গুগল মীটৰ জৰিয়তে মুম্বাইত জুবিনলৈ শ্ৰদ্ধাঞ্জলিৰে গ্ৰন্থ উন্মোচন
আজাৰা ,১৮ অক্টোবৰ : মুম্বাই সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ উদ্যোগত অলপতে গুগুল মীটৰে জনতাৰ শিল্পী, গীতিকাৰ সুৰকাৰ, সংগীত আৰু চলচ্চিত্ৰ পৰিচালক, অভিনেতা জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। মুম্বাই স্বৰ্ণ শাখাৰ আজীৱন সদস্য ৩১ গৰাকী লেখকৰ লেখাৰে সমৄদ্ধ ‘শ্ৰদ্ধাঞ্জলি জুবিন’ নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ত্ৰাতৃ এপৰ জৰিয়তে । স্মৃতি গ্ৰন্থখন উন্মোচন কৰে সভাপতি হিৰণ ভূঞাই। গ্ৰন্থখন সম্পাদনা কৰিছে হিৰণ ভূঞাই। বেটুপাত অংকন কৰিছে ত্ৰিদীপ বৰুৱাই। গুগুল মীটৰ সকলো কাৰিকৰী দিশতো পৰিচালনা কৰিছিলে সম্পাদক দীক্ষা পাঠক খাটনিয়াৰে। গ্ৰন্থখন ত্ৰাতৃ এপত উপলব্ধ হ’ব।