গুৱাহাটীৰ এটি পৰিয়ালে ব্যক্ত কৰিলে জটিল কৰ্কট ৰোগৰ চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ অভিজ্ঞতা

0

গুৱাহাটী, ১২ মাৰ্চঃ যকৃতৰ কৰ্কট ৰোগে জটিল ৰূপ ধাৰণ কৰা মাতৃক যন্ত্ৰণামুক্ত চিকিৎসাৰ বাবে গুৱাহাটীৰ পিয়েৰলেচ হাস্পতালত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসালয়ভিত্তিক পেলিয়েটিভ কেয়াৰৰ এক বিশেষ অভিজ্ঞতা শেহতীয়াকৈ ব্যক্ত কৰিছে চহৰখনৰ এটা পৰিয়ালে।
৬২ বছৰীয়া ৰোগীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ সময়ত পৰিয়ালে আশা কৰিছিল যে হয়তো অতি কম দিনৰ ভিতৰতে তেওঁ সুস্থ হৈ উঠিব। কিন্তু চিকিৎসাধীন অৱস্থাতে চিকিৎসকসকলে তেওঁলোকক জনায় যে ইমিউন’থেৰাপীৰ কোনো সুফল পোৱা হোৱা নাই আৰু ৰোগবিধ যিহেতু ক্ৰমান্বয়ে অধিক জটিল হৈ পৰিছে, সেয়েহে এই পৰ্যায়ত পেলিয়েটিভ কেয়াৰেই হ’ব চিকিৎসাৰ আটাইতকৈ উপযুক্ত মাধ্যম।
ইফালে, ঘৰতে ৰোগীগৰাকীৰ যত্ন লোৱাৰ বিষয়ে আলোচনা চলে যদিও তেওঁৰ শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি নিৰন্তৰ চিকিৎসা তদাৰকীৰ এক অপৰিহাৰ্য প্ৰয়োজন আছে বুলিয়েই শেষ পৰ্যায়ত অনুভৱ কৰে পৰিয়ালে।
পৰিয়ালৰ এজন সদস্যই কয়, “আমি বিচাৰিছিলোঁ তেওঁ এনে এক পৰিৱেশত থাকক য’ত প্ৰয়োজন হ’লে তৎক্ষণাত চিকিৎসাৰ সহায় লাভ কৰিব পাৰি। তেওঁৰ যি শাৰীৰিক অৱস্থা আছিল, সেই অনুসৰি ঘৰতে পৰিচৰ্যা অব্যাহত ৰখাটো চিকিৎসাবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা সমৰ্থনযোগ্য যেন লগা নাছিল।”
গুৱাহাটীৰ পেলিয়েটিভ কেয়াৰৰ বিভিন্ন বিকল্পসমূহ তন্ন তন্নকৈ চোৱাৰ অন্তত পৰিয়ালটোৱে পিয়েৰলেচ হাস্পতালৰ সুশৃংখল পেলিয়েটিভ কেয়াৰ পেকেজটোকে বাছনি কৰে। চিকিৎসা দলটোৰ সৈতে আলোচনা কৰাৰ মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে হাস্পতাল কৰ্তৃপক্ষই ইয়াৰ যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ কৰি তোলে।
ইয়াৰ পাছতে, পৰিয়ালৰ এজন সদস্য দিনে-ৰাতিয়ে একেলগে থকাৰ সুবিধা থকাকৈ ৰোগীগৰাকীক এটা সুকীয়া কেবিনলৈ স্থানান্তৰ কৰা হয়। তাত তেওঁক নিৰন্তৰ চিকিৎসা নিৰীক্ষণত ৰখাৰ লগতে নাৰ্ছসকলে নিয়মীয়া অন্তৰালত হাতেৰে ৰক্তচাপ, উষ্ণতা আৰু অক্সিজেনৰ মাত্ৰা পৰীক্ষা কৰে। বিচনাত পৰি থকাৰ ফলত হোৱা ঘা প্ৰতিৰোধ কৰিবলৈ ‘এয়াৰ মেট্ৰেচ’ৰ দৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে নিৰ্ধাৰিত সময়ত ঔষধ প্ৰদান আৰু ৰোগীৰ আৰামৰ বাবে তেওঁৰ দেহৰ অৱস্থান নিয়মীয়াকৈ সলনি কৰা থকা হয়।
