
ৰিলায়েন্স কেপিটেল আৰু নিপ্পন জীৱন বীমা, জাপানৰ এক যৌথ উদ্যোগ ৰিলায়েন্স নিপ্পন জীৱন বীমা কোম্পানী লিমিটেডে ২০২১ বিত্তীয় বৰ্ষত অংশগ্ৰহণকাৰী পলিচিধাৰকসকলৰ (policyholders)বাবে বোনাচৰূপে ৩০৬.৮৮ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছে। ২০২১ৰ ৩১ মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষটোত কোম্পানীটোৱে কৰ হিচাপে লাভ কৰিছিল ৫০ কোটি টকাৰ লাভাংশ। এক শক্তিশালী বিত্তীয় প্ৰদৰ্শনৰ বাবে এই বোনাচটো ঘোষণা কৰিছে । প্ৰেছ বিজ্ঞপ্তিযোগে কোম্পানীটোৱে এই কথা প্ৰকাশ কৰে ।
এই উপলক্ষে ৰিলায়েন্স নিপ্পন লাইফৰ মুখ্য কাৰ্যবাহী বিষয়া(চি ই অ’) আশীষ ভোহৰা (Ashish Vohra)ই কয়, “সামঞ্জস্যপূৰ্ণভাৱে বছৰি বৃদ্ধি হৈ থকাকলৈ আমি নিজৰ ওপৰত গৌৰৱ অনুভৱ কৰোঁ। যি হৈছে গ্ৰাহকে আমাৰ ওপৰত দেখুৱা বিশ্বাসৰ এক স্পষ্ট নিদৰ্শন। মহামাৰীৰ ফলত বাঢ়ি অহা অনিশ্চয়তাৰ মাজত, আমি দৃঢ়ভাৱে গ্ৰাহকসকলক সহায় কৰিবলৈ তেওঁলোকৰ কাষ চাপো আৰু তেওঁলোকৰ এক আৰ্থিকভাৱে সুৰক্ষিত ভৱিষ্যত গঢ়ি তোলাৰ ক্ষেত্ৰত দৃঢ় সমৰ্থনৰ আশ্বাস দিওঁ। জীৱন বীমা কোম্পানী হিচাপে সামাজিক অভিযান পালন কৰো।বিভিন্ন অংশগ্ৰহণকাৰী পলিচিৰ বাবে ঘোষণা কৰা বোনাচৰ হাৰ হৈছে গ্ৰাহকসকলক এক উৎকৃষ্ট মূল্য প্ৰদান কৰাৰ বাবে আমাৰ নিৰন্তৰ প্ৰচেষ্টাৰ সাক্ষ্য।”
Leave a Reply