এন ই ফ’কাচৰ বৰ্ষপুৰ্তি অনুষ্ঠান

0

ৰূপান্তৰেহে জগত ধুনীয়া কৰে। পৰিবৰ্তন আৰু ৰূপান্তৰৰ মাজত ব্যৱধান আছে। ডিজিটেল মাধ্যমৰ সমাজ পৰিবৰ্তনৰ ক্ষেত্রত যথেষ্ট কৰণীয় আছে। এন ই ফ’কাচৰ লগত সদায় এটা ইতিবাচক চিন্তা জৰিত হৈ থকা আমি দেখা পাই আহিছো। এই মন্তব্য প্ৰথিতযশা লেখক, সমালোচক ময়ুৰ বৰাৰ। আজি হাতীগাওস্থিত হোটেল ৰিভীয়াত অনুষ্ঠিত এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সমাজ পৰিবৰ্তন আৰু সমাজক সংগঠিত কৰাৰ ক্ষেত্রত ডিজিটেল মিডিয়াৰ ভূমিকা শীর্ষক আলোচনা অংশগ্রহণ কৰি কৰি তেখেতে এই মন্তব্য কৰে। আলোচনা চক্র খনত উপস্থিত থাকি অসমীয়া প্ৰতিদিন কাকতৰ স্বপ্না বেজবৰুৱাই নৱপ্ৰজন্মৰ কৰণীয় সম্পর্কে মন্তব্য কৰে।

এই বৰ্ষপূৰ্তি অনুষ্ঠানটিৰ লগত সংগতি ৰাখি এন ই ফ’কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই সাম্প্ৰতিক সময়ত ডিজিটেল মাধ্যমৰ ভূমিকাৰ সম্পর্কে আৰু বিষয়ৰ প্ৰাসংগিকতা সম্পর্কে মন্তব্য কৰে।

বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰা অনুষ্ঠানটিত প্ৰাৰ্থনা পৰিৱেশন কৰে মিনু শইকীয়া আৰু ৰূপালী শইকীয়াই। ইয়াৰ পিছতে সম্বদ্ধৰ্না অনুষ্ঠান অনুষ্ঠিত হয়। এন ই ফ’কাচ ডট কমৰ তৰফৰ পৰা মীন বিষয়া ড সঞ্জয় শৰ্মা, অৰ্জুন ছেত্ৰীক সম্বদ্ধৰ্না জ্ঞাপন কৰে। ইয়াৰ পিছত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিভিন্ন গৰাকী শিল্পীয়ে স্বদেশ প্ৰেম মূলক গীত পৰিৱেশন কৰে। উল্লেখ্য যে ২০১৬ চনৰ ১৫লআগষ্টত এন ই ফ’কাচ ডট কমে জন্ম লাভ কৰিছিল। আৰু কেৱল ইতিবাচক খবৰ আৰু চিন্তা চৰ্চাৰে এন ই ফ’কাচে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বিভিন্ন সামাজিক সজাগতামূলক পদক্ষেপৰ লগত জৰিত হৈ আছে।

Leave A Reply

Your email address will not be published.