এগৰাকী ডায়েটিচিয়ানৰ তত্ত্বাৱধানত ৰোগীগৰাকীৰ প্ৰতিসাঁজ আহাৰ পৰীক্ষা কৰাৰ লগতে চিকিৎসাৰ প্ৰয়োজনীয়তা আৰু তেওঁৰ ব্যক্তিগত পছন্দৰ ওপৰত ভিত্তি কৰি খাদ্য তালিকাখন প্ৰস্তুত কৰা হয়। ৰোগীগৰাকীৰ চলাচলৰ দিশটোতো বিশেষ গুৰুত্ব দিয়া হয়; যাৰ বাবে সম্ভৱ হ’লে তেওঁক হুইলচেয়াৰেৰে বাহিৰলৈ ফুৰাবলৈ নিয়া বা কাৰোবাৰ সহায়ত অলপ খোজ কঢ়োৱাৰ দৰে ব্যৱস্থা হাতত লোৱা হয়। শাৰীৰিক শক্তি আৰু চলাচলৰ ক্ষমতা অক্ষুণ্ণ ৰখাৰ উদ্দেশ্যে তেওঁক প্ৰতিদিনে ফিজিঅ’থেৰাপীৰ সেৱাও আগবঢ়োৱা হয়।
অন্যহাতে, ৰোগীগৰাকীৰ মুখ্য চিকিৎসকে দিনটোত দুবাৰকৈ তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে প্ৰয়োজন সাপেক্ষে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শও গ্ৰহণৰ ব্যৱস্থা কৰা হয়।
হাস্পতাল কৰ্তৃপক্ষৰ নিৰন্তৰ প্ৰচেষ্টাৰ ফলত লাহে লাহে ৰোগীগৰাকীৰ স্বাস্থ্যৰ উন্নতি ঘটে। পূৰ্বতে আনৰ সহায়ত আহাৰ গ্ৰহণ কৰিবলগীয়া হোৱা ৰোগীগৰাকীয়ে পুনৰ স্বাভাৱিকভাৱে মুখৰ জৰিয়তে খাদ্য খাব পৰা হৈ উঠে। ইয়াৰ পাছতে তেওঁৰ শৰীৰৰ পৰা ফিডিং টিউব আৰু কেথেটাৰো আঁতৰাই দিয়া হয়।
পৰিয়ালৰ এজন সদস্যই কয়, “কেইবামাহ ধৰি ভোক নলগাকৈ থকাৰ পাছত পুনৰ স্বাভাৱিকভাৱে আহাৰ গ্ৰহণ কৰিব পৰা কথাটোৱে তেওঁক বহুত মানসিক তৃপ্তি দিছিল।”
পিয়েৰলেচ হাস্পতাল গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ গৌতম কুমাৰ দাসে কয়, “পেলিয়েটিভ কেয়াৰৰ মূল লক্ষ্য হৈছে নিৰাময়মূলক চিকিৎসাই যেতিয়া কাম নিদিয়া হয়, তেতিয়া ৰোগীৰ যন্ত্ৰণা লাঘৱ কৰি জীৱন ধাৰণৰ মান উন্নত কৰা।”
তেওঁ লগতে কয়, “পেলিয়েটিভ কেয়াৰক প্ৰায়ে কেৱল জীৱনৰ অন্তিম সময়ৰ শুশ্ৰূষা বুলি ভুলকৈ বুজা হয়। আচলতে ই হ’ল জটিল ৰোগৰ যন্ত্ৰণা উপশম কৰা, ৰোগীৰ মৰ্যাদা অটুট ৰখা আৰু ৰোগীৰ লগতে পৰিয়ালটোক আৱেগিকভাৱে সহায় কৰা। বহু পৰিয়ালে আপোনজনৰ যত্ন লোৱাৰ সময়ত ওচৰত থাকিব বিচাৰে আৰু একে সময়তে এক নিৰ্ভৰযোগ্য চিকিৎসা নিৰীক্ষণৰ নিশ্চয়তাও বিচাৰে। চিকিৎসালয়ৰ সুশৃংখল পেলিয়েটিভ কেয়াৰ ব্যৱস্থাই চিকিৎসা সহায় আৰু পাৰিবাৰিক সান্নিধ্য- এই দুয়োৰে মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰে।”
চিকিৎসাৰ এই জটিল সময়ছোৱাত এনে এক সুপৰিকল্পিত ব্যৱস্থাই নিৰন্তৰ চিকিৎসা তদাৰকী নিশ্চিত কৰাৰ লগতে ৰোগীগৰাকীৰ নিবিড় সান্নিধ্যত থকাত সহায় কৰা বুলি মন্তব্য কৰে পৰিয়ালটোৱে।

Leave A Reply

Your email address will not be published.