ইউৰেকা ফৰ্বছৰ সৈতে ‘চকাচক ক্লিন হোম’ শক্তি উদযাপন শ্ৰদ্ধা কাপুৰৰ

গুৱাহাটী, ২৬ আগষ্ট: ঘৰুৱা স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ এক বিশ্বাসযোগ্য নাম ইউৰেকা ফৰ্বছে মোহময়ী অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ সৈতে মিলি ফৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰক কেন্দ্ৰ কৰি আৰম্ভ কৰিছে এক শক্তিশালী নতুন অভিযান। উল্লেখ্য যে, এই অত্যাধুনিক ভেকুৱাম ক্লিনাৰসমূহে ন্যূনতম কষ্টৰে ৯৯.৯% মলি আঁতৰাই পেলোৱাৰ লগতে ৱেট মপিঙৰ সুবিধা প্ৰদান কৰে।
এই অভিযানত শ্ৰদ্ধা কাপুৰে সহজ, সজীৱ আৰু আধুনিকতাৰে মূৰ্ত কৰি তুলিছে ‘চকাচক ক্লিন’ জীৱনশৈলীৰ ধাৰণাটোক। ফৰ্বছ স্মাৰ্টক্লিনে ঘৰটো যেনেকৈ জিলিকাই ৰাখে, ঠিক তেনেকৈয়ে তেওঁ সৌন্দৰ্য্য আৰু সৰলতাৰে দেখুৱাইছে যে কেনেকৈ এতিয়া মাত্ৰ ফোনৰ এটা টেপৰ দ্বাৰা নিজৰ ঘৰখন নিখুঁতভাৱে পৰিষ্কাৰ কৰি ৰখাটো সম্ভৱ হৈ পৰিছে। শক্তিশালী চাকশ্যনৰ সৈতে সহজতে যাব নোখোজা মলি আঁতৰোৱা, ঘৰৰ দুৰ্গম চুকবোৰ পৰিষ্কাৰ কৰা, চোফাৰ তল পৰিষ্কাৰ কৰা কিম্বা পোহনীয়া জন্তুৰ য’তে ত’তে পৰি থকা নোমবোৰ আঁতৰোৱা, আৰু আনকি ৱেট মপিঙ কৰা- এই ডিভাইচটোৱে ঘৰটোক সঁচাকৈয়ে চকাচক কৰি ৰখাৰ মাপকাঠীটো পুনৰ সংজ্ঞায়িত কৰিছে।
এই সহযোগিতাৰ বিষয়ে উল্লেখ কৰাৰ সময়ত ইউৰেকা ফৰ্বছৰ চীফ গ্ৰ’থ অফিচাৰ অনুৰাগ কুমাৰে কয়, “ভাৰতীয় ঘৰত চাফাই কৰাটো প্ৰায়ে এক কঠিন কাম হিচাপে দেখা যায়। কিন্তু শ্ৰদ্ধা কাপুৰ আৰু ফৰ্বছ স্মাৰ্টক্লিনৰ সৈতে আমি ইয়াক সহজ, অপৰিহাৰ্য আৰু শক্তিশালী হিচাপে উপস্থাপন কৰিছো। ফৰ্বছ স্মাৰ্টক্লিন ৰবটিক ভেকুৱাম ক্লিনাৰ কেৱল বিলাসীতা নহয়, ই সুস্থ জীৱনৰ বাবে অপৰিহাৰ্য। এইটো এটা শক্তিশালী যন্ত্ৰ যিয়ে প্ৰতিটো ঘৰতে উচ্চমানৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা- চকাচক ক্লিনৰ নিশ্চয়তা প্ৰদান কৰে।’’
ইউৰেকা ফৰ্বছৰ সৈতে তেওঁৰ সম্পৰ্কৰ বিষয়ে অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে কয়, ”ফৰ্বছ স্মাৰ্টক্লিন ৰবটিক্সৰ দৰে উদ্ভাৱনী প্ৰযুক্তি আৰু সহজ সুবিধাৰ সংমিশ্ৰণেৰে ইউৰেকা ফৰ্বছে ঘৰ পৰিষ্কাৰৰ ভৱিষ্যতক পুনৰ সংজ্ঞায়িত কৰিছে। মই গৌৰৱান্বিত যে পৰিষ্কাৰ জীৱনক নিজৰ অভিযান আৰু লক্ষ্য হিচাপে আঁকোৱালি লোৱা এটা ব্ৰেণ্ডৰ সৈতে জড়িত হৈছো। মই আশা কৰিছো যে আমি একেলগে আৰু বহু লোকক এই জীৱনশৈলীক আঁকোৱালি ল’বলৈ অনুপ্ৰাণিত কৰিব পাৰিম।”
এটা দশকৰো অধিক কাল উদ্ভাৱন আৰু আস্থাৰে ইউৰেকা ফৰ্বছে ভাৰতীয় ঘৰত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ মানদণ্ড বিকশিত কৰিছে। এই অভিযানৰ জৰিয়তে ব্ৰেণ্ডটোৱে চকাচক ক্লিনৰ সংজ্ঞাক পুনৰ সংজ্ঞায়িত কৰাৰ সমান্তৰালভাৱে এটা পৰিষ্কাৰ, সুস্থ আৰু নিৰাপদ ঘৰত জীৱন উদযাপন কৰিবলৈ পৰিয়ালসমূহক আহ্বান জনাইছে।
টিভিচি ভিডিঅ’ লিংক: – https://www.youtube.com/watch?v=v2B7FtcmJRY