কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত উন্নত জাতৰ হাঁহৰ মাংস বিষয়ক সজাগতা সভা

0

আজাৰা ,৮ জানুৱাৰী : অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপৰ উদ্যোগত তিনি জানুৱাৰীত গুৱাহাটীৰ কাষৰীয়া উখুৰা পানীখাইতিত হাঁহৰ মাংসৰ বাবে উন্নত জাতৰ ভিগ’বা চুপাৰ এম (Vigova Super M) বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত হয়। সভাত কাৰিকৰী আৰু আনুষংগিক লগত সংগতি ৰাখি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞ ডo ইলাসী ডেকাই ভাগ লৈ কয় যে, উক্ত জাতৰ হাঁহবোৰ ৪৫ দিনৰ ভিতৰত ৩ কেজিতকৈ ওপৰত মাংস বৃদ্ধি হয়। তাৰোপৰি এই হাঁহৰ জৰিয়তে কৃষক সকলে ব্যৱসায় ভিত্তিত অতি সোনকালে লাভাম্বিত হ’ব পাৰে। সভাত উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেডৰ প্ৰগতিশীল কৃষক অনিতা দাসে স্বাৱলম্বীতাৰ এক নিদৰ্শন দাঙি ধৰে। আনহাতে সভাত কামৰূপ জিলা সাহিত্য সভাৰ উপ সভাপতি ৰমেশ চন্দ্ৰ মেধি, সম্পাদক ৰজনী শালৈ , সাংগঠনিক সম্পাদক দশৰথ ডেকা , বিশিষ্ট সাংবাদিক নৰেশ্বৰ ৰাজবংশী আৰু উত্তৰণ কৃষি উৎপাদক কোম্পানী লিমিটেডৰ মূখ্য কাৰ্যবাহী বিষয়া অমল ভৰালী উপস্থিত আছিল । তেনেদৰে সভাত গুৱাহাটী বায়োটেক পাৰ্কৰ জেষ্ঠ বিজ্ঞানী ডo বুলা চৌধুৰী, ডo ৰাজীৱ গোস্বামী, সহযোগী গৱেষক, নৱজ্যেতি দাস উপস্থিত আছিল।

Leave A Reply

Your email address will not be published.