নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহি আছে ক্ৰিকেটাৰ ইউচুফ পাঠান

গুৱাহাটী ,৪ এপ্ৰিল : অসম বিধানসভাৰ আগন্তুক নিৰ্বাচনলৈ মাজতে মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা দল আৰু প্ৰাৰ্থীসকলৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত উঠা পৰিলক্ষিত হৈছে। যিহেতু ৭ এপ্ৰিলৰ দিনা বিয়লি ৫ বজাত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণি পৰিব সেয়েহে প্ৰাৰ্থীসকলে আগন্তুক দুটা দিনত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনকি নিজৰ সমৰ্থনত জনপ্ৰিয় শিল্পী, খেলুৱৈকো নিৰ্বাচনী প্ৰচাৰ অভিযানত জড়িত কৰিছে একাংশ দল আৰু প্ৰাৰ্থীয়ে। শেহতীয়াকৈ নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহি আছে ভাৰতীয় দলৰ প্ৰাক্তন তথা জনপ্ৰিয় ক্ৰিকেটাৰ ইউছুফ পাঠান ৷ জানিব পৰা মতে ইউছুফ পাঠানে অহা ৭ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সামৰণিৰ দিনা কামৰূপ জিলাৰ অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৩০ নং হাজো -শুৱালকুছি সমষ্টিত তৃণমূল কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী ৰ’জি আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷ উল্লেখ্য যে ৰ’জি আহমেদ ওৰফে ফুনু দাস হৈছে তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিক সমিতিৰ উপ সভাপতি দুলু আহমেদৰ পত্নী । সিদিনা প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে ৰ’জি আহমেদ ওৰফে ফুনু দাসৰ হৈ সমষ্টিটোত নিৰ্বাচন প্ৰচাৰ অভিযানৰ অংশ হিচাপে এক বিশাল পদযাত্ৰাত ভাগ লোৱাৰ কথা আছে। ইফালে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত সমষ্টিটোত ৰ’জি আহমেদ ওৰফে ফুনু দাসে হাজোৰ বোৱাৰী হোৱাৰ সুযোগ লৈ সৰু বৰ নিৰ্বাচনী সভা, পদযাত্ৰা কৰি ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। যাৰ বাবে ৰাজনৈতিক পৰ্য্যবেক্ষক সকলো সমষ্টিটোত এন ডি এ মিত্ৰজোটৰ অগপ দলৰ মনোনীত প্ৰাৰ্থী প্ৰকাশ দাস, বিৰোধী মিত্ৰজোটৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী তথা বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস আৰু তৃণমূল কংগ্ৰেছৰ ৰ’জি আহমেদ ওৰফে ফুনু দাসৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দিতা হব বুলি বুলি ব্যক্ত কৰিছে।