এক্ট’পিক প্ৰেগনেন্সীৰ বাবে সংকটজনক অৱস্থাত থকা এগৰাকী ২৫ বৰ্ষীয় মহিলাৰ প্ৰাণৰক্ষা পিয়াৰলেছ হাস্পতালৰ

0

গুৱাহাটী, ১৬ জুলাই : পূব ভাৰতৰ অন্যতম আগশাৰীৰ মাল্টি স্পেচিয়েলিটি টাৰ্চিয়েৰী কেয়াৰ হাস্পতাল পিয়াৰলেছ হাস্পতালে শেহতীয়াকৈ এগৰাকী ২৫ বছৰীয়া মহিলাৰ জীৱন ৰক্ষা কৰি এক নজিৰ গঢ়ি তুলিছে। এক্ট’পিক গৰ্ভাৱস্থাৰ বাবে সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা মহিলাগৰাকীৰ হিম’গ্লবিনৰ মাত্ৰা হ্ৰাস পাইছিল বিপজ্জনক ২.৫ গ্ৰামলৈ। পূৰ্বে আন এখন হাস্পতালত চিকিৎসাধীন হৈ থকা মহিলাগৰাকীৰ অৱস্থা নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ পিছতে তেওঁক কলকাতাৰ পিয়েৰলেছ হাস্পতাললৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ আগবঢ়াইছিল সেই হাস্পতালখনৰ চিকিৎসকে। ইয়াৰ পিছতে পিয়েৰলেছ হাস্পতালৰ স্ত্ৰীৰোগ আৰু প্ৰসূতি চিকিৎসা বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ সৌমিত্ৰ কুমাৰ আৰু তেওঁৰ দক্ষ জৰুৰীকালীন আৰু ক্ৰিটিকেল কেয়াৰ দলটোৱে দ্ৰুত সিদ্ধান্ত গ্ৰহণ কৰি এই জীৱন ৰক্ষাকাৰী অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰে।
মহিলাগৰাকীক পিয়াৰলেছ হাস্পতালৰ জৰুৰীকালীন বিভাগলৈ অনাৰ সময়ত তেওঁ তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত অসুবিধাত ভুগিছিল আৰু তেজৰ প্ৰচুৰ অভাৱৰ বাবে হাইপ’ভ’লেমিক শ্বকৰ লক্ষণ দেখা দিছিল। তেওঁৰ শাৰীৰিক অৱস্থা আছিল অত্যন্ত সংকটজনক। হৃদস্পন্দন প্ৰতি মিনিটত ১৫০ স্পন্দনৰ ওপৰত, শ্বাস-প্ৰশ্বাসৰ হাৰ ৩৫ৰ ওপৰত, আৰু ৰক্তচাপ ১০০/৬০ আছিল, যিটো ইণ্ট্ৰাভেনিয়াছ ফ্লুইডছেৰে সাময়িকভাৱেহে স্থিৰ কৰিব পৰা গৈছিল। তেওঁ সম্পূৰ্ণ শেঁতা আৰু অস্থিৰ হৈ পৰিছিল, গোটেই শৰীৰত দেখা গৈছিল এনাচাৰকা (অস্বাভাৱিক ফুলা)। ইয়াৰ উপৰিও শৰীৰত মেটাবলিক এচিড’ছিছৰ লক্ষণ দেখা গৈছিল, যাৰ পৰা তেওঁৰ শাৰীৰিক অৱস্থা কিমান সংকটজনক সেয়া স্পষ্ট হৈ পৰিছিল।
হাস্পতালত ভৰ্তি কৰাৰ লগে লগে চিকিৎসা দলে মহিলাগৰাকীক মইষ্ট অক্সিজেনেৰে ইনহেলেচনৰ দ্বাৰা ক্ষীপ্ৰতাৰে স্থিৰ অৱস্থালৈ আনি জীৱন ৰক্ষাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। ৰোগ নিৰ্ণয়ৰ সৱিশেষ নিৰীক্ষণৰ অন্তত চিকিৎসকৰ দলে এই কথা জানিব পাৰে যে মহিলাগৰাকীয়ে ঘৰতে গৰ্ভাৱস্থাৰ পৰীক্ষাত পজিটিভ পোৱাৰ পিছত চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজেই টেবলেট খাই গৰ্ভপাতৰ চেষ্টা কৰিছিল। ইয়াৰ তিনিদিন পিছত তেওঁৰ ৰক্তক্ষৰণ বন্ধ হয় যদিও তেওঁৰ শৰীৰ ক্ৰমান্বয়ে দুৰ্বল হৈ পৰাত অৱস্থাৰ অৱনতি ঘটে। যাৰ ফলত তেওঁক হাস্পতালত ভৰ্তি কৰাবলগীয়া হয়।
