পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬ৰ শুভ উদ্বোধন; খাদ্য আৰু আতিথ্য খণ্ডৰ বিকাশৰ সম্ভাৱনীয়তা প্ৰদৰ্শন

0

অঞ্চলটোৰ আগশাৰীৰ খাদ্য আৰু আতিথ্য খণ্ডৰ বি-টু-বি এক্সপ’ত ৮০ খনৰো অধিক ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আৰু ৭,০০০ ব্যৱসায়িক দৰ্শকৰ অংশগ্ৰহণৰ সম্ভাৱনা

গুৱাহাটী, ২৯ জানুৱাৰী : উত্তৰ-পূৰ্বাঞ্চলৰ খাদ্য সংসাধন তথা আতিথ্য উদ্যোগৰ পৰিসৰ বৃদ্ধি আৰু আধুনিক প্ৰযুক্তিৰ এক সুসমন্বিত বাৰ্তাৰে আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ’ল এক বিশেষ উদ্যোগিক যাত্ৰা। খাদ্য, বেকাৰী আৰু আতিথ্য খণ্ডৰ বাবে অঞ্চলটোৰ অন্যতম প্ৰধান বি-টু-বি প্ৰদৰ্শনী ‘পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬’ আজি গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। চাৰিদিনীয়াকৈ আয়োজিত এই বাণিজ্য মেলাই উদ্যোগিক প্ৰযুক্তি, উদ্ভাৱন আৰু নব্য ব্যৱসায়িক সম্ভাৱনাৰ এক বিশাল দিগন্ত উন্মোচন কৰিছে।

এই উদ্বোধনী সমাৰোহত অসম বাণিজ্য প্ৰসাৰ সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই মুখ্য অতিথি হিচাপে অলংকৃত কৰে। তেওঁৰ লগতে উদ্যোগটোৰ বিভিন্ন স্তৰৰ অংশীদাৰ, প্ৰদৰ্শক, আতিথ্য খণ্ডৰ বিশেষজ্ঞ আৰু বিভিন্ন বাণিজ্য সন্থাৰ প্ৰতিনিধিসকল এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি সুনীল ডেকাই আঞ্চলিক অৰ্থনীতিৰ বুনিয়াদ সবল কৰাৰ ক্ষেত্ৰত ‘নৰ্থ-ইষ্ট ফুডটেক’ৰ দৰে মঞ্চৰ অপৰিহাৰ্যতাৰ কথা দোহাৰে। তেওঁ কয়, “উত্তৰ-পূৰ্বাঞ্চলত কৰ্মসংস্থানৰ সৃষ্টি, নতুন উদ্যমীৰ উত্থান আৰু উৎপাদনৰ গুণগত মান বৃদ্ধিত খাদ্য আৰু আতিথ্য খণ্ডৰ এক বলিষ্ঠ ভূমিকা পালন কৰাৰ অৱকাশ আছে। নৰ্থ-ইষ্ট ফুডটেকৰ দৰে প্ৰদৰ্শনীয়ে স্থানীয় উদ্যোগসমূহ আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি প্ৰদানকাৰীৰ মাজত এক সেতু হিচাপে কাম কৰিব। ই আমাৰ অঞ্চলটোক দেশৰ বৃহৎ খাদ্য উদ্যোগৰ মূল সুঁতিৰ সৈতে অধিক দৃঢ়তাৰে একত্ৰিত হোৱাত সহায় কৰিব।”

উল্লেখ্য যে, এই প্ৰদৰ্শনীত সমগ্ৰ ভাৰতৰ পৰা অহা ৮০ টাতকৈ অধিক প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে তেওঁলোকৰ সামগ্ৰী প্ৰদৰ্শন কৰিছে। ইয়াত খাদ্য সংসাধন যন্ত্ৰপাতি, বেকাৰী আৰু কনফেকচনেৰী সঁজুলি, বাণিজ্যিক পাকঘৰৰ ব্যৱস্থা, হিমঘৰ আৰু কোল্ড-চেইন আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পেকেজিং সমাধান আৰু খাদ্য সুৰক্ষা প্ৰযুক্তিৰ আধুনিক উপাদানসমূহক স্থান দিয়া হৈছে।

