কেম্পাছ শ্বু’জৰ নতুন ‘ইউ গ’ গাৰ্ল!’ অভিযানত সামাজিক সংজ্ঞাৰ পৰিধি ভাঙি নিজক জয়ৰ বাৰ্তা কৃতি ছেননৰ

0

গুৱাহাটী, ১৩ অক্টোবৰ ২০২৫: ভাৰতৰ শীৰ্ষস্থানীয় তথা দ্ৰুতগতিত উন্নয়নশীল ক্ৰীড়া আৰু এথলেইজাৰ ফুটৱেৰ ব্ৰেণ্ড কেম্পাছ একটিভৱেৰে আজি ৰাষ্ট্ৰীয় বঁটা বিজয়ী অভিনেত্ৰী কৃতি ছেননক লৈ ‘ইউ গ’ গাৰ্ল!’ অভিযানৰ দ্বিতীয় সংস্কৰণ মুকলি কৰে। উল্লেখ্য যে, ইয়াৰ প্ৰথম সংস্কৰণটোৱে মহিলাসকলক নিজৰ শৈলীৰে ফেশ্বনৰ জগতখন জয় কৰিবলৈ উদ্বুদ্ধ কৰিছিল। এইবাৰৰ অভিযানত পৰিধানৰ সীমা অতিক্ৰম কৰি মহিলাসকলৰ জীৱনৰ গতিশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই অভিযানে সমাজে দিয়া সংজ্ঞাৰ শৃংখল ভাঙি নিজৰ পছন্দৰ পথত অটল হৈ থকাৰ এক সাহসী বাৰ্তা বহন কৰিছে। তদুপৰি মহিলাসকলক সমাজৰ চাপৰ পৰা মুক্ত হৈ নিজৰ সত্তাৰ স্বাধীনতা আৰু আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ প্ৰেৰণা প্ৰদান কৰে এই অভিযানে।

কেম্পেইন ফিল্মখনত প্ৰতিগৰাকী মহিলাৰ হৃদয়স্পৰ্শী অনুভৱক চিত্ৰিত কৰা হৈছে- সমাজে দিয়া সংজ্ঞাৰ অদৃশ্য ভাৰৰ অনুভূতি আৰু তাৰ মাজতো নিজৰ পথত অটল থকাৰ সাহস। ছবিখনত কৃতি ছেননে এটা উজ্জ্বল লবিত প্ৰৱেশ কৰে, য’ত তেওঁক চাৰিওফালৰ পৰা চিনাকি সামাজিক লেবেল কিছুমানে আগুৰি ধৰে: অত্যাধিক উচ্চাকাংক্ষী, অত্যাধিক সাহসী, মতামতপ্ৰৱণ, ড্ৰামা কুইন ইত্যাদি ইত্যাদি। এই শব্দবোৰ ওপৰলৈ উঠি আহি তেওঁক বেঢ়ি ধৰিবলৈ চেষ্টা কৰে। কিন্তু কৃতি নিজৰ তালত অটল থাকে, যেন সেই সংজ্ঞাবোৰৰ মাজতো তেওঁ নিজৰ ছন্দতেই মগ্ন। তেওঁৰ প্ৰতিটো স্বচ্ছন্দ খোজে সংজ্ঞাৰ পৰিধি ভাঙি পেলায়। শেষত, যেতিয়া তেওঁ মুক্ত হৈ ওলায় আহে, তেওঁ হাঁহি মুখে কয়, “ডেম গুড শ্বুজ, য়াৰ!”- এই বুলি তেওঁ ফেশ্বনেবল কেম্পাছ ছুজৰ ফালে ইংগিত দিয়ে।

ছবিখনৰ শেষত এটা শক্তিশালী পংক্তিয়ে অভিযানৰ মূলসুঁতিক ধৰি ৰাখিছে: “দে উইল অলৱেইজ হেভ ছামথিং টু ছে। ইউ গ’ গাৰ্ল! মুভ ইয়ৰ ৱে’।”

