টপচেম চিমেণ্টে ভাৰতীয় ৰেডক্ৰচ ছছাইটিৰ লগত যৌথভাবে ৰক্তদান শিবিৰৰ আয়োজন কৰে

0


গুৱাহাটী: ৮ আগষ্ট: টপচেম চিমেণ্ট উত্তৰ- পূব ভাৰতৰ এক অগ্ৰণী চিমেণ্ট ব্ৰেণ্ড, যিয়ে সমাজ আৰু সম্প্ৰদায় সমূহৰ উন্নয়নৰ প্ৰতি প্ৰতিশ্ৰুতি সৰ্বদায় অব্যাহত ৰাখি আহিছে। বিশেষভাৱে যি সময়ত চৌপাশৰ সমাজখনৰ স্বাস্থ্য তথা সুস্থতাৰ বিষয়টোত টপচেম চিমেণ্টৰ কৰ্মচাৰী সকলৰ স্বেচ্ছাসেৱাৰ উদ্যমক উৎসাহিত কৰে।
টপচেম চিমেণ্ট এ এই বিশেষ স্বেচ্ছাসেৱী সেৱামূলক কৰ্মৰাজী বিগত কেইবাটাও বৰ্ষত এক বাৰ্ষিক ৰক্তদান শিবিৰ হিচাপে আয়োজন কৰি আহিছে। এই বৰ্ষতো ৰক্তদান শিবিৰটো ভাৰতীয় ৰেডক্ৰচ ছছাইটি, অসম ৰাজ্যিক শাখাৰ সহযোগত আজিৰ দিনটোত অনুষ্ঠিত কৰা হয়।
মেঘালয় চিমেণ্টচ লিমিটেডৰ চেয়াৰমেন শ্ৰী কৈলাশ চন্দ্ৰ লোহিয়াৰ জৰিয়তে উক্ত ৰক্তদান শিবিৰটোৰ শুভাৰম্ভ কৰা হৈছিল । উক্ত উপলক্ষত উপস্থিত আছিল মেঘালয় চিমেণ্টচ লিমিটেডৰ ডাইৰেক্টৰ শ্ৰীবজৰঙ লোহিয়া তথা মেঘালয় চিমেণ্টচ লিমিটেডৰ বিক্ৰী আৰু বিপণনৰ চিনিয়ৰ প্ৰেচিডেণ্ট ড০ অনিল কাপুৰ।
ডাঃ দিপাংকৰ বৰুৱা, ইনচার্জ জি এম চি এইচ ব্লাড বেংক, ভাৰতীয় ৰেডক্ৰচ ছছাইটিৰ অসম শাখাৰ সাধাৰণ সম্পাদক শ্ৰী দেবা প্ৰসাদ শৰ্মা, ভাৰতীয় ৰেডক্ৰচ ছছাইটিৰ অসম শাখাৰ ৰাজ্যিক প্রৱন্ধক শ্ৰী লৱ কুমাৰ শৰ্মা সহিতে লোহিয়া গ্ৰুপৰ অন্যান্য ঊৰ্ধতন বিষয়ববীয়াসকল টপচেম চিমেণ্টৰ গুৱাহাটীস্থিত মেগা প্লাজা,জি.এচ.ৰোডৰ কাৰ্যালয়ত উপস্থিত আছিল।
উক্ত উপলক্ষত মতামত ব্যক্ত কৰি ড০ অনিল কাপুৰে কয় যে,”এয়া সন্মানৰ বিষয় যে ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে আমাৰ অনুৰোধ ৰক্ষা কৰি এই ৰক্তদান শিবিৰত সহযোগিতা কৰিছে আৰু অনাগত ভবিষ্যতেও আমি এনেধৰণৰ সহায়তাৰ আশা ৰাখিছোঁ।
এই স্বেচ্ছাসেৱী ৰক্তদান শিবিৰটোত টপচেম চিমেণ্টৰ কৰ্মচাৰীসকল, তেওঁলোকৰ অংশীদাৰ তথা সহযোগীসৱৰ সহিতে লোহিয়া গ্ৰুপ অব কোম্পানীৰ স্বেচ্ছাসেৱক সকলৰ লগতে সমুহ কৰ্মচাৰীবৃন্দৰ উৎসাহপূৰ্ণ উপস্থিতি পৰিলক্ষিত হ’ল, যিয়ে মানবীয় দৃষ্টিভংগীৰে প্ৰতিশ্ৰুতি পূৰণ আৰু স্বেচ্ছাই ৰক্তদানৰ প্ৰয়োজনীয়তাৰ কথা পুনৰ দোহাৰিছে। ইয়াত অংশ গ্ৰহণকাৰীসকলৰ প্ৰথমে চিকিৎসকৰ সহায়ত স্বাস্থ্য পৰীক্ষা কৰা হৈছিল আৰু যোগ্য প্ৰাৰ্থী সকলকহে ৰক্তদানৰ অনুমতি দিয়া হৈছিল। উল্লেখিত যে দিনান্তত এই ৰক্তদান শিবিৰত সংগ্রহিত একক সংখ্যা ২৫ অধিক আছিল।
এই উদ্যোগটোৱে টপচেম চিমেণ্টৰ বৃহৎ লক্ষ্য হয় আৰু তাৎপৰ্যপূৰ্ণ সামাজিক পৰিৱৰ্তনৰ অৰ্থে জৰুৰী জনস্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰে। টপচেম চিমেণ্টে সমাজৰ উন্নয়নৰ দিশত অবদান আগবঢ়াবলৈ অনাগত সময়তো পূৰ্ব সংকল্পিত হৈ থাকিব। বিগত বহু বছৰজুৰি টপচেম চিমেণ্ট কৰ্তৃপক্ষই সমাজ আৰু ৰাষ্ট্ৰক সহায় কৰিবলৈ বিভিন্ন কাৰ্যকলাপ আগবঢ়াই আহিছে।

Leave A Reply

Your email address will not be published.