এয়াৰটেল আৰু পাৰ্প্লেক্সিটিয়ে সহযোগিতা কৰি ইয়াৰ ৩৬০ মিলিয়ন গ্ৰাহকৰ প্ৰতিজনক পাৰ্প্লেক্সিটি প্রো ৰ সুবিধা ৰে শক্তিশালী কৰে ১৭০০০ টকাৰ এই টুল ৰ বাৰ্ষিক চাবস্ক্ৰিপচন এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিনামূলীয়া

গুৱাহাটী, ১৯ জুলাই : ভাৰতী এয়াৰটেলে পাৰ্প্লেক্সিটিৰ সৈতে সহযোগীতা কৰি ইয়াৰ ৩৬ কোটি গ্ৰাহকক পাৰ্প্লেক্সিটি প্রোৰ ১২ মাহৰ বাবে বিনামূলীয়াকৈ চাবস্ক্ৰিপচন প্ৰদান কৰিছে। পাৰ্প্লেক্সিটি হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত এটা অনুসন্ধান আৰু উত্তৰ ইঞ্জিন যিয়ে ব্যৱহাৰকাৰীসকলক কথোপকথন ভাষাত বাস্তৱ সময়ত সঠিক, পুংখানুপুংখ সমাধান প্ৰদান কৰে। ই ৱেবচাইটৰ সংকলনৰ পৰা গ্ৰাহকৰ সন্ধানক সহজে পঢ়িব পৰা উত্তৰলৈ উন্নীত কৰে যিটো ব্যৱহাৰকাৰীয়ে বিচৰা সঠিক ফলাফল প্ৰদান কৰিবলৈ স্ব-শিক্ষণ এআই প্ৰযুক্তি ব্যৱহাৰ কৰি পুনৰাবৃত্তি কৰিব পাৰি। পাৰ্প্লেক্সিটিৰ সংস্কৰণে পেছাদাৰী আৰু উৎসুক ব্যৱহাৰকাৰীৰ বাবে অধিক বৈশিষ্ট্য প্ৰদান কৰে, আনহাতে বিনামূলীয়া সংস্কৰণত শক্তিশালী অনুসন্ধান বৈশিষ্ট্য অন্তৰ্ভুক্ত কৰা হৈছে। পাৰ্প্লেক্সিটি প্রো ত প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে অধিক দৈনিক প্রো সন্ধান, উন্নত এআই মডেলসমূহৰ অভিগম (যেনে, জিপিটি ৪.১, ক্ল’ড) আৰু নিৰ্দিষ্ট মডেল নিৰ্বাচন কৰাৰ ক্ষমতা, গভীৰ গৱেষণা, ছবি সৃষ্টি, ফাইল আপলোড আৰু বিশ্লেষণ, লগতে পাৰ্প্লেক্সিটি লেব, এটা অনন্য সঁজুলি যিয়ে ধাৰণাসমূহক জীৱন্ত কৰি অন্তৰ্ভুক্ত কৰে। পাৰ্প্লেক্সিটি প্রো ৰ মূল্য বিশ্বজুৰি এবছৰৰ বাবে *১৭০০০ টকা। এতিয়া এয়াৰটেলৰ সকলো গ্ৰাহকে (মোবাইল, ৱাই-ফাই, আৰু ডিটিএইচ) এই প্রো চাবস্ক্ৰিপচন, এবছৰৰ বাবে বিনামূলীয়াকৈ পাব যাৰ মূল্য *১৭০০০ টকা । ভাৰতৰ টেলিকম প্ৰদানকাৰীৰ সৈতে পাৰ্প্লেক্সিটিৰ এইটোৱেই প্ৰথম সহযোগিতা। এয়াৰটেল থেংছ এপ ব্যৱহাৰ কৰি যিকোনো এয়াৰটেল গ্ৰাহকে এই সুবিধা ল’ব পাৰিব। এই অংশীদাৰিত্বৰ বিষয়ে মন্তব্য কৰি ভাৰতী এয়াৰটেলৰ ভাইচ চেয়াৰমেন আৰু মেনেজিং ডাইৰেক্টৰ গোপাল ভিট্টেলে কয় – “আমি পাৰ্প্লেক্সিটিৰ সৈতে এক পৰিৱৰ্তনশীল সহযোগিতা ঘোষণা কৰি উৎফুল্লিত হৈছো, তেওঁলোকৰ অত্যাধুনিক এআই ক্ষমতাসমূহ একচেটিয়াভাৱে এয়াৰটেলৰ গ্ৰাহকৰ বাবে লৈ আহিছে।” এই সহযোগিতাৰ জৰিয়তে লাখ লাখ ব্যৱহাৰকাৰীয়ে এটা শক্তিশালী আৰু শেহতীয়া জ্ঞান টুলৰ বিনামূলীয়া সেৱা লাভ কৰিব। ভাৰতত এই ধৰণৰ প্ৰথমটো জেন-এআই সহযোগিতাৰ লক্ষ্য হৈছে আমাৰ গ্ৰাহক সকলক ডিজিটেল জগতৰ নতুন ধাৰাসমূহ আত্মবিশ্বাসেৰে আৰু সহজে অতিক্ৰম কৰিবলৈ সক্ষম কৰা। পাৰ্প্লেক্সিটিৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া অৰবিন্দ শ্ৰীনিবাসে কয় যে, “এই মিত্রতা ভাৰতৰ অধিক লোকৰ বাবে সঠিক, বিশ্বাসযোগ্য আৰু পেছাদাৰী গ্ৰেডৰ এআইক সুলভ কৰি তোলাৰ এক উদ্দীপক অভিজ্ঞতা—সেয়া ছাত্ৰই হওক, কৰ্মৰত পেছাদাৰী হওক, বা ঘৰ পৰিচালনা কৰাই হওক।” ব্যৱহাৰকাৰীসকলে অধিক শিকিব পাৰে, তথ্য অধিক দ্ৰুতভাৱে অভিগম কৰিব পাৰে, আৰু পাৰ্প্লেক্সিটি প্রো ৰ সৈতে অধিক সাধন কৰিব পাৰে। এই যুগান্তকাৰী সহযোগীতাৰ উদাহৰণস্বৰূপে ৰাজকোটৰ এজন ছাত্ৰক লওক। পাৰ্প্লেক্সিটি প্রোৱে ৱেবত বৈধ আৰু স্বীকৃতিপ্ৰাপ্ত গৱেষণা, শিক্ষণ আৰু সহযোগিতা প্ৰক্ৰিয়াসমূহ প্ৰদান কৰিব পাৰে আৰু যুক্তিসংগতভাৱে আৰু বোধগম্যভাবে সংগঠিত কৰাত সহায় কৰে, যাৰ ফলত তেওঁক উৎকৃষ্টতাৰ শৈক্ষিক মানদণ্ড ৰক্ষা কৰাত সহায় কৰে। এটা স্বজ্ঞাত আন্তঃপৃষ্ঠৰ জৰিয়তে, পাৰ্প্লেক্সিটিয়ে দৈনন্দিন কামৰ বাবে তৎক্ষণাত আৰু সঠিক উত্তৰ প্ৰদান কৰি, সৃষ্টিশীলতাক উৎসাহিত কৰি, আৰু সু-জ্ঞাত সিদ্ধান্ত গ্ৰহণত কন্যাকুমাৰীৰ এগৰাকী গৃহিণীক সহায় কৰে। এজন ব্যস্ত পেছাদাৰীৰ বাবে পাৰ্প্লেক্সিটি প্রোই সময়, নিৰ্দিষ্ট বাজেট আৰু ব্যৱহাৰকাৰীয়ে দিয়া আৱশ্যকীয় কাৰ্য্যকলাপৰ ওপৰত ভিত্তি কৰি ভ্ৰমণসূচী কেইছেকেণ্ডমানৰ ভিতৰতে নিৰ্মাণ কৰিব পাৰে। এই টুল টো ব্যৱহাৰ কৰাৰ পিছতহে ব্যৱহাৰকাৰী সকলে ইয়াৰ উৎপাদনশীলতা বৃদ্ধি আৰু মানসিক চাপ হ্ৰাসকৰিব পৰা সুবিধা সমূহ অনুভৱ কৰিব পাৰিব ।