অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন”

0

গুৱাহাটী : মালিগাঁওৰ অভিজ্ঞানম এ যোৱা কালি ৪ মে ২০২৫ তাৰিখে ৰবিবাৰে সন্ধিয়া ৬.৩০ বজাত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰ্জাতিক প্ৰেক্ষাগৃহত প্ৰদৰ্শন কৰে অভিজ্ঞানমৰ নতুন নাটক “এ ষ্টুপিড কমন মেন”। পুৰ্বতে ৰনহাং চৌধুৰীৰ পৰিচালনাত দশৰ্কে— কম্ফোৰ্ত ওমেন এন আনটোল্ট হিষ্টী, তৃতীয়, মাজুলী, গান্ধী Vs গডছে আদি নাটককেইখন উপভোগ কৰিছে আৰু এই নাটকেইখনে দৰ্শকৰ মনত যেনেদৰে চিন্তাৰ খোৰাক জগাবলৈ সক্ষম হৈছিল ঠিক তেনেদৰে “এ ষ্টুপিড কমন মেন” নাটকখনেও এক বিশেষ স্তৰত দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে। নাটকখনৰ মূল বিষয়বস্তু হৈছে এজন সাধাৰণ মানুহে যেতিয়া কিছু অসাধাৰণ প্ৰশ্নৰ উথ্থাপন কৰে তেতিয়া তেওঁ কি উত্তৰ পায়। এজন সাধাৰণ মানুহৰ জীৱন বৃত্ত বৰ্তমান পৰিৱেশ পৰিস্থিতিগতভাৱে সামাজিকভাৱে আৰু ৰাজনৈতিকভাৱে কেনেদৰে পৰিচালিত হৈ আছে হ এই সকলোবিলাক এখন লুদুৰ সাপ জাখলা খেলৰ জৰিয়তে ধেমালিৰ মাজেৰে পৰিৱেশন কৰাত নাট্যকাৰ পৰিচালক ৰনহাৎ চৌধুৰী সফল হৈছে। নাটকখনৰ বিভিন্ন চৰিত্ৰৰ অভিনয় কৰা শিল্পীৰসমূহ হল ৰাজু ৰয়, কুলদীপ তালুকদাৰ, অজন্তা হাজৰিকা, ৰিপম ভৰদ্বাজ, বিনোদ দাস, ধ্ৰুৱজ্যৌতি ডেকা আৰু নিৰ্জুৰাজ দাস। “এ ষ্টুপিড কমন মেন” ত সংগীত সজাইছে সোনমনি দাস এ সহায় কৰিছে প্ৰৱাল গোস্বামী, পোহৰ ডিম্পল কুমাৰ দাস , মঞ্চসজ্জা দুলাল বড়ো, নিৰ্জুৰাজ দাস আৰু ধ্ৰুৱজ্যৌতি ডেকা, প্ৰোপাতি মেকিং লালু ৰাহাং, সাজ-সজ্জা বৰষা দেৱী আৰু প্ৰঞ্জা তালুকদাৰ, ৰূপসজ্জা কুমাৰ কিশোৰ দাস আৰু প্ৰযোজনা নিয়ন্ত্ৰণ কুলদীপ তালুকদাৰ।

Leave A Reply

Your email address will not be published.