গুৱাহাটীত উপস্থিত হৈ ভাৰত – বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বুজ ললে বি এছ এফৰ গুৱাহাটী সঞ্চালক প্ৰধান প্ৰবীন কুমাৰে ; শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব

গুৱাহাটী , ১২ ডিচেম্বৰ : বাংলাদেশৰ তদনীন্তন প্ৰধানমন্ত্ৰী শেখ হাচিনা নেতৃত্বাধীন আৱামী লীগৰ চৰকাৰৰ পতন আৰু শেখ হাচিনা ভাৰতত আশ্ৰয় লোৱাৰ পাছৰে পৰা দেশ দুখনৰ মাজত সম্পৰ্কৰ অবনতি ঘটিছে। আনকি পৰৱৰ্তী সময়ত বাংলাদেশৰ অন্তৰ্ৱতীকালীন চৰকাৰৰ মূৰব্বীৰ দায়িত্ব বহন কৰা মহম্মদ ইউনুছে পাকিস্তান আৰু চীনৰ সৈতে মিত্ৰতা কৰাৰ নামত ভাৰতক প্ৰত্যাহ্বান জনোৱাৰ পাছত স্বাভাবিকতে দেশ দুখনৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছে। ইয়াৰ মাজতে আজি সীমান্ত নিৰাপত্তা বাহিনীৰ ( বি এছ এফ ) সঞ্চালক প্ৰধান প্ৰবীন কুমাৰে আজাৰা পাটগাঁওস্থিত গুৱাহাটী ফ্ৰন্টিয়াৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। তাত সঞ্চালক প্ৰধান গৰাকীয়ে গুৱাহাটী ফ্ৰন্টিয়াৰৰ অধীনৰ ভাৰত – বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত সুৰক্ষিত হৈ আছে নে নাই তাৰ পৰ্যালোচনা কৰে । কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত সঞ্চালক প্ৰধান প্ৰবীন কুমাৰে গুৱাহাটী ফ্ৰন্টিয়াৰৰ মহা পৰিদৰ্শক কুলদীপ সিঙকে ধৰি বিষয়াবৰ্গৰ সৈতে সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় । তেনেদৰে সঞ্চালক প্ৰধান গৰাকীয়ে সীমান্তত নিয়োজিত হৈ থকা বিষয়া – জোৱান সকলৰ কৰ্তব্যনিষ্ঠাৰ শলাগ লোৱাৰ লগতে সীমান্তত পহৰা ব্যৱস্থা শক্তিশালী কৰা , চোৰাং সামগ্ৰীৰ সৰবৰাহকে ধৰি অপৰাধমূলক কাৰ্য ৰোধ কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি সমূহৰ উপযুক্ত ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।