কৃতি ছেননৰ নেতৃত্বত এই অভিযানৰ সম্পূৰ্ণ ছবিখন চাবলৈ ইয়াত ক্লিক কৰক: https://youtu.be/1dS11Tf9yUo

কেম্পাছ একটিভৱেৰৰ মুখ্য কাৰ্যবাহী আৰু পূৰ্ণকালীন সঞ্চালক নিখিল আগৰৱালে কয়, “‘ইউ গ’ গাৰ্ল!’ অভিযানে সেই সকলো মহিলাক উদযাপন কৰে, যিসকলে সমাজে দিয়া সংজ্ঞাৰ পৰা নিৰ্ভীক হৈ নিজৰ পছন্দৰ পথত আগবাঢ়ে। এই আত্মবিশ্বাসী চেতনাই ‘ইউ গ’ গাৰ্ল!’ক প্ৰেৰণা দিছে আৰু ই কেম্পাছৰ মূল মন্ত্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। আমাৰ ব্ৰেণ্ড দৰ্শন ‘মুভ ইয়ৰ ৱে’ই এই বিশ্বাসক প্ৰতিফলিত কৰে- প্ৰতিটো খোজ তেতিয়া অৰ্থপূৰ্ণ হৈ উঠে, যেতিয়া ই প্ৰকৃততা আৰু সাহসৰ দ্বাৰা পৰিচালিত হয়। এই অভিযানে মহিলাসকলক নিজৰ ইচ্ছানুসৰি আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। কৃতি ছেননে এই চেতনাক অতি স্বাভাৱিকভাৱে প্ৰকাশ কৰিছে; তেওঁৰ উচ্চাকাংক্ষা আৰু প্ৰকৃততাই আজিৰ মহিলাৰ শক্তি আৰু কেম্পাছৰ পথপ্ৰদৰ্শক মূল্যবোধক ধৰি ৰাখিছে।”

অভিযানৰ বিষয়ে নিজৰ মত প্ৰকাশ কৰি কৃতি ছেননে কয়, “প্ৰতিগৰাকী মহিলাক সদায় কোৱা হয় তেওঁ কেনে হ’ব লাগে- কেনে আচৰণ কৰিব, কেনে দেখা যাব, ক’লৈ যাব। ‘ইউ গ’ গাৰ্ল!’ অভিযানটোৱে মোৰ মনৰ কথাকে কৈছে, কাৰণ ই কেৱল মোৰ নিজৰ বিচাৰৰ ঊৰ্ধ্বলৈ উঠাৰ যাত্ৰাৰ কথাই নহয়, প্ৰতিদিনে এই কথাবোৰৰ সন্মুখীন হোৱা লাখ লাখ মহিলাৰ বাস্তৱতাকো প্ৰতিফলিত কৰে। এইটো অভিযান নিজৰ পছন্দৰ ওপৰত অধিকাৰ প্ৰতিষ্ঠা আৰু যিকোনো সংজ্ঞাৰ মাজেৰে আত্মবিশ্বাসেৰে আগবাঢ়ি যোৱাৰ বিষয়ে। কেম্পাছে ব্যক্তিত্ব আৰু প্ৰকৃততাৰ প্ৰতীক হৈ আছে, আৰু এই সাধাৰণ বিশ্বাসে আমাৰ এই অংশীদাৰিত্বক অনন্য কৰি তুলিছে। আমি একেলগে এটা শক্তিশালী বাৰ্তা প্ৰচাৰ কৰিছো, যি ফেশ্বনৰ সীমাৰ বাহিৰলৈ গৈ আত্মবিশ্বাসপূৰ্ণ স্বাভাৱিক প্ৰকাশ আৰু নিজৰ পথত চলাৰ সাহসৰ উদযাপন কৰে।”

Leave A Reply

Your email address will not be published.