আজাৰা বৈদ্যুতিক উপ সংমণ্ডল বিষয়াক ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসৰ স্মাৰক পত্ৰ প্ৰদান

0

গুৱাহাটী, ২০ জানুৱাৰী : ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ৮ নং ৱাৰ্ডৰ জঙ্গৰাবৰী চুবুৰীৰ ব্ৰহ্মপুত্ৰৰ কাষেৰে শ্লুইজগেটলৈ অহা মূল পথৰ মাজভাগত থকা বিদ্যুৎৰ খুটা, ট্ৰান্সফৰ্মাৰ সংলগ্ন খুটা,১১০০০ ভল্টৰ তাৰসমুহ উচ্চতাত ৰখা, ট্ৰাঞ্চফৰ্মাৰৰ গাৰ্ড লগোৱা আদিকে কৰি বিদ্যুৎৰ বিভিন্ন সমস্যাক লৈ আজাৰা বৈদ্যুতিক উপ সংমণ্ডল বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে। বিদ্যুৎৰ খুটাসমূহ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত ৰাস্তা নিৰ্মাণ কৰা লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ সুধীৰ জৈনে ৰাইজক আশ্বাস প্ৰদান কৰিছিল খুটা সমূহ স্থানান্তৰ কৰা হব বুলি। কিন্তু বহুবাৰ ঠিকাদাৰক কোৱাৰ পিছতো তেওঁ কৰিম কৰিম বুলি কৈ ৰাস্তাৰ ওপৰতে খুটা সমূহ ৰাখি ৰাস্তাৰ ব্লক বহুৱাই কাম সম্পূৰ্ণ কৰি গুচি যায়। লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলক কোৱাৰ পিছতো তেওঁলোকে বিদ্যুৎ বিভাগে কৰিব বুলি ৰাইজক দায়সৰা মন্তব্য আগবঢ়ায়। সেই উদ্দেশ্য আগত ৰাখিয়েই আজি ৮ নং ৱাৰ্ডৰ সদস্যা তথা ৪ নং ধাৰাপুৰ গাঁও পঞ্চায়তৰ উপ সভানেত্ৰী মৌচুমী দাসৰ নেতৃত্বত যোৱা এটি সজাতি দলে বৌদুতিক উপ সংমণ্ডল বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে। আজাৰা বৈদ্যুতিক উপ সংমণ্ডল বিষয়া গৰাকীয়ে গোটেইখিনি সমস্যা পৰ্যায় ক্ৰমে সমাধান কৰাৰ ব্যৱস্থা কৰা হব বুলি সজাতি দলটোক আশ্বাস প্ৰদান কৰে। আজিৰ এই সজাতি দলটোত মৌচুমী দাসৰ সৈতে উপস্থিত থাকে অসম যুৱ পৰিষদ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি তথা যুৱ সমাজকৰ্মী প্ৰণৱ দাস, সঞ্জীৱ দাস, পৰাগ দাস উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.