অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২”ৰ এককালীন নিষ্পত্তি প্ৰক্ৰিয়াক লৈ তৎপৰ পৰিবহণ বিভাগ
গুৱাহাটীঃ ১৮, অক্টোবৰঃ প্ৰাকৃতিক পৰিৱেশ তথা জীৱ-জগতৰ প্ৰতি প্ৰচণ্ড ভাবুকিস্বৰূপ হৈ পৰিছে জীৱনৰ অন্ত পৰা অৰ্থাৎ চলাচলৰ অনুপযোগী মাৰাত্মক প্ৰদূষণ সৃষ্টিকাৰী বাহনসমূহ ৷ ইফালে ব্যৱহাৰৰ অনুপযোগী হৈ ৰাষ্টা-ঘাট আনকি বহু চৰকাৰী কাৰ্যালয় চৌহদত বিশৃংখলিতভাৱে পৰিত্যক্ত বাহন আৰু বাহনৰ যন্ত্ৰাংশই সুৰক্ষিত যাতায়াততো ব্যাঘাত জন্মাইছে। সেয়েহে ব্যৱহাৰৰ অনুপযোগী হৈ য’তে ত’তে সিচৰতি হৈ থকা বাহনসমূহ স্ক্ৰেপ কৰাৰ বাবে অনতিপলমে জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। অসম যানবাহন স্ক্ৰেপিং নীতি ২০২২ৰ এককালীন নিষ্পত্তি প্ৰক্ৰিয়াক লৈ তৎপৰ হৈছে পৰিবহণ বিভাগ ৷ অসম চৰকাৰৰ পৰিবহণ বিভাগে ১৫বছৰ অতিক্ৰম কৰা পুৰণি চৰকাৰী বাহনসমূহ অনতিপলমে স্ক্ৰেপ কৰাৰ বাবে বিভাগসমূহক আহ্বান জনোৱাৰ কথা উল্লেখ কৰে পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে ৷ বিভাগসমূহক ইতিমধ্যে চলাচলৰ সক্ষমতা হেৰুওৱা বাহনসমূহ চিনাক্ত কৰি তালিকা যুগুত কৰিবলৈকো বিভাগৰ পৰা নিৰ্দেশ দিয়াৰ কথা তেওঁ উল্লেখ কৰে। একেদৰে গৰাকীৰ ঘৰৰ চৌহদ, পদূলিমুখ, পথৰ কাষত আৰু বাহন মেৰামতি প্ৰতিষ্ঠানত পৰিত্যক্ত হৈ থকা বাহনসমূহ স্ক্ৰেপ কৰিবলৈকো তেওঁ আহ্বান জনায় ৷ এই সন্দৰ্ভত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা ইতিমধ্যে বাহনৰ গৰাকীৰ লগত প্ৰত্যক্ষভাৱে যোগাযোগ কৰাৰ কথাও তেওঁ উল্লেখ কৰে। তদুপৰি যিসমূহ পুৰণি ব্যক্তিগত বাহন এতিয়া পথত চলি আছে অথচ প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰকে ধৰি অনান্য নথিপত্ৰসমূহ সঠিক কৰি ৰখা নাই তেনে বাহনৰ গৰাকীক যাৱতীয় কৰকাটল আদায় দি বাহনৰ সকলো নথিপত্ৰ নৱীকৰণ কৰি ল’বলৈ তেওঁ আহ্বান জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ অসমক এখন প্ৰদূষণমুক্ত অৰ্থাৎ সেউজ অসম গঢ়াৰ সপোন বাস্তৱায়িত কৰাৰ বাবে আনকি স্ক্ৰেপ কৰা বাহনৰ ক্ষেত্ৰত অনাদায় হৈ থকা যানবাহন কৰৰ ৭৫% শতাংশলৈকে ৰেহাই দি মাত্ৰ ২৫% কৰ পৰিশোধ কৰিয়ে ঘৰৰ চৌহদ অথবা ৰাষ্টাই-ঘাটে পৰি থকা বাহন সহজে স্ক্ৰেপ কৰি বাহনৰ পঞ্জীয়ন বাতিলৰ কাৰণে বিভাগে বাহনৰ গৰাকীলৈ বৃহৎ পৰিমাণৰ আৰ্থিক সকাহ দিয়াৰ কথাও পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে উল্লেখ কৰে। তদুপৰি পুৰণি বাহন স্ক্ৰেপিঙৰ পিছত বাহনৰ পঞ্জীয়ন বাতিলৰ প্ৰমানপত্ৰৰ জড়িয়তে তেওঁ নতুন বাহন ক্ৰয় কৰিলে ব্যক্তিগত বাহনৰ ক্ষেত্ৰত আগন্তুক ১৫ বছৰলৈ ২৫শতাংশ কৰ ৰেহাই আৰু বাণিজ্যিক বাহনৰ ক্ষেত্ৰত আগন্তুক ৮বছৰলৈ ১৫ শতাংশ কৰ ৰেহাই লাভ কৰাৰ কথাও উল্লেখ। এইক্ষেত্ৰত প্ৰদূষণ সৃষ্টিকাৰী বাহন পথ আৰু পৰিৱেশৰ পৰা সম্পূৰ্নৰূপে নাইকিয়া কৰি দায়িত্বশীল নাগৰিকৰ পৰিচয় দিবলৈ তেওঁ বাহনৰ গৰাকী আৰু চৰকাৰী বিভাগসমূহৰ প্ৰতি আহ্বান জনায়।