গুৱাহাটীত ৰাজ্যৰ দুচকীয়া বাহন চালনাৰ প্রথমখন সুৰক্ষা মূলক শিক্ষা কেন্দ্ৰ মুকলি

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন মন্ত্ৰণালয়ৰ নিৰ্দেশনা অনুসৰি দেশৰ আন ৰাজ্যৰ লগতে অসমতো পৰিবহন বিভাগৰ উদ্যোগত ১৮ জানুৱাৰীৰ পৰা “পথ সুৰক্ষা – জীৱন ৰক্ষা” বাণীৰে মাহজোৰা কাৰ্যসূচীৰে চলি আছে ” ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ “। মূলত পথ দুর্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে অনুষ্ঠিত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি অসম চৰকাৰৰ পৰিবহন বিভাগৰ উদ্যোগত আৰু দেশৰ অগ্ৰণী দুচকীয়া বাহন নিৰ্মাণকাৰী প্ৰতিষ্ঠান “হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ গুৱাহাটীস্থিত আঞ্চলিক কাৰ্যালয়ৰ সহযোগত বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয় চৌহদত স্থাপন কৰা হৈছে ৰাজ্যৰ প্ৰথমখন সুৰক্ষা মূলক শিক্ষা কেন্দ্ৰ (এছ.ডি.ই.চি)। বিশেষকৈ যিসকল ন-শিকাৰু চালকে দুচকীয়া বাহন চালনাৰ অনুজ্ঞা পত্ৰৰ বাবে আবেদন কৰিব তেওঁলোকক এছ.ডি.ই.চিত প্ৰশিক্ষণ প্ৰদান কৰা হব। আনহাতে আজি দিনৰ ভাগত এছ.ডি.ই.চি মুকলি কৰে অসম চৰকাৰৰ পৰিবহন মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে। এই উপলক্ষে ৰাজ্যৰ পৰিবহন আয়ুক্ত আদিল খানৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে চালক সকলে সাৱধানতাৰে বাহন চলালে পথ দুর্ঘটনাৰ সংখ্যক হ্ৰাস পাব বুলি ব্যক্ত কৰে আৰু দুর্ঘটনাৰ সংখ্যা হ্ৰাসৰ বাবে ‘পঞ্চসূত্ৰ’ নীতি মানি চলিবলৈ আহ্বান জনায়। মন্ত্ৰী পাটোৱাৰীয়ে কয় আমি যিকোনো মূল্যৰ বিনিময়ত দুর্ঘটনাৰ সংখ্যা কম কৰাৰ বাবে হাতে কামে নামি পৰিব লাগিব। কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া (ডি.টি .অ) কাৰ্যালয় চৌহদত আহি ইয়াৰ পৰিবেশ দেখি আজি মই অভিভূত হৈ পৰিছো। ডি.টি.অ’ কাৰ্যালয়টোক দেশৰ ভিতৰতে এটা মডেল ডি.টি.অ’ কাৰ্যালয় হিচাপে গঢ়ি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মন্ত্ৰী পাটোৱাৰীয়ে এছ.ডি.ই. চি যাতে সুকলমে পৰিচালিত হয় তাৰ বাবে দায়িত্ববাঁহী সকলোকে আহ্বায়ক জনায়।সভাত ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ড, উপ সচিব অংকুৰ ভৰালী, জ্যেষ্ঠ অতিৰিক্ত পৰিবহন আয়ুক্ত ৰাতুল পাঠক, উপ পৰিবহন আয়ুক্ত ৰুবুল তালুকদাৰকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া, হোণ্ডা কোম্পানীৰ কেবাজনো কাৰ্যবাহী উপস্থিত থাকে। আনহাতে গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ কেবাখনো শিক্ষানুষ্ঠানৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰী, পথ সুৰক্ষাৰ লগত জড়িত বিভিন্ন সংস্থাৰ প্রতিনিধি আৰু বাহন নিৰ্মাতা আৰু বিক্রেতা প্ৰতিষ্ঠানৰ প্ৰতিনিধিয়ে ভাগ লোৱা সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জিলা পৰিবহন বিষয়া গৌতম দাসে।

Be the first to comment

Leave a Reply

Your email address will not be published.


*