গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ বিশাল ই-আৱৰ্জনা সংগ্ৰহ অভিযানৰ সফল সামৰণি

আজাৰা,১৪ ফেব্ৰুৱাৰী : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে পৰিৱেশ সংৰক্ষণৰ দিশত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি যোৱা ১১ ফেব্ৰুৱাৰীত এক বিশাল ই-আৱৰ্জনা সংগ্ৰহ অভিযানৰ আয়োজন কৰে। আৰ্থফুল ফাউণ্ডেশ্যনৰ সহযোগত চলোৱা এই অভিযানত বিশ্ববিদ্যালয় চৌহদৰ পৰা প্ৰায় ১,৪০০ বিধ ইলেক্ট্ৰনিক সামগ্ৰী সফলতাৰে উদ্ধাৰ কৰা হয়। এই পদক্ষেপে বিশ্ববিদ্যালয়খনৰ সেউজ চৌহদ গঢ়ি তোলাৰ লক্ষ্যত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্থাপন কৰিছে। ভাৰতত বৰ্তমান ইলেক্ট্ৰনিক আৱৰ্জনা এক ডাঙৰ সমস্যা হৈ পৰিছে। পেলাই দিয়া গেজেটবোৰত সীহ, পাৰা আৰু কেডমিয়ামৰ দৰে অতি বিষাক্ত দ্ৰব্য থাকে । যিবোৰ মাটিত পৰিলে মাটি আৰু পানীৰ গুৰুতৰ ক্ষতিসাধন কৰে। বিশ্ববিদ্যালয়ে এই অভিযানৰ জৰিয়তে এটা সুশৃংখল ব্যৱস্থা আগবঢ়াইছে । যাতে এনে বিপদজনক সামগ্ৰীবোৰ য’তে ত’তে পেলাই নিদি আধুনিক সুৰক্ষা মানদণ্ড অনুসৰি ব্যৱস্থাপনা কৰিব পৰা যায়। এই কাৰ্যসূচী কেৱল আৱৰ্জনা সংগ্ৰহৰ মাজতে সীমাবদ্ধ নাছিল । ই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সচেতনতা বৃদ্ধিৰ এক মাধ্যম হিচাপেও কাম কৰিছে। মুঠ ১,৩৮৯ টা সামগ্ৰী সংগ্ৰহ কৰাৰ এই সফলতা এতিয়া ৰাজ্যৰ আন শিক্ষানুষ্ঠানসমূহৰ বাবেও এটা আৰ্হি হৈ পৰিব। শৈক্ষিক প্ৰতিষ্ঠানসমূহে যে আঞ্চলিক বৰ্জ্য ব্যৱস্থাপনাত এক মুখ্য ভূমিকা পালন কৰিব পাৰে, গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ে তাকেই প্ৰমাণ কৰি দেখুৱালে। আৰ্থফুল ফাউণ্ডেশ্যনৰ সৈতে কৰা এই সহযোগিতাই অসমৰ পৰিৱেশ সুৰক্ষাৰ লক্ষ্যক অধিক শক্তিশালী কৰিছে। ২০১৮ চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাটোৱে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ সৈতে মিলি প্লাষ্টিক আৰু ই-আৱৰ্জনা আদি ব্যৱস্থাপনা কৰি আহিছে। তেওঁলোকৰ মূল লক্ষ্য হ’ল সামগ্ৰীৰ পুনঃব্যৱহাৰ আৰু সঠিক পুনৰাবৰ্তন নিশ্চিত কৰা যাতে এইবোৰ গৈ মাটি বা পানীত মিহলি নহয়।