উপস্থিত সুধীবৃন্দক সম্বোধন কৰি হোটেল আৰু ৰেষ্টুৰেণ্ট এছ’চিয়েশ্যন অৱ আছাম (এইচ আৰ এ এ)ৰ অধ্যক্ষ সুনীল চৰাফে কয় যে এই অনুষ্ঠানে অঞ্চলটোৰ আতিথ্য আৰু খাদ্য সেৱা পৰিচালনাসকলৰ বাবে এক দিক-দৰ্শক হিচাপে কাম কৰিব। তেওঁ কয়, “অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ হোটেল তথা খাদ্য ব্যৱসায়ীসকলে বৈশ্বিক প্ৰতিযোগিতাত বৰ্তি থাকিবলৈ হ’লে আধুনিক প্ৰযুক্তি আৰু বিশেষজ্ঞৰ জ্ঞান আহৰণ কৰাটো একান্তই প্ৰয়োজনীয়। নৰ্থ-ইষ্ট ফুডটেকে ধাৰাবাহিকভাৱে বিভিন্ন কাৰিকৰী সমাধান আৰু নেটৱৰ্কিঙৰ সুযোগসমূহ আমাৰ মাজলৈ চপাই আনি এই ব্যৱধান অতিক্ৰম কৰাত সহায় কৰিছে।”

এইচ আৰ এ এ-ৰ সম্পাদক মিগম শৰ্মাই মত পোষণ কৰে যে এই প্ৰদৰ্শনীয়ে ব্যৱসায়িক আধুনিকীকৰণৰ লগতে দক্ষতা বৃদ্ধিতো সাৰপানী যোগাব। তেওঁ কয়, “কেৱল সামগ্ৰীৰ প্ৰদৰ্শনীতেই এই মেলাৰ লক্ষ্য সীমিত নহয়, ই পাৰস্পৰিক আদান-প্ৰদান আৰু সহযোগিতাৰ এক অনুকূল পৰিৱেশ ৰচনা কৰে। প্ৰদৰ্শনীৰ সমান্তৰালকৈ অনুষ্ঠিত হোৱা বিভিন্ন আলোচনা চক্ৰ আৰু কৰ্মশালাসমূহ বিশেষকৈ সেইবোৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ফলপ্ৰসূ হ’ব যিবোৰে নিজৰ ব্যৱসায়িক পদ্ধতি উন্নীত কৰাৰ মানস কৰিছে।”

নৰ্থ-ইষ্ট ফুডটেকৰ মুখ্য আহ্বায়ক জাকিৰ হুছেইনে কয় যে এই প্ৰদৰ্শনীয়ে অঞ্চলটোৰ খাদ্য আৰু আতিথ্য খণ্ডৰ উত্তৰণৰ এক পৰিপক্ক ছবি দাঙি ধৰিছে। তেওঁ উল্লেখ কৰে যে, “উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্ৰেষ্ঠ প্ৰযুক্তিৰ সৈতে সংযোগ কৰাৰ এক লক্ষ্যনিৰ্ভৰ বি-টু-বি মঞ্চ হিচাপেই নৰ্থ-ইষ্ট ফুডটেকৰ জন্ম হৈছিল। বিগত বৰ্ষসমূহৰ দৰে এইবাৰো প্ৰদৰ্শক আৰু ক্ৰেতাসকলৰ সঁহাৰিয়ে প্ৰমাণ কৰিছে যে এই অঞ্চলটো এতিয়া বৃহৎ বিনিয়োগ আৰু আধুনিকীকৰণৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত। এই প্ৰদৰ্শনী কেৱল যন্ত্ৰপাতিৰ প্ৰদৰ্শন নহয়, বৰঞ্চ ই উদ্যোগসমূহক সবল কৰা আৰু উত্তৰ-পূৰ্বাঞ্চলক খাদ্য উদ্যোগৰ এক শক্তিশালী বিকাশ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ এক সংকল্প।”

এই বৰ্ষৰ এক অন্যতম বিশেষ আকৰ্ষণ হ’ল ‘নৰ্থ-ইষ্ট বেকাৰী কনক্লেভ ২০২৬’। এই কনক্লেভত আধুনিক বেকাৰী পদ্ধতি, উদ্যোগ পৰিচালনাৰ কৌশলী দিশ, গুণগত মানদণ্ড আৰু ব্ৰেণ্ডিং আদিৰ ওপৰত বিশেষজ্ঞৰ বিশেষ অধিৱেশন অনুষ্ঠিত হ’ব। ইয়াৰ উপৰিও ইয়াত পাক-কলাৰ লাইভ ডেম’নষ্ট্ৰেচন আৰু বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে য’ত থলুৱা সোৱাদ আৰু পেচাদাৰী নিপুণতাৰ সংমিশ্ৰণ ঘটিব।

আগন্তুক চাৰিটা দিনত এই ‘পঞ্চম নৰ্থ-ইষ্ট ফুডটেক ২০২৬’-য়ে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্যসমূহৰ পৰাও প্ৰায় ৭,০০০ ব্যৱসায়িক দৰ্শকক আকৰ্ষণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত খাদ্য সংসাধন আৰু আতিথ্য খণ্ডৰ এক উল্লেখযোগ্য বাণিজ্য কেন্দ্ৰ হিচাপে গুৱাহাটীৰ গুৰুত্ব অধিক বৃদ্ধি পাব।

Leave A Reply

Your email address will not be published.