পল্টন বজাৰত এলিভেট বিউটি চেলুন মুকলি

0


গুৱাহাটী, ১৪ ফেব্ৰুৱাৰী ঃ গুৱাহাটীৰ পল্টন বজাৰৰ সুন্দৰবন গেষ্ট হাউছৰ চতুৰ্থ মহলাত আজি ‘এলিভেট বিউটি’ নামৰ এখন অত্যাধুনিক সা-সুবিধা যুক্ত ইউনিচেক্স চেলুন মুকলি কৰা হয়৷ ইউনিচেক্স চেলুনখন স্বত্বাধিকাৰী মল্লিকা বৰুৱা, মুখ্য অতিথি ৰাজীৱ প্ৰকাশ বৰুৱা, অভিনেত্ৰী জুপিতৰা ভূঞা আৰু দীপা শৰ্মাই বন্তি প্ৰজ্বলন কৰি মুকলি কৰে৷ পৰিচালিকা কুইন দাসে জানিবলৈ দিয়া মতে এই চেলুনখনত ফেচিয়েল, হেয়াৰ স্পা, কইনাৰ মেকআপ, ভৰিৰ তলুৱা মালিচ (Foot Reflexology) আৰু স্কিন কেয়াৰৰ সুবিধাৰ লগতে খাদ্য বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰাহকে লাভ কৰিব পাৰিব৷ এই চেলুনখনত সেৱা লাভৰ বাবে গ্ৰাহকে ৭০০২৬ ৬২৮১৭ নম্বৰত যোগাযোগ কৰিব পাৰিব৷ চেলুনখনত কেইবাগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত সৌন্দৰ্য বিশেষজ্ঞ থাকিব৷

Leave A Reply

Your email address will not be published.