দেউছটালত তিনিদিনীয়াকৈ কার্বি দেহাল পূজা আৰম্ভ

আজাৰা , ১৯ ফেব্ৰুৱাৰী: দীপৰ বিলৰ সমীপৱৰ্তী দেউছটালস্থিত কাৰ্বি দেহাল কাৰ্চিদম আথান চৌহদত ১৭ ফেব্ৰুৱাৰীৰ পৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত কার্বি দেহাল পূজা আৰম্ভ হৈছে। ১৭ ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া বৈঠকৰে পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। আনহাতে কালি পুৱা দেহাল পূজাৰ ধৰ্মীয় পতাকা উত্তোলন কৰে দেউছটাল কাৰ্বি দেহাল কাৰ্চিদম আথানৰ সভাপতি , বাংঠে বিজু ৰংচালে। তাৰ পাছত পূৰ্ব পুৰুষক সোঁৱৰণ কৰাৰ বাবে এক অনুষ্ঠান অনুষ্ঠিত হয় । অনুষ্ঠানত আথানৰ সম্পাদক দ্বীপেন ৰংপী , সদস্য বলেশ্বৰ ৰংপী, ৰাহুল ৰংপী, তুলুৰাম ৰংপীকে ধৰি কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন দল – সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। বিয়লি বাংঠেৰ ঘৰৰ পৰা যাৱতীয় ৰীতি নীতিৰে ঢাল , তৰোৱালসহ দেহাল পূজাত ব্যৱহৃত ঢাল, তৰোৱাল আদি আথান চৌহদলৈ অনা হয়। তাৰ পাছত নিশালৈ পূজা আৰু অন্যান্য কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে আজি সন্ধিয়া বৈঠক অনুষ্ঠিত হোৱাৰ পাছত তিনিদিনীয়া পূজাৰ কাৰ্যসূচীৰ সামৰণি পৰিব।