টপচেম চিমেণ্টৰ পঞ্চম বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী সফলভাৱে সম্পন্ন, ৬০০ৰো অধিক শিশুলৈ সহায়ৰ হাত

গুৱাহাটী, ১৩ ডিচেম্বৰ : সামাজিক আৰু শৈক্ষিক দিশৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত পুনৰবাৰ উৎকৃষ্ট নিদৰ্শন দেখুৱাই উত্তৰ-পূৰ্বাঞ্চলৰ অন্যতম আগশাৰীৰ চিমেণ্ট ব্ৰেণ্ড টপচেম চিমেণ্টে কামৰূপ (মেট্ৰ’) আৰু কামৰূপ জিলাত সফলভাৱে বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী আয়োজন কৰে। এই পদক্ষেপৰ লক্ষ্য হৈছে ~ বিভিন্ন সুবিধাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ মাজত অত্যাৱশ্যকীয় শিক্ষণ সামগ্ৰী বিতৰণ কৰা; যাতে তেওঁলোকে আত্মবিশ্বাস আৰু মৰ্যাদাৰ সৈতে নিজৰ শৈক্ষিক যাত্ৰাটো আগুৱাই নিব পাৰে।
চলিত বৰ্ষত টপচেম চিমেণ্টে ১২খন বিদ্যালয় আৰু শিশু যত্ন প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলক মুঠ ৪,৫০০খন নোটবুক, ৬,০০০টা কলম, ৬,০০০টা পেঞ্চিল, ৬,০০০টা ৰবৰ আৰু ৬,০০০টা শ্বাৰ্পনাৰ বিতৰণ কৰে। এই প্ৰতিষ্ঠানসমূহৰ ভিতৰত জালুকবাৰীৰ অসম শিশু কল্যাণ সদন, চিলড্ৰেন হোম ফ’ৰ গাৰ্লছ, জালুকবাৰী; লংকেশ্বৰৰ ছেভেন ছিষ্টাৰ্ছ হোম, বকোস্থিত অবজাৰ্ভেশ্যন হোম ফ’ৰ চিলড্ৰেন; বামুণীমৈদামৰ উৎসাহ এডুকেশ্যন/কমিউনিটি চেণ্টাৰ, কল্যাণী নিৱাস; ৰূপনগৰস্থিত চিলড্ৰেন হোম ফ’ৰ গাৰ্লছ, ৰূপনগৰস্থিত আশানীড় হোম, ছয়মাইলৰ কস্তুৰী চিলড্ৰেন কেয়াৰ হোম; জয়ানগৰস্থিত স্নেহ বন্ধন; ফটাশিলস্থিত চিলড্ৰেন হোম ফ’ৰ বয়জ; জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বিজয়নগৰস্থিত সাৰথি স্কুল ফ’ৰ চিলড্ৰেনছ অন্যতম।
২০২৫ বৰ্ষৰ এই কাৰ্যসূচীৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ সন্তানৰ লগতে বিশেষভাৱে সক্ষম শিশুসহ ৬০০ৰো অধিক শিশু উপকৃত হয়।
এই পদক্ষেপ সন্দৰ্ভত মন্তব্য আগবঢ়াই মেঘালয় চিমেণ্টছ লিমিটেডৰ ছিনিয়ৰ প্ৰেচিডেন্ট ড০ অনিল কাপুৰে কয়, “টপচেম চিমেণ্টে সমাজৰ উত্তৰণৰ ক্ষেত্ৰত অৱদান আগবঢ়াই যাবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ। এটি শিশুৰ ভৱিষ্যৎ গঢ়াত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগান ধৰি আমি তেওঁলোকৰ শৈক্ষিক যাত্ৰাত সহায় কৰি যাবলৈ বিচাৰিছোঁ; যাতে তেওঁলোকে আত্মবিশ্বাসেৰে নিজৰ সপোনৰ বাটেৰে আগুৱাই যাব পাৰে।”
উপকৃত শিক্ষা প্ৰতিষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্তৃপক্ষই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে এই সহায়ে শিক্ষাৰ মান উন্নত কৰাৰ সমান্তৰালকৈ পৰিয়ালসমূহৰ আৰ্থিক চাপো যথেষ্ট হ্ৰাস কৰিব।
২০২১ চনত আৰম্ভ কৰা বাৰ্ষিক বিদ্যালয় ষ্টেশ্যনেৰী বিতৰণ কাৰ্যসূচী এতিয়া টপচেম চিমেণ্টৰ সামাজিক কল্যাণমূলক উদ্যোগসমূহৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে। বিগত চাৰি বছৰত এই কাৰ্যসূচীৰ জৰিয়তে ৩,০০০ৰো অধিক শিশু উপকৃত হৈছে। শিক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক পোহৰৰ বাট দেখুৱাই এক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত ব্ৰেণ্ডটোৱে গ্ৰহণ কৰা প্ৰতিশ্ৰুতিক পুনৰবাৰ এই পদক্ষেপে প্ৰতিফলিত কৰিছে।
অনাগত বছৰসমূহতো এই পদক্ষেপ বিস্তৃত পৰিসৰত আয়োজন কৰিবলৈ টপচেম চিমেণ্ট প্ৰতিশ্ৰুতিবদ্ধ; যাতে ইয়াৰ দ্বাৰা সমাজত ইতিবাচক আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ পৰে।