পিয়াৰলেছ হাস্পতালৰ জৰুৰীকালীন আল্ট্ৰাছ’ন’গ্ৰাফীত ধৰা পৰে যে মহিলাগৰাকীৰ ৰাপছাৰড এক্ট’পিক প্ৰেগনেন্সি লগতে হিমোপেৰিট’নিয়াম- পেৰিট’নেল কেভিটিৰ ভিতৰত বৃহৎ পৰিমাণৰ ৰক্তক্ষৰণ ধৰা পৰে। পৰিস্থিতি ভয়াৱহ হোৱাৰ বাবে লগে লগে তেওঁক অস্ত্ৰোপচাৰৰ বাবে অপাৰেচন থিয়েটাৰলৈ লৈ যোৱা হয়।
ডাঃ সৌমিত্ৰ কুমাৰৰ নেতৃত্বত জেনেৰেল এনাস্থেচিয়াত আৰম্ভ কৰা হয় এক জটিল অস্ত্ৰোপচাৰ। পেটত প্ৰৱেশ কৰিবলৈ এটা ফেনেনষ্টিয়েল কাট কৰা হয় আৰু প্ৰায় এক লিটাৰ জমা হোৱা তেজ বাহিৰ হয়। তাৰ পিছত ৰাপছাৰড ৰাইট কৰ্ণুৱেল এক্ট’পিক প্ৰেগনেন্সি ধৰা পৰে। ৰক্তক্ষৰণ বন্ধ কৰাৰ বাবে ৰাইট ছালপিঞ্জেকটমীৰ (সোঁফালৰ ফেল’পিয়ান টিউব আঁতৰোৱা) সহায়ত তেজ জমা হোৱা কৰ্পাছ লুটিয়েল চিষ্ট আঁতৰাই আৰু মেটিকুলাছ পেৰিটনিয়েল টয়লেটিং কৰা হয়। এই জটিল সফলতাৰে সম্পূৰ্ণ হোৱাৰ পিছত ৰক্তক্ষৰণ সম্পূৰ্ণৰূপে বন্ধ হয়।
ইফালে, মহিলাগৰাকীৰ হিম’গ্লবিনৰ মাত্ৰা অত্যন্ত কম হোৱাৰ বাবে লগে লগে তেওঁক ইনটেনচিভ থেৰাপী ইউনিট (আই টি ইউ)লৈ স্থানান্তৰ কৰা হয়। তাত তেওঁক মুঠ পাঁচ ইউনিট পেকড ৰেড ব্লাড চেলছ (পি আৰ বি চি), চাৰি ইউনিট ফ্ৰেছ ফ্ৰ’জেন প্লাজমা (এফ এফ পি), আৰু চাৰি ইউনিট প্লেটলেট (আৰ ডি পি) দিয়া হয়। ইয়াৰ পিছদিনা তেওঁক ভেন্টিলেচনৰ পৰা বাহিৰলৈ উলিয়াই আনি ৱাৰ্ডত ভৰ্তি কৰোৱা হয়, য’ত ধীৰে ধীৰে সুস্থ হৈ উঠে মহিলাগৰাকী। উল্লেখ্য যে, হাস্পতালৰ পৰা ৰিলিজ পোৱাৰ সময়ত তেওঁৰ হিম’গ্লবিনৰ পৰিমাণ ১০.৪ গ্ৰাম/ডেচিলিটাৰলৈ বৃদ্ধি পায় আৰু তেওঁ আছিল সম্পূৰ্ণ সুস্থিৰ আৰু সচেতন অৱস্থাত।
এই চিকিৎসা সেৱা সন্দৰ্ভত মন্তব্য কৰি ডাঃ কুমাৰে কয়, “এইটো আছিল শেহতীয়া সময়ত আমি সন্মুখীন হোৱা এক অন্যতম জটিল আৰু সংকটজনক অস্ত্ৰোপচাৰ। দ্ৰুত নিদান, অস্ত্ৰোপচাৰ আৰু আই চি ইউৰ দলৰ প্ৰস্তুতিৰ লগতে ৰোগীৰ মানসিক শক্তিয়ে এটা জীৱন মৃত্যুৰ দুৱাৰদলিত পৰাই ঘূৰাই অনাত সহায় কৰিলে।”
চিকিৎসকৰ পৰামৰ্শ অবিহনে কাউণ্টাৰৰ পৰা বিক্ৰী হোৱা ঔষধ ব্যৱহাৰ কৰাটো কিমান বিপজ্জনক হ’ব পাৰে তাৰ আন এক জ্বলন্ত প্ৰমাণ এই ঘটনা। ডাঃ কুমাৰে লগতে কয়, “নিজে কৰা চিকিৎসা, বিশেষকৈ গৰ্ভপাতৰ বাবে ব্যৱহাৰ কৰা ঔষধ কেতিয়াবা মাৰাত্মক হ’ব পাৰে। এনে ঔষধ ৰোগীৰ সম্পূৰ্ণ স্বাস্থ্য ইতিহাসৰ বিষয়ে অৱগত প্ৰশিক্ষিত চিকিৎসকৰ তত্বাৱধানতহে গ্ৰহণ কৰাটো নিৰাপদ। চৰ্টকাট ল’বলৈ গৈ কেতিয়া কিমান মাৰাত্মক পৰিণামৰ সন্মুখীন হ’বলগীয়া হ’ব লাগে, সেয়া আগতীয়াকৈ কেতিয়াও জনা নাযায়।”
উল্লেখ্য যে, পিয়াৰলেছ হাস্পতালে চিকিৎসাৰ উৎকৃষ্টতা, আধুনিক প্ৰযুক্তিভিত্তিক সেৱা, আৰু মানৱীয় যত্নৰ প্ৰতি নিজৰ দায়বদ্ধতা সদায় দৃঢ়ভাৱে প্ৰদৰ্শন কৰি আহিছে। এই সফল অস্ত্ৰোপচাৰৰ জৰিয়তে চিকিৎসালয়খনে পূবভাৰতত নিজৰ নিৰ্ভৰযোগ্যতা পুনৰবাৰ প্ৰমাণ কৰিছে।

Leave A Reply

Your email address will not be published.