য) ক সভাপতি , যুৱ সমাজকৰ্মী কিশোৰ কলিতাক কাৰ্যকৰী সভাপতি, মুকুট কলিতা আৰু প্ৰণৱ কলিতাক সাধাৰণ সম্পাদক, সাংস্কৃতিক , বাৰ গোপাল বাচক, অভ্যৰ্থনা, মঞ্চ, প্ৰচাৰকে ধৰি কেবাখনো উপ সমিতিসহ ২০২৬ বৰ্ষৰ বাবে নতুন কাৰ্যকৰী সমিতিখন গঠন কৰা হয় । ইয়াৰ উপৰিও সভাত নৱ নিৰ্বাচিত কাৰ্যকৰী সভাপতি কিশোৰ কলিতাই তেওঁৰ চাৰিমহীয়া পুত্ৰ প্ৰিয়াংশ কলিতাৰ নামত সোঁৱৰী উৎসৱ সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে ৫০ হাজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.