ধাৰাপুৰ চাৰিআলিৰ নৱ নিৰ্মিত কালী মন্দিৰত পূজা অৰ্চনা :: শ্বহীদ বেদী নিৰ্মাণ সন্দৰ্ভত ধাৰাপুৰ ছাত্ৰ সন্থাক আশ্বাস উদ্যোগপতি অনিল দাসৰ

0

আজাৰা :: ২৩ জুলাই :: ধাৰাপুৰ চাৰিআলি চকত বহু বছৰ পূৰ্বে স্থাপন কৰা শ্ৰী শ্ৰীকালী মন্দিৰটো ধাৰাপুৰ চাৰিআলি চকৰ পৰা বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰলৈ ঘাইপথ চোৱা সম্প্ৰসাৰণ কৰা হেতুকে বিগত প্ৰায় পাঁচদিন পূৰ্বে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই ভাঙি দিয়াৰ পিছত আজি ধাৰাপুৰ চাৰিআলিৰ সমীপত নিৰ্মাণ কাৰ্য চলি থকা নতুন কালী মন্দিৰ প্ৰাংগনত এভাগ কালী পূজা অনুষ্ঠিত কৰা হয় । কালী মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা বিশিষ্ট উদ্যোগপতি অনিল দাসৰ সহযোগত আজি অনুষ্ঠিত কালী পূজাত বৃহত্তৰ ধাৰাপুৰ অঞ্চলৰ যথেষ্ট সংখ্যক ভক্ত উপস্থিত থাকে । সভক্তি সহকাৰে পূজা অনুষ্ঠিত হোৱাৰ পিছত অনুষ্ঠিত হয় এখন চমু মুকলি সভা । শ্ৰী শ্ৰী কালী মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি গিৰীশ কাকতিৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট উদ্যোগপতি তথা ঠিকাদাৰ অনিল দাস আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ উপ-মাণ্ডলিক বিষয়া চন্দন কটকী । ধাৰাপুৰ তালুক দুৰ্গা মন্দিৰ নিৰ্মাণ কমিটিৰ সম্পাদক কৃষ্ণকান্ত দাসে আঁত ধৰা সভাত উদ্যোগপতি অনিল দাসে কালী মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সন্দৰ্ভত এক চমু বক্তব্য দাঙি ধৰে । আনহাতে কালী মন্দিৰ পৰিচালনা সমিতিৰ সম্পাদক হীৰেণ কলিতাই ভাষণ প্ৰসংগত বিশিষ্ট উদ্যোগপতি অনিল দাসে ধাৰাপুৰ চাৰিআলি চকৰ সমীপত স্থাপন কৰা নৱনিৰ্মিত কালী মন্দিৰটোৰ উন্নয়নৰ হকে ইতিমধ্যে দহ লাখ নব্বৈ হেজাৰ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱা বুলি সদৰি কৰে । সভাত কালী মন্দিৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা এখন মানপত্ৰ আৰু এখন গামোচাৰে উদ্যোগপতি অনিল দাসক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয় । উল্লেখ্য যে সভাত কালী মন্দিৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণৰাম দাস, গীৰিন্দ্ৰ কাকতি, অতুল মেধি, ড: দিলীপ কুমাৰ কলিতা, ৰামেশ্বৰ কলিতা, ভূৱন চন্দ্ৰ কলিতা, বলেন কলিতা, অৱনী ৰাজবংশী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইপিনে ধাৰাপুৰ চাৰিআলি চকত থকা শ্বহীদ বেদীটো ঘাইপথ সম্প্ৰসাৰণ কৰাৰ বাবে সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষই ভঙা সন্দৰ্ভত ধাৰাপুৰ ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলে বিশিষ্ট উদ্যোগপতি তথা ঠিকাদাৰ অনিল দাসক সাক্ষাৎ কৰি নতুনকৈ স্থাপন কৰিবলগীয়া শ্বহীদ বেদীৰ স্থান সম্পৰ্কত আলোচনা কৰাৰ লগতে আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ সৈতে বিষয়টো অতি শীঘ্ৰে আলোচনা কৰিব বুলি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলটোক বিশিষ্ট উদ্যোগপতি অনিল দাসে আশ্বাস প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.