অসম সন্তান, বুলেট প্ৰুফ চেফটি জেকেটৰ উদ্ভাবক প্ৰণৱ কুমাৰ গোস্বামীক নতুন দিল্লীত জীৱন জোৰা সাধনা বঁটা প্ৰদান

0

গুৱাহাটী , ১২ ডিচেম্বৰ : ‘হেলথ ছেফটি এণ্ড এনভাইৰমেন্ট ( এইচ এছ ই ) ইণ্ডিয়া চামিট এণ্ড এৱাৰ্ডছ – ২০২৫’ শীৰ্ষক অনুষ্ঠানটো অলপতে নতুন দিল্লীৰ ৰেডিছন ব্লু হোটেলত অনুষ্ঠিত হয় । অনুষ্ঠানত বিভিন্ন কৰ্মক্ষেত্ৰৰ সুৰক্ষা আৰু স্বাস্থ্য বিশেষজ্ঞ, নীতি-নির্ধাৰক আৰু এইচ এছ ইৰ অভিজ্ঞ ব্যক্তিসকলসহ ৫০০ৰো অধিক লোক উপস্থিত থাকে। চামিটত মুঠ ৩০ টা বঁটা প্ৰদান কৰা হয়। তাৰ ভিতৰত আটাইতকৈ গৌৰৱজনক সন্মান হিচাপে পৰিগণিত হৈ অহা জীৱন জোৰা সাধনা বঁটা (Lifetime Achievement Award ) প্ৰদান কৰা হয় অসম সন্তান তথা দিল্লীৰ ৰলিং মিল ৱাকাৰ্ছৰ বাবে বিকশিত কৰা বুলেট প্ৰুফ ছেফটি জেকেটৰ উদ্ভাবক, ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ,দিল্লী চৰকাৰৰ শ্ৰম বিভাগৰ উপ সঞ্চালক প্ৰণৱ কুমাৰ গোস্বামীক । দীৰ্ঘদিন ধৰি প্ৰণৱ কুমাৰ গোস্বামীয়ে দুর্ঘটনা প্ৰতিৰোধ, কৰ্মস্থল সুৰক্ষা আৰু Occupational Safety ৰ উন্নয়ন ক্ষেত্ৰত অনবদ্য অৱদান আগবঢ়াই আহিছে। এই অবদানৰ স্বীকৃতি হিচাপে প্ৰণৱ কুমাৰ গোস্বামীক এই সন্মানীয় বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰণৱ কুমাৰ গোস্বামীৰ এই উদ্ভাৱনী সুৰক্ষা সামগ্ৰীয়ে বহু শ্ৰমিক আৰু কৰ্মীৰ প্ৰাণ ৰক্ষা কৰিছে । কৰ্মীৰ সুৰক্ষাৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে।উল্লেখ্য যে গুৱাহাটীৰ কটন কলেজত অধ্যয়ন কৰা প্ৰণৱ কুমাৰ গোস্বামীয়ে বুটলাৰ টেকনিকেল ইউনিভাৰ্ছিটিবি টেক, চি চি এছ ইউনিভাৰ্ছিটিৰ আইনৰ স্নাতক, ইটালীৰ টুৰিনৰ পৰা উদ্যোগিক সুৰক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী নতুন দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীধাৰী প্ৰণৱ কুমাৰ গোস্বামীয়ে পূৰ্বতে ভাৰত চৰকাৰৰ কেন্দ্ৰীয় শ্ৰম প্ৰতিষ্ঠান , গুজৰাটত আনন্দস্থিত ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদ আদিতো বিভিন্ন উচ্চ পদত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰণৱ কুমাৰ গোস্বামী কামৰূপ জিলাৰ বস্ৰ নগৰী শুৱালকুছিৰ সমীপৰ শ্ৰীহাটী গাঁওৰ প্ৰয়াত দেবেন্দ্ৰ নাথ গোস্বামী আৰু উষা লতা গোস্বামীৰ পুত্ৰ।

Leave A Reply

Your email address will not be published.