এইচ ডি এফ চি বেঙ্কে জেষ্ঠ্য জনসমুদায়ৰ হকে বিনিয়োগৰ জৰিয়তে সমৰ্থন কৰিছে বিয়াগোম প্লেটফৰ্ম-ৱাকএবাউট

0

গুৱাহাটী, ১৩ অক্টোবৰ, ২০২৫: এইচ ডি এফ চি বেঙ্কে, ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বেংক, আজি ঘোষণা কৰে যে সক্ৰিয় জেষ্ঠ্য সমুদায়ৰ বাবে কাৰ্য্যকৰী আৰু সুদক্ষ কমিউনিটি প্লেটফৰ্ম ৱাকএবাউট পূঁজি বিনিয়োগ প্ৰদান কৰিব। এই বিনিয়োগে ৱাকএবাউটক এই সমুদায়ক সমৃদ্ধ কৰিবলৈ সক্ষম হ’ব আৰু সক্ৰিয় জেষ্ঠ্য সমুদায়ৰ হকে তেওঁলোকৰ সুঅভিজ্ঞতাসমূহ বৃহৎ মঞ্চত উপবিষ্ট কৰিবলৈ সক্ষম হ’ব।
সংগঠিত অনুষ্ঠান আয়োজিত অনুষ্ঠান ৱাকএবাউট,পূৰ্বতে গেটচেটাআপ ইণ্ডিয়া প্ৰাইভেট লিমিটেড নামে পৰিচিত আছিল আৰু মুম্বাই, নতুন দিল্লী,বাঙ্গালুৰু আৰু চেন্নাইত আয়োজিত অনুষ্ঠান সুকলমে পৰিচালনা কৰে। সক্ৰিয় জেষ্ঠ্য সমুদায়ৰে সৈতে সম্পৰ্কিত হৈ সামাজিকিকৰণ , নতুন বিষয় অধ্যয়ন শিকাৰ আগ্ৰহ আৰু নিজৰ শ্ৰেষ্ঠ জীৱন উদযাপিত কৰিবলৈ জেষ্ঠ্য সমুদায়ৰ অৰ্থে এটা ” তৃতীয় স্থান” নিৰ্মাণৰ পোষকতা কৰে। এই অনুষ্ঠানটোৱে ৫৫ বছৰ বয়স অতিক্ৰম কৰা লোকসকলক মানসিক, শাৰীৰিক আৰু সামাজিকভাৱে সক্ষমতাৰে নিয়োজিত হৈ থাকিবলৈ সক্ৰিয় কৰে।
এইচ ডি এফ চি বেঙ্কৰ কোষাগাৰ গোটৰ মুৰব্বী অৰূপ ৰক্ষিতে কয় যে, “দেশৰ এটা অগ্ৰণী প্ৰতিষ্ঠান হিচাপে আমি নতুন উদ্যম তথা সমাজত গুৰুত্বপূৰ্ণ সৃজনীমূলক প্ৰভাৱ আৰু উদ্ভাৱনী সমাধানসূত্ৰৰ সমৰ্থন কৰে বুলি বিশ্বাস কৰো। ৱাকএবাউটে জেষ্ঠ্যজনৰ বাবে প্ৰস্তুত কৰা কাৰ্য্যক্ৰমণিকাই বৰ্ধিত বয়সৰ লোকসকলৰ বাবে সময়খিনি কেৱল উপভোগ্য কৰি তোলাই নহয় বৰং উচিত বুদ্ধিমত্ততাৰে উৎসাহ – উদ্দীপনাপূৰ্ণতাৰে ভৰাই তোলে। আমাৰ বিনিয়োগৰ সহযোগত এই উদ্যোগটোত অৱদান আগবঢ়াই আমি স্বাচ্ছন্দ্য অনুভৱ কৰিছো।”
২০৫০ চনৰ ভিতৰত ভাৰতবৰ্ষত ৫০ বছৰৰ ওপৰৰ জনসংখ্যা ৩০০ নিযুতৰো অধিক হোৱাৰ সম্ভাৱনা আছে। ৱাকএবাউটে এই জনসংখ্যাগত পৰিবৰ্তনক সমাধান কৰি বিশেষ স্থান আৰু কাৰ্য্যসূচী নিৰ্মাণ কৰি যি সামাজিক সংযোগ, শাৰীৰিক সুস্থতা আৰু আজীৱন শৈক্ষিক বিকাশ সাধন কৰে।
ৱাকএবাউটৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া দেৱাল ডেলিভালাই কয়, “এইচডিএফচি বেংকৰ বিনিয়োগে আমাৰ এই বিশ্বাসক বৈধতা প্ৰদান কৰে যে সক্ৰিয় বয়স বৃদ্ধি কেৱল জীৱন-যাপনৰ ধৰণ জীৱনশৈলীৰ পছন্দ নহয়, ই এক অৰ্থনৈতিক আৰু সামাজিক প্ৰয়োজনীয়তা, আৱশ্যকতা। তেওঁলোকৰ সহায়ত আমি ভাৰতৰ সক্ৰিয় জেষ্ঠ্য সমুদায়ক ভালদৰে সেৱা আগবঢ়াবলৈ আমাৰ প্লেটফৰ্ম আৰু অভিজ্ঞতা উন্নত কৰিব পাৰো। আমি সক্ৰিয় জেষ্ঠ্য সমুদায়সকলৰ বাবে এক বিস্তৃত তৃতীয় স্থান গঢ়ি তোলাৰ লগে লগে এই সম্পৰ্কই আমাৰ ডিজিটেল আৰু ব্যক্তিগত অভিজ্ঞতা দুয়োটাকে বৃদ্ধি কৰাত আমাক সহায় কৰিব।আজি যদি আমি মানুহক অনুসন্ধিৎসু, সংযুক্ত, আৰু সুস্থ হৈ থাকিবলৈ উৎসাহিত কৰো, তেন্তে আমি নিজৰ ঘৰ আৰু সমাজত থাকি বৃদ্ধ বয়সত মৰ্যাদা আৰু স্বাধীনতাৰে জীয়াই থাকিবলৈ সুযোগ দিওঁ”
এইচ ডি এফ চি বেঙ্কৰ এই বিশেষ বিনিয়োগ ভেঞ্চাৰ কেপিটেল প্ৰগ্ৰেমৰ অধীনত কৰা হৈছে, এইটো এটা একচেটিয়া সুযোগ য’ত ষ্টাৰ্ট -আপৰ সমৃদ্ধিক তড়িৎগতিত অগ্ৰসৰ হ’বলৈ সুসজ্জিত কৰা হৈছে। অতি সম্প্ৰতি বেংকে কোৱান্টাম চাইবাৰ চিকিউৰিটি ষ্টাৰ্ট -আপ কিউনু লেবচ আৰু (QNu Labs)ভাৰত জি পি টি (GPT )ৰ নিৰ্মাতা ক’ৰভাৰ (CoRover )ত বিনিয়োগ কৰিছিল।

Leave A Reply

Your email address will not be published.