পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্য্যটক-দৰ্শনাৰ্থীক

0

দক্ষিণ কামৰূপৰ পলাশবাৰীত নানা জাতি-জনগোষ্ঠীৰে অনন্য মিলনভূমি। সুকীয়া পৰিচিতি আৰু স্বাভিমানী সত্তাৰ প্ৰতিভূৰে জগত সভাত উজলি থকা পলাশবাৰীৰ প্রাকৃতিক তথা নান্দনিক পৰিৱেশেৰে চহকী অঞ্চল। প্রাকৃতিক আৰু ঐতিহাসিক সমলৰ সদ্ব্যৱহাৰেৰে পৰ্যটনৰ বহল ক্ষেত্ৰখনত পলাশবাৰী সমষ্টিৰ অনেক ঠাই উদ্ভাসিত কৰি তুলিছে। তেনে এক পলাশবাৰী, দখলাৰ স্থানত ৰাজ্য চৰকাৰ সদিচ্ছা থাকিলে পৰৱৰ্তী সময়ত পৰ্যাটনস্থলীলৈ ৰূপান্তৰিত হ’ব। এসময়ৰ কাঠনগৰী বৰ্তমান উদ্যোগ নগৰ হিচাপে পৰিচিত পলাশবাৰী চ’কৰ পৰা নিচেই কাষতে মহাবাহু ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এটি ঘাট আৰু দখলা পাহাৰৰ ব্ৰহ্মপুত্ৰৰ নদী কাষৰীয়া অঞ্চলটো পৰ্য্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ অঞ্চলটোৰ ৰাইজে আহ্বান জনাইছে। এই সন্দৰ্ভত দক্ষিণ কামৰূপ ইলেকট্ৰনিক আৰু ছপা মাধ্যমৰ উমৈহতীয়া সাংবাদিক সংগঠন চমুকৈ “ই.পি.মিডিয়া ফ’ৰাম চাউথ কামৰূপ’ৰ সভাপতি ৰতন কলিতা, কাৰ্যকৰী সভাপতি হিতেন মালী, সাধাৰণ সম্পাদকদ্বয় নিৰেন চন্দ্ৰ মালী, গিৰীন্দ্ৰ কলিতা, কোষাধ্যক্ষ হিতেশ কলিতাকে ধৰি বৃহত্তৰ পলাশবাৰী অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট লোকে জানিবলৈ দিয়া অনুসৰি পলাশবাৰীৰ পৰা ব্ৰহ্মপুত্ৰসহ দখলা পাহাৰৰ যি নান্দনিক সৌন্দৰ্য তাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি। যিকোনো লোককে পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ ঘাটসহ দখলা পাহাৰৰ নান্দনিক সৌন্দৰ্যই হাত বাউল দি মাতে। বিশেষকৈ তাত সূৰ্যাস্তৰ সময়ত অষ্টগামী সূৰুজে যি মনোৰম পৰিবেশ সৃষ্টি কৰে তাক নিজ চকুৰে নেদেখিলে বিশ্বাস কৰিব নোৱাৰি। বিশেষকৈ নিতৌ আবেলি সময়ত বহু সংখ্যক লোকে ব্ৰহ্মপুত্ৰ নদী পাৰত ফুৰিবলৈ অহা পৰিলক্ষিত হয়। আনকি নান্দনিক দৃশ্য উপভোগ কৰিবলৈ অহা-যোৱা কৰি থকাৰ সময়ত ধাৰাপুৰ-আগছীয়া- মাজিৰগাঁও-দখলা হৈ যোৱা পথচোৱা ভীষণ যানজঁটৰ সৃষ্টি হয়। ইমানে জনসাধাৰণৰ ভীৰ হয় যে–এটা সময়ত কোনো অনুষ্ঠান চলি থকা বুলি অনুভৱ হয়। লগতে খৰালী সময়ছোৱাত ডিচেম্বৰ আৰু জানুৱাৰী আৰু মাহত মহাবাহু ব্ৰহ্মপুত্ৰ দাঁতি-কাষৰীয়া অঞ্চলত তথা বালি চৰত বনভোজ খোৱাৰ লগতে আবেলি সময়ত দখলা পাহাৰ, মহাবাহু ব্ৰহ্মপুত্ৰ নদী, সূৰ্য অস্ত যোৱাৰ নানন্দনিক দৃশ্য চোৱাৰ বাবে অসংখ্য লোকৰ সমাগম ঘটে। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক সুৰক্ষা কৱচ হিচাপে পৰিগণিত হৈ অহা আৰু দক্ষিণ কামৰূপৰ পলাশবাৰী আৰু বাণিজ্যিক কেন্দ্ৰস্বৰূপ বিজয়নগৰৰ গাতে লগা দখলা পাহাৰখনে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা এক বৃহৎ অঞ্চলক ৰক্ষা কৰি আহিছে। পাহাৰত থকা ঐতিহাসিক শ্ৰীশ্ৰী বিষ্ণু মন্দিৰ, শ্ৰীশ্ৰী শিৱ মন্দিৰ, সৰস্বতী মন্দিৰ, ৰাম মন্দিৰ আদিকে ধৰি বহুকেইটা অঞ্চলটোৰ ৰাইজৰ উপাসনাস্থলী আছে। উক্ত পাহাৰত শ্ৰীশ্ৰী বিষ্ণু মন্দিৰত প্ৰতি বছৰে সাত মাঘত সাধু মেলা, মহা আয়োজনৰে শিৱৰাত্ৰীৰ লগতে তিথি পৰ্বত বিভিন্ন ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হয়। সেই অনুষ্ঠানবোৰত হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয়। আনহাতে মহানগৰীৰ শৰাইঘাট দলঙৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰৰে মাত্ৰ ২০ কিঃমিঃ নিলগৰ দখলা পাহাৰলৈ অংশ খিনিক নদী পৰ্য্যটনৰ ক্ষেত্ৰহিচাপে গঢ়ি তুলিলে গুৱাহাটীৰ বা বাহিৰৰ পৰা অহা পৰ্য্যটকে তাৰ সুবিধা লৈ নান্দনিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব। এই ২০ কিঃমিঃ অংশত ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাক্যক্ষিনী পাহাৰ, কৃষিপ্ৰধান চাপৰি মজলী বা চৰনেহালি আদিও পৰিদৰ্শন বা ভ্ৰমণ কৰিব পাৰিব পৰ্য্যটকে । অৱশ্যে এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰ্য্যটন বিভাগ বা অসম পৰ্য্যটন উন্নয়ন নিগমে (এটি ডিচি) কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লকক্ষণীয় হ’ব। উল্লেখ্য যে, পলাশবাৰীৰ ব্ৰহ্মপুত্ৰৰ নদী ঘাটতো বৰ্তমান “প্ৰণামো ব্ৰহ্মপুত্ৰ” বুলি নামাকৰণ কৰিছে। লগতে এটি জনসাধাৰণৰ মনোৰঞ্জনৰ বাবে এটি চেলফি পইণ্টত যুৱক-যুৱতী, পৰিয়াল, বহুলোকে চেলফি উঠাৰ লগতে শিশু উদ্যানত শিশুসকলে খেলি আমোদ লোৱাও পৰিলক্ষিত হৈছে। আনহাতে ব্ৰহ্মপুত্ৰৰ পলাশবাৰী হৈ ধাৰাপুৰৰ সংযোগী মাজিৰগাঁওত ৰাজ্যৰ জলসম্পদ বিভাগে ৯ কোটি ৯ লাখ ৬০ হেজাৰ টকা ব্যয়ৰে নিৰ্মাণ কৰিছিল মথাউৰিটো। কিন্তু সময়ৰ লগতে খৰালী সময়ছোৱাত ট্ৰাক, ডাম্পাৰে বালি, মাটি আদি কঢ়িয়াওৱাৰ ফলত মাথাউৰীটোৰ বিভিন্ন অংশ জৰাজীৰ্ণ হৈ ঠাই বিশেষে বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। ফলত যিকোনো মুহুৰ্তত দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে বাৰিষাৰ সময়ছোৱাত মাথাউৰীটোৰ ক্ষেত্ৰত ভাবুকি আহিব পাৰে।‌ এই ক্ষেত্ৰত দক্ষিণ কামৰূপৰ বিভিন্ন দল সংগঠন তথা অঞ্চলটোৰ সচেতন ৰাইজে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.