জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন সম্পন্ন

0

জালুকবাৰী ,৪ এপ্ৰিল : জালুকবাৰী লেখিকা সমাৰোহ সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন যোৱা ৩ এপ্ৰিলত সভানেত্ৰী প্ৰজ্ঞা গোস্বামীৰ সভাপতিত্বত বিশ্ববিদ্যালয় অনুদান আয়োগৰ মালব্য মিছন শিক্ষণ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়। বন্তি প্ৰজ্বলনৰে সভাখনৰ শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীলাৱতী শইকীয়া বৰাই l সমিতিৰ সদস্যাসকলৰ আৰম্ভণি সংগীতেৰে শুভাৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু বিগত দুটা বছৰৰ প্ৰতিবেদন পাঠ কৰে সম্পাদিকা গীতিকা দাসে। সভাত গজল সম্ৰাট পদ্মশ্ৰী পঙ্কজ ওধাছ , ডঃ সঞ্জীৱ বৰঠাকুৰ আৰু ধৰ্মপ্ৰাণা মহিলা উৰ্ব্বশী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা জনোৱা হয় । সভাখন উদ্বোধন কৰি কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী দৰ্পনা বৰা নেওগে চমু ভাষণ প্ৰদান কৰে l ডঃ মালা চলিহা আৰু নিৰ্মালী গোস্বামীৰ সম্পাদনাত প্ৰকাশ কৰা দ্বি-বাৰ্ষিক আলোচনী “উদ্দীপনা” উন্মোচন কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা সাহিত্য অকাডেমি বঁটা প্ৰাপক অধ্যাপক দীপক শৰ্মাই । চমু ভাষণত অধ্যাপক শৰ্মাই গ্ৰন্থ প্ৰকাশ এক পবিত্ৰ কাম বুলি উল্লেখ কৰি কয় যে মানুহৰ বৌদ্ধিক চেতনাৰ নিসৃত ফল হৈছে গ্ৰন্থ । শাখাৰ প্ৰচাৰ সম্পাদিকা মণিৰূপা মিশ্ৰৰ কাব্যপুথি “অনুভৱৰ কেইটিমান পৃষ্ঠা” উন্মোচন কৰে কামৰূপ মহানগৰ জিলা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী নন্দিতা চলিহাই। চমু ভাষণত তেওঁ এগৰাকী পৰিশ্ৰমী লেখিকা হিচাপে মণিৰূপা মিশ্ৰই ইতিমধ্যে প্ৰণয়ন কৰা পুথি সমূহৰ দৰে সদ্য উন্মোচিত পুথিখনেও সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে । সভাত শাখাৰ সদস্যাসকলে গ্ৰন্থ উন্মোচনী গীত পৰিৱেশন কৰাৰ লগতে বিয়া নাম আৰু প্ৰজ্ঞা গোস্বামীয়ে ৰচনা কৰা আলেখ্য এখন পৰিবেশন কৰে । সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ বিশিষ্ট কবি, সাহিত্যিক ,সুবক্তা তথা অসম আৰক্ষীৰ উপ মহা পৰিদৰ্শক ডঃ নন্দ সিং বৰকলাই ভাষণ প্ৰসংগত লেখিকাসকলৰ জাতীয় জীৱনবোধ , অসমৰ সামাজিক সাংস্কৃতিক মূল্যবোধ আৰু সু্স্থ জাতীয়তাবাদৰ বাবে কলমক শক্তিশালী মাধ্যম হিচাপে লৈ লিখি যাবলৈ আহবান জনায় । সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী নীলিমা বৰা আৰু অধ্যাপক ডঃ সোণেশ্বৰ শৰ্মাই চমু ভাষণ প্ৰদান কৰে । শেষত ডঃ মীনা দেৱীৰ শলাগৰ শৰাই আৰু সদস্যাসকলৰ অসম সংগীতেৰে সভাৰ সামৰণি পৰে ।

Leave A Reply

Your email address will